ককা-আইতা-নাতি ২৩৫ পূজা বন্ধত অলিন্দক নিবলৈ আহি সুকন্যাই চন্দনক দেখোঁতেই গালি আৰম্ভ কৰিলে, “তই এতিয়াও টকা মাৰিবলৈ আহিছ? মাটি কিনিব লাগে, মাটিমাহ কেইটাৰ বাহিৰে সকলো কিনা, তোক এতিয়াও ক'ব লাগিব নে? টিউচনৰ টকাবোৰ তই কি কৰ? ঘৰততো এটকাও নিদিয়, কোচিনকণো তইতো আনিব পাৰ পোহৰকণৰ বাবে, জুইশলাৰ খৰচটোৰ বাবেও যে ঘৰত ধান বেচিব লাগে, এতিয়াও যে আতাদৌৰ দৰৱ এটাও মইহে তাৰ পৰা আহি আনি দিবহি লাগে, তই কি কৰ পইচাবোৰ? ভিনিহিয়েৰটোৱে কষ্টৰে ঘটা টকাকেইটা তোক বেংকত থৈ আহিবলৈ দিয়ে, তই সেইকেইটাও হজম কৰি পেলাৱ। কিমান দিয়া হৈছে তোক! যিটো লাগে, লগে লগে দিছোঁ। এতিয়া টিউচন কেইটামান কৰিছ, ধুনীয়াকৈ ঘৰখন চলাব পাৰ বা নিজেই চলচোন, ইমান টকা নষ্ট কৰিবলৈ তোৰ কি কামটো ওলায়নো? ঠগিবলৈ ভিনিহিয়েৰটোকহে পাৱ তই?' সুকন্যাৰ মুখখনলৈ চাই চন্দনে পৰিস্থিতিটো আয়ত্ত কৰিলে— আজি মাত মাতি লাভ নাই। কাণ-মূৰ পেলাই সি শুনি থাকিল। আবেলি চন্দন ওলাই যোৱাৰ পাছতে হেড-মাষ্টৰ সোমালহি। সুকন্যাৰ মনত চন্দনৰ ক্ৰিয়াকলাপবোৰ খেলায়েই আছে, যোৱা কেউটা দিন ধৰি তাইৰ গাটো হমহমাই আছে। চন্দনে যিধৰণে অলিন্দক আনিছিল তাৰে খুদ অংশ চাবলৈও তাৰ এতিয়া সময় নাই। তাই হেড-মাষ্টৰক খাটনি ধৰিলে, ‘ল’ৰাটোক স্কুলত ভালকৈ তাগিদা দিবাচোন। পঢ়া-শুনাত এইটো কি হয়গৈ নাজানো।’ হেড-মাষ্টৰে ক’লে ‘হ’ব হ’ব, আপুনি চিন্তা নকৰিব, ভাল হ'ব।’তাৰ উত্তৰটো শুনি অলিন্দৰ মুখত কৌতুকৰ হাঁহি বিৰিঙিল, সিহঁতে হেড-মাষ্টৰক স্কুলত দেখিয়েই নাপায়, মাহৰ মূৰতহে কেতিয়াবা স্কুলত সোমায়। “কি হ'ল অ’ তোৰ হাঁহিবলৈ?’সুকন্যাই অলিন্দক সুধিলে। সি একো উত্তৰ নিদি হাঁহিটো সামৰিলে। —দেখিছানে? তুমি ধমকি-চমকি নিদিয়া নেকি? সি তোমাক ছাৰ হিচাপে লোৱাই নাই, আগতে মামা বুলি মতা, এতিয়াও মামা হিচাপেই লৈ আছে, সি ভয়ে কৰা নাই, মজাহে পাইছে।' সুকন্যাই আবদাৰ ধৰা দৰে হেড-মাষ্টৰক ক'লে। হেড-মাষ্টৰে উত্তৰ দিবলৈ নাপাওঁতেই তাই উলিয়ালে, ‘আমাৰ ই গাঁৱত ক'ত ক’ত টিউচন কৰেনো? কাৰ কাৰ ঘৰত কৰে? পইচা- পাতি ভালকৈ নিদিয়ে নেকি?” “ক’ৰ সি টিউচনটো কৰে? বাপধন মণ্ডলৰ ঘৰতে খলি পিটি থাকেচোন। টিউচন কৰে হ'বলা সি?’ মাৰ খোৱা গৰুৰ দৰে সুকন্যাহঁত ঠাণ্ডা হৈ পৰিল। হেড-মাষ্টৰে কথাটো কৈহে ভাবিলে— নোকোৱা হ'লেই ভাল আছিল নেকি। সি সদায় ঘৰখন দেখি আছে, অভাৱবোৰ দেখি তাৰ বিৰক্তি লাগে, বাইদেউ মই পটককৈ কৈ দিলোঁ, আপুনি চন্দনক একো নক’ব দেই। গাঁৱৰে কথা, আপুনি বেলেগৰ পৰাও গম ল'ব পাৰিব। মোৰ মুখৰ পৰা আপোনালোকে গম পোৱাটো সি জানিলে বহুত বেয়া কথা হ'ব। একেখন স্কুলতে কৰোঁ, গতিকে মোৰ মুখৰ পৰা ওলোৱাৰ সম্পৰ্কত তাৰ আগত যেন একো নোলায় দেই। মই আপোনালোকক ক'লোঁ মানে, মই ঘৰখন সদায় দেখিতো আছোঁ, সি ভালকৈ এটা টিউচনকে
পৃষ্ঠা:কুলাংগাৰ.pdf/২৪৪
অৱয়ব