সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি ২৩৭ বাবে স্কুলৰ মাষ্টৰবোৰেও আমাক সহায় নকৰে। আয়ৌ, লগৰ ধনীকেইঘৰৰ ছোৱালীকেইজনীক মাষ্টৰে যিমান সহায় কৰে অ'! সি ঘৰৰে হৈও আমাক একো কৰি নিদিলে! এইবাৰ অংকৰ দিনা এজনীৰ দেউতাকটোৱে পৰীক্ষাহলৰ পৰা জীয়েকক নি ঘৰত থৈয়েই আকৌ আহিছে, তাক নাপাই আতাক সেৱা কৰি থৈ গৈছে, ফূৰ্তিত ক'ব নোৱাৰে। সি মানে পেপাৰ বাহিৰলৈ আনি কিতাপৰ সৈতে মিলাই চাইছে, এঘণ্টা যোৱাৰ পাছত পৰীক্ষাহলৰ পৰা তাইক বাৰাণ্ডালৈ মাতি অংক বুজাই দিছে। আমাক কি কৰি দিলে সি!’ একেবাৰে সৰুজনীৰ মেট্ৰিক আহি আছে, একেলগে আটাইৰে তাইলৈ চকু গ'ল। তাই বুজি পাই ক’লে, “মই তালৈ অকণো আশা নকৰোঁ! যি পাৰোঁ নিজেই কৰিম। এইবাৰ যিমান টকা হ'লেও ধান বেচি ‘মাষ্টাৰ চাজেছন'খন কিনিমেই মই। সেইখন ল'লে পাছ নকৰাৰ কথাই নাই। যোৱাবাৰ মেট্ৰিকৰ কুৱেছন হেনো সেইখনৰ সৈতে সম্পূৰ্ণ মিলি গৈছে। সেইখন ফালি লৈ যোৱা এটায়ো ফেইল কৰা নাই। প্ৰশ্ন মাষ্টাৰ চাজেছনৰ মতেই কাৰ্টে বোলে৷’ “আছুৰ প্ৰতিবাদবোৰ হৈ আছে নহয়, সৱকে পাছ কৰোৱাৰ কথাও ওলাই আছে দেখোন! ‘পৰীক্ষা আকৌনহ’বগৈ নেকি বাৰু? কিনো হয়গৈ জানো এইবোৰ!’সুদূৰ ভৱিষ্যতে পুতেকৰ মেট্ৰিকৰ অনিশ্চয়তাৰ কথা ভাবি সুকন্যাই ক'লে। ‘প্ৰতিবাৰে নহয় নহয় কৰি শেষত হুৰমূৰকৈ হৈ যায়। অসম আন্দোলনৰ সমান ডাঙৰ আন্দোলন আকৌ নহয়।’ সুকন্যাই সৰুজনীক ক’লে, ‘তোৰ চাজেছনখন মই আনি দিম বাৰু। কেতিয়া লাগে তই সোনকালে ক’বি। ' বৰায়েকে মাজতে মাতিলে, ইয়াক কোনোবাই কিবা কৰিছে নেকি বাৰু? স্কুলখনত সোমোৱাৰে পৰা মানুহৰ চকু হৈছেতো। তাক কোনোবাই ঘৰত মন নবহা কৰিছে। সদায় ৰাতি ৰাতি আহি খাবলৈ লৈ ওকালি কেইটামান মাৰে, অক অক কৈ চিঞৰি ওকালিকেইটা নমৰাকৈ ভাতৰ পাতত তাৰ বহা নহয়েই। কোনোবাই কিবা কৰিছে যেন পাইছোঁ মই। পানী অকণ কাটি গাটো ধুওৱাৰ কথা ভাবিলেও তাক কয় কোনে!” ‘অ’আই’, বাহিৰত কোনোবা এটাই মাত লগালে। আটাইকেইজনীয়ে মুখ জপাই কাণ দিলে। এতিয়াহে সিহঁতে মন কৰিছে বাহিৰতো আন্ধাৰ হ'ল, আতাকে নামঘৰত তাল কোবাইছে, কোঠাটোত চাকি এটা আয়েক নে বৰায়েকে কেতিয়া থ'লেহি সিহঁতে গমেই নাপালে। “আই।’ বাহিৰৰ পৰা আকৌ মাত দিয়াত সিহঁতে চিনি পালে— - বহঁতপুৰৰ ডেকা মানুহ এটা, ইঘৰ-সিঘৰত কাম-বন কৰি গধূলি চাহ খাই ফুৰে। ‘আহি থাকক ভিতৰলৈ’, এজনীয়ে চিঞৰি ক'লে।