সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কুলাংগাৰ

আহিছিল— কিজানি দুয়োগৰাকীৰ গাতেই লম্ভিল। শান্ত হোৱাৰ পাছত বৰগৰাকীয়ে নিজেও অনুভৱ কৰিছিল, কিন্তু কাজিয়া লগা সময়ত খঙৰ ভমকত সদায় পাহৰি যোৱা হ’ল। সেয়েহে বৰগৰাকীয়ে সৰিয়হ এমুঠি টোপোলা কৰি তুলিৰ তলত ৰাখিবলৈ ল’লে, যাতে সৰুগৰাকীৰ পৰা দেও-ভূত তেওঁৰ গালৈ বাগৰি নাহে। লাহে লাহে আনবোৰে বুজিলে, ‘এইখন কাজিয়া জীৱনত কোনোকালে শেষ নহ’ব। গৰুও মৰিল পোকো সৰিল দৰেহে যৱনিকা পৰিব। সতিনীৰ কাজিয়া এদিন নহয় এদিন লাগেই।’ ডাঙৰবোৰে উপেক্ষা কৰিবলৈ ধৰিলে।

 দুয়োখন ঘৰত কেইবাবাৰো চোৰ সোমাইছিল, নহ’লে এতিয়াও মধ্যবিত্তীয় ধনীৰ শাৰীতে থাকিলহেঁতেন। আয়েকৰ ঘটনাটোৰ কেইসপ্তাহমান পাছত চোৰে মণিকূটত সোমাই গুণমালাখনো লৈ গৈছিল। দুয়োটা ঘটনাৰ কি সংযোগ আছে ভাবি ভাবি কোনেও অন্ত কৰিব নোৱাৰিছিল, ‘মণিকূটত ভূত কেনেকৈ সোমাব? গুণমালাখন ভূতেতো নিব নোৱাৰে। কোনে নিছে? চোৰে গুণমালাখন নি কি কৰিব? এইটো কেনেকুৱা কথা?’ এদিন ভকত-গাঁৱৰ নামঘৰৰ সকাম এটাত পাঠকৰ ঠগাত সেইখন গুণমালাকে বৰজনে দেখা পালে, কোনো পাতনি নেমেলাকৈ তেওঁ কৈ পেলালে, ‘হেৰা, তুমি ঈশ্বৰৰ পাঠেক নহয়, তুমি অসুৰ জন্ম দিয়া পাঠেকহে। ঠগাত গুণমালা থৈ দেখুৱালেও তুমি আচল পাঠেক হ’ব নোৱাৰা।’ লগে লগে চোৰ পাঠকে কান্দি কান্দি তেওঁৰ চৰণত দীঘল দি পৰিল, নিজ মুখে সকলো সৈ কাঢ়িলে, ‘প্ৰভু-ঈশ্বৰ, গোসাঁইৰ মহিমা নাইকিয়া হ’বলৈকে আনিছিলোঁ, কিন্তু প্ৰভু আপোনাৰ গাৰ ভিতৰতে মহিমা আছে, একে কোবেই মোক ধৰা পেলাই দিলে! আজিয়েই মনৰ আকাংক্ষা গুচিল প্ৰভু, আজিয়েই প্ৰমাণটো পাই গ’লোঁ— জন্মতেই ঘুণীয়া হৈ আহিছোঁ, গুণমালা হাতত ৰাখিলেও আমি উচ্চ আসন ল’ব নোৱাৰিম প্ৰভু। ক্ষমা কৰি দিয়ক প্ৰভু-ঈশ্বৰ।’ পাঠকে পুনৰ চুৰ নকৰাৰ সইত-শপত খালে, অৱশ্যে মনে মনে কেৱল নামঘৰৰ বস্তু চুৰ নকৰাটোহে সংকল্প ল’লে, পাছত বিয়া এখনত আঙুঠি দুটা জেপত ভৰাওঁতেই ধৰা পৰিছিল। গুণমালাখন তেনেকৈ উদ্ধাৰ হোৱাত দুয়োখন ঘৰে ‘গোসাঁইৰ মহিমা ভকতৰ ওচৰত পুনৰ প্ৰমাণিত হোৱা’ৰ সুখ পালে, মানুহগৰাকীৰ ঘটনাটোত হেৰোৱা সন্মান ঘূৰাই পোৱা যেন অনুভৱ কৰিলে।

 মানুহবোৰে ধাৰণা কৰিছিল, শেষৰ সন্তানটো ল’ৰা হ’ব। ভকতনীবোৰৰ মুখে মুখে ৰৈ বৈ গৈছিল, ‘ইমান এটা ঘটনাৰ পাছতো সন্তানটো গৰ্ভত আছে, সি ল’ৰাই হ’ব প্ৰভু, চাব, সি ল’ৰাই হ’ব।’ ‘দেও আহি লাগিছিল, গোসাঁই কাৰণেই আইগৰাকীক তলাব নোৱাৰিলে, আইগৰাকীৰ ভিতৰতো শক্তি আছে।’ ‘বৰাই চাব, মোৰ অন্তৰাত্মাই কৈছে সি দুৰ্জয় ল’ৰা হ’ব। প্ৰভু চাব আপুনি, মই কোৱাটো যদি নহয়। সি একঠা খাব প্ৰভু, সম্পদ আহিছে প্ৰভু।’ কিন্তু ছোৱালী হোৱাত এটিয়া-ল’ৰা চন্দনক আলহী-দুলহী-ভকত সকলোৱে অধিক আতৌ-পুতৌ কৰিবলৈ ল’লে। চল পাই সিও বিভিন্ন কাৰুকাৰ্য দেখুৱাবলৈ আৰম্ভ কৰিলে— ভিতৰত আলহী বহি থাকিলে সি চাললৈ উঠি খেৰৰ মাজেৰে ফাঁক উলিয়াই