সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৮ কুলাংগাৰ ডাঙৰ এজনীয়ে ভুনভুনকৈ ক'লে, ‘চন্দনৰ কথাটো ইয়াকে সুধিম নেকি?’সুকন্যাই ক’লে, ‘সুধিবিচোন বাৰু।' মানুহটো সোমাই আহিল। হেন-তেন কথাখিনি সামৰি ডাঙৰ এজনীয়ে সুধিলে, 'কথা এটা নহয়! আমাৰ ই যে বাপধনৰ ঘৰত ফুৰেগৈ, কথাটো কি নো? কিবা গম পাইছে নেকি?' “শুনিছোঁ কথাটো। বুবু বা-বা কাণত পৰিছে। তোমালোকে জানা বুলিহে একো কোৱা নাই ময়ো।’ ‘কোনজনীৰ লগতনো? ” —ডাঙৰজনীয়েই চাগে। সেইজনীতো বেছি দেখনিয়াৰ। একো ধৰিবও নোৱাৰি নহয়। ছোৱালীকেইজনীকো সোধা হোৱা নাই। কোনোবাই ডাঙৰজনীৰ কথাই মোক ক'লে, ম‍ই সেইটোকে জানো।’ ‘আপুনি উলিয়াবচোন উত্তৰটো সঠিককৈ, কোনজনীনো। ‘বাৰু, মই উলিয়াই আনিম ৰ'বা। সিহঁতৰ আকৌ কথা এটা অলপ দিগদাৰ। নতুন ধনীতো। ৰাইজে উত্তৰলৈ চালে বাপধন মণ্ডলে দক্ষিণলৈ চায়। অন্য নহয়, ফুটনিটোতে। আহ-যাহবোৰ আমাৰ অলপ কমিছে। নহ'লে মই আচল কথা এতিয়াই ঘৰতে উলিয়াই আনিব পাৰিলোঁগৈহেঁতেন। ছোৱালীকিজনীয়েও বাটত ওলাই গ'লে মাতষাৰ দিওঁ- নিদিওঁকৈহে দিয়ে। ঘৰত নিজা মণিকূট সজা প্ৰথম মানুহটোৱেই বাপধন মণ্ডল নহয় জানো! সিয়েই আৰম্ভ কৰিলে গাঁৱত সেইটো কাৰবাৰ। সি মাটি ঠেলি টকা ঘটাটোক মণিকূটটো কেলেই নিজাকে? তাকো শূদিৰ— ময়ো শূদিৰ হৈয়ে কৈছোঁ দেই — নোৱাৰে নহয় চলাব, এইবোৰ ঈশ্বৰৰ মহিমাৰ বস্তু, পূৰ্বাপৰৰ পৰা গুৰু-গোসাঁইক কেৱল এনেই দায়িত্ব দি থোৱা নাইতো। ম‍ই নিজৰ ঘৰত মণিকূট সাজিম জানো? সোঁৱে-বাৱেঁ টকা আৰ্জিছে, তাৰে পাপ খণ্ডন কৰিবলৈ চোতালতে বাপধনক মণিকূটটো লাগে, ঈশ্বৰে কোনোবাদিনা দেখুৱাব তাক!’ “বাৰু আপুনি সঠিকটো উলিয়াবচোন কেনেবাকৈ। ভালকৈ জনা মানুহ আন থাকিব পাৰে নহয়। ' 'উলিওৱাটো উলিয়ামেই। মই কাইলৈকে আহি কৈ আছোঁহি ৰ'বা। এইবোৰ কৌশল জনা আছেতো। সিহঁতবোৰনো কেইখন দ বিল সাঁতোৰা মাছ ওলাইছে হে আমাতকৈ! আমি উলিয়াব বিচাৰিলে ৰহস্য নভগাকৈ থাকিব পাৰে নেকি, নিজে নিজে ৰহস্যৰ উত্তৰ হাজিৰ হৈ যাব।’ সুকন্যা থকা বাবে চন্দন সোনকালে উভতিল, তথাপি লগে-ভাগে ভাত খাবলৈ নাপালেহি। সিহঁতে খাপ পিটি আছিল, সুকন্যাই সুধিলে, “তই ৰাতিখন ক’ত টিউচন কৰ কচোন।’চন্দনে ভাবিলে, ‘এই দেখোন আজি এৰিয়েই নিদিয়া হ'ল।' সি মনে মনে ৰ'ল।