সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৬ কুলাংগাৰ কৰি ঘৰত দুইচা দিব পাৰেতো! মণ্ডলৰ ঘৰতো টিউচনেই কৰিছিল নহয় প্ৰথমে। এতিয়া আৰু টিউচন হৈ থকা নাই তাৰ। গজগজীয়া বাপেকটো থাকোঁতেও ছোৱালীজাকৰ গোটেই দায়িত্বৰ সৰ্বেসৰ্বা সিয়েই এতিয়া। চাওক, মই আপোনাক একদম নিজৰ বাই হিচাপেহে কৈছোঁ। ম‍ই সৰুৰে পৰা মা-দেউতা নোহোৱা ল'ৰা, টকা-পইচাৰে কেনেকৈ ঘৰ চলাব লাগে শিকিছোঁ মই। সেইবাবে বুজি পাওঁ কথাবোৰ।' দৰমহা ঘটি থকা মাষ্টৰ হিচাপে সি নিজকে চন্দনতকৈ ওপৰত ৰখাৰ গৰ্বৰ সুৰ এটা কথাবোৰত মিহলি হ'ল। তাৰোপৰি সি নিজেও ইয়াত খলি পিটি থাকেহি, গতিকে সেইটোৰ দ্বাৰা তাৰ নিজৰ একো অনিষ্ট হ'বলৈ সি নিদিয়ে বুলি আওপকীয়াকৈ জনাই দিব খুজিলে। সুকন্যা থকা বাবে হেড-মাষ্টৰে বেছি সময় বহিবলৈ লাজ পালে। সি যোৱা মাত্ৰেই চৰিয়া ভৰ্তি জীয়ামাছৰ দৰে আটাইকেইজনীৰ কথাৰ খলখলনি উঠিল, “ম‍ই উলিয়াম ৰ। সি কোনজনীৰ লগত লাগিছেগৈ।’“কেইবাঘৰতো কৰে বুলিহে ভাবিছিলোঁ। টিউচন ক’তো নকৰেই মানে?” ‘ওলোৱাই নাই যে কথাটো কাৰোৰে লগত! কোনেও একো কোৱাও নাই, কোনেনো ভাবিছোঁ সুধিবলৈকো কাৰোবাক।’“আমাৰ এইঘৰেও জানে নেকি বাৰু?” —জানিব জানিব। সেইবোৰ কথা ভুলতো আমাক কৈ নিদিয়ে। কিবা হ'লে হওক বুলিব।’ “তাৰ কাৰবাৰ মানে সেইবোৰহে! আমাৰ ওপৰত আকৌ তাৰ যি ৰূপ!” “টিউচন বেলেগত নকৰা নহয়, পইচাবোৰ ঘটি সি সেইকেইজনীৰ লগতে খৰচ কৰে চাগে। সেয়ায়ো নোজোৰে তাক। সেইকাৰণে তহঁতৰ টকাবোৰ মাৰিছে। আগৰ কেইজনীমান আছিল নহয়, সেইবোৰ এৰিলে কিজানি।’‘আগতেও থকাটো তই কেনেকৈ জানিলি?’‘মই জানো জানো। অনুমান কৰিছিলোঁ ম‍ই। নিজে সাধুটো দেখুৱাই লোকক মাৰ-পিত কৰে বাবে নহয় বুলিও ভাবিছিলোঁ। এতিয়া খাটাং।’‘কোনজনী জীয়েকৰ লগত লাগিছে সেইটোহে জানিবলৈ মোৰ গাটো তত নোহোৱা হৈছে!' আতাক নাই ওচৰত। আয়েক-বৰায়েকৰ চকু থৰ লাগিল। বাপধন মণ্ডলৰ জীয়েক চাৰ্জিনী, ল'ৰা এটা। ল'ৰাটো সৰু, অলিন্দৰ লগৰ। বৰায়েকে ক’লে, ‘একো নকৰ বাৰু নাই, ঘৰতো মানুহটো পাবলৈ নাই। অলপপৰতো বহিব পাৰ আতাৰৰ কাষতে। এই সোমাল, এই গ'ল! গাঁৱত খলি পিটি থকাটো স্বভাৱ নেকি মানুহৰ? তাকো সত্ৰৰ ল'ৰা এটা হৈ, গোসাঁই ল'ৰা এটা হৈ!” ‘সেইবোৰহে তাৰ বেছি আপোন। গাঁৱৰ ছোৱালীৰ কাৰ পৰীক্ষা কেনেকৈ ভাল হয় সেয়াহে তাৰ চিন্তা। আমাক অকণো সহায় কৰি নিদিয়ে৷ মই মেট্ৰিকটোত কিমান আশা কৰিছিলোঁ, ঘৰত একো নকৱ নাই, কিন্তু এদিন হ'লেও হয়তো সি গাৰ্ডক চিনাকি কৰি দি থৈ আহিব। সি ঘৰতে আছিল নহয়, হললৈকো গৈছে, কিন্তু নাই, এবাৰো মোৰ ওচৰলৈ নগ'ল। যোৱা পৰীক্ষাত আকৌ সি গাঁৱৰ ছোৱালীক নকলো দিছেগৈ। প্ৰতিদিনেই গৈ গৈ গাৰ্ডক কৈ থৈ আহিছে হেনো— মোৰ কেণ্ডিডেট এইজনী, অলপ চাব। আমি দুখীয়া