সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ চাৰিওফালৰ খেতি, গছ-গছনি, চৰাই-জন্তু-মানুহে একেলগে কথা পাতি গমগমাই থকাৰ দৰে কল্পনাত সি আবদ্ধ হ’ল। ‘ককা, ইমান পাপী কিয় হ'লোঁনো আমি? ’ “ঈশ্বৰৰ ইচ্ছা। তেওঁ ভুল দেখিছে। পাপৰ ফলত আমি চাপৰ হ'লোঁ।' ডাঙৰিত তমালৰ বান্ধ টানি টানি তেওঁ কৈ থাকিল, ‘আগতে অসাধাৰণ কাম কৰিছিল মানুহে। সত্য যুগত মানুহবোৰ ওঠৰ হাত ওখ আছিল, দ্বাপৰ যুগত চৈধ্য হাত হ'ল, ত্ৰেতা যুগত বাৰ হাত, কলিত পাপৰ ফলত একে কোবেই পাঁচ হাত হৈ পৰিল।' মানৱৰ ক্ৰমপতনক গভীৰ জ্ঞানেৰে উপলব্ধি কৰা যেন ভাবত তেওঁ আপ্লুত হৈ নিজে নিজে ঢেক ঢককৈ হাঁহিবলৈ ধৰিলে। অলিন্দই অলপ সময় মনে মনে ভাবিলে। ‘ককা, সত্য যুগত ওঠৰ হাত মানে এতিয়াৰ হাতবোৰৰ জোখত ওঠৰ নে তেতিয়াৰ হাতবোৰৰ জোখত? ' আতাকে প্ৰশ্নবোধক চাৱনিৰে তালৈ ঘুৰি চালে। সি ক'লে, ‘সত্য যুগত মানুহবোৰ ওখ যদি হয়, হাতবোৰো ওখ আছিল। তেতিয়াৰ হাতবোৰৰ জোখত ওঠৰ হাত হ’লে এতিয়াতকৈ বহুত ওখ হ'ব। সত্য যুগৰ কথা তেতিয়াৰ মানুহবোৰে লিখি থৈ যোৱা বাবেহে আমি জানিলোঁ, গতিকে তেওঁলোকে নিজৰ হাতেৰে জুখিব লাগিব। ' ‘হে’হ! এইল’ৰা-পোৱালিটোৱে পলকটোতে কিনো কথা ভাবি পায় জানো? ” ধমক দিয়া হেন মাতেৰে ধেমালিকৈ কৈ তেওঁ আকৌ ঢেকঢেকাই হাঁহিবলৈ ধৰিলে। এনে সময়কণত তেওঁ মনত অতি আনন্দ পায়। ভবা-চিন্তা কৰা মানুহক তেওঁ বৰ ভাল পায়, মনত সন্মান জাগে, অৱশ্যে বিশ্বাসবোৰ ভাগিবলৈ নিদিয়া পৰ্যন্তহে। তেওঁ অতদিনে ভাবি শেষ কৰা কথাটোৰ ভিতৰতে আন এটা নভবা বিষয়ো সোমাই থকা দেখিবলৈ পাই পুলকিত হৈ উঠিল। এই কণমানিটোৱে সদায় নিজে নিজে ভাবি কিছুমান কথা উলিয়াই থকা দেখি, তাৰ সুন্দৰ ভৱিষ্যৎ এটাৰ প্ৰতি তেওঁৰ মনত আশা জাগ্ৰত হয়। আকৌ ডাঙৰিত হাত দি তেওঁ ভাবি থাকিল— এতিয়াৰ হাতত ওঠৰ নে তেতিয়াৰ হাতত ওঠৰ? অলিন্দই ভাবিলে— তেতিয়াৰ হাতত ওঠৰ হ'লে এতিয়াৰ হাতত মানুহবোৰ কিমান ওখ আছিল? অলিন্দই মুখতে গণনা কৰিলে, “... এক দুইকৈ মানুহে ওঠৰ পাইছিল, অকল সত্য যুগৰ হাতেৰে জুখি আছিল, তাত কলি যুগৰ হাতৰ কোনো সংযোগ নাই।...' সি চিঞৰি ক’লে— “অঁ ককা, ওলাই গ'ল!' আতাকে তালৈ ঘূৰি চালে। ‘ককা ওলাল! যদিহে সত্য যুগৰ হাতেৰে ওঠৰ হাত, তেন্তে উত্তৰটো যি টি হ'ব পাৰে। এতিয়াৰ হাতৰ জোখত সত্য যুগত বিছ হাত, এশ হাত বা তিনি হাতো হ'ব পাৰে। মানে এতিয়াতকৈ চাপৰো হ'ব পাৰে।' আতাকে অংকটো বুজো বুজো যেন লগাৰ পাছতো লগালগ বুজিব নোৱাৰি মাথোঁ তাৰ মুখলৈ চাই থাকিল।