২৩০ কুলাংগাৰ দিবলৈ অলপ ইচ্ছা কৰিলে, কিন্তু নিজৰ শিক্ষকৰ বিষয়ে ক'বলৈ বেয়া লাগিল। তেওঁ বেলেগ কথা উলিয়ালে। অলিন্দ এমাহলৈ যাবগৈ কাৰণে আতাকে নামঘোষাৰ পাহৰা যেন লগা এশাৰী- দুশাৰী তাক পঢ়ি শুনাবলৈ দি আছে। কথাৰ মাজতে যিকোনো মুহূৰ্তত বিপুলৰ মাতটো শুনিবলৈ সকলোৱে কাণ সাজু কৰি ৰাখিলে। কিন্তু পাছদিনাও দুই বজালৈকে বিপুল নাপালেহি। ‘তোমাক নিবলৈ কাইলৈহে আহিব। আজিও তুমি যোৱাৰ চিন্তা বাদ দিয়া।’মাহীয়েক এজনীয়ে অলিন্দক ক’লে। সি চিন্তাটো এৰি বাৰাণ্ডাত আতাকৰ সৈতে কত-বটালিত মন দিলে। তলমুৰ কৰি কামত লাগি থাকোঁতে দুয়োৱে একো গমেই নাপালে, সুকন্যাই বাৰাণ্ডালৈ উঠি সমুখতে মাত দিলে, “আতা।’অলিন্দই তাইক দেখিয়েই হিয়ালি-জিয়ালিকৈ কান্দিবলৈ ধৰিলে। মাহীয়েক-আয়েকহঁত যি য'তে আছিল ত’ৰে পৰা দৌৰি আহিল। ইমান বেজাৰত সি কান্দিবলৈ ধৰিছে, কোনেও কল্পনাই কৰা নাছিল। সুকন্যাই তাক গাৰ ফালে টানি ধৰি মূৰত হাত ফুৰালে। চুলিৰ মাজতো টেমুনা বন্ধা ফোঁহাবোৰ তাইৰ হাতত লাগিল, ‘ল’ৰাটো একেবাৰে অৱস্থাহীন হৈ পৰিলে, গাৰ ফোঁহাবোৰ দেখিলেই ঘিণ লাগি গৈছে, সি কেনেকৈ ইমান সহ্য কৰি আছে! মানুহবোৰে এনেকুৱা অৱস্থাত ল'ৰাটোক থৈ দিছে! কেনেকৈ চাই আছে তাক!” ভাবি তাইৰ চকু ঢুলঢুলীয়া হ'ল, ‘ইমান সুবিধা থাকিও এবাৰোতো ডাক্তৰৰ ওচৰলৈ লৈ যোৱা নাই চাগে?' তাইৰ খঙো উঠিল, ভয়ো লাগিল— কিজানি তাৰ ডাঙৰ বেমাৰ হৈছে, ‘এনেকৈয়ে বেমাৰ হৈ কত ল'ৰা-ছোৱালী মৰে! মাজুলীৰ পানীৰ মাজত থাকিও এদিনো এটা ফোঁহা হ'বলৈ নিদিলোঁ! ইয়াত যি হ'লেওতো লোকৰ তাৰ অৱস্থাটো কেনেকুৱা কৰি থৈছে চাচোন! ইয়াৰ লেতেৰা পানীবোৰত সি মিলিব পৰা নাই। ঘোলা পানীতে গা ধোৱে, চাবোন-তাবোন নাই, ডাঙৰবোৰ তেনেকৈয়ে মিলি গৈছে, সি সৰু বাবে শুজা নাই। চাৰ্ফ-চাবোন কিনি তাক দি থৈ যাব লাগিব।’ “সি মাকক দেখি কেনেকৈ কান্দিছে দেখিছনে? আমাৰ ইয়াত ঘৰৰ নিচিনা সুবিধা পোৱা নাইবাবে দুখ লাগিছে তাৰ। এনেইহে সি হাঁহি-ধেমালি কৰি ক'ব নোৱৰাটো হৈ থাকে, তাৰ মনত দুখ সোমাই আছে!' ডাঙৰ মাহীয়েক এজনীয়ে দুখেৰে বৰায়েকক ক'লে। ‘আমি তাক কষ্ট দিয়া নিচিনাহে হৈছে জাননে? তাক বহুত মৰমত ৰাখিবি।' আন এজনীয়ে দুখ আৰু লাজেৰে ক'লে। কথাখিনি স্পষ্ট-অস্পষ্টকৈ অলিন্দ-সুকন্যাৰ কাণতো পৰিল, সুকন্যাই নিজকে সান্ত্বনা দিলে, ‘ছোৱালীকেইজনীয়েনো কি কৰিব! কেনেকৈ কৰিব! বেয়া পাই লাভ নাই।’বৰায়েকে অলিন্দৰ মূৰত হাত ফুৰাই দিবলৈ আগবাঢ়ি আহিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/২৩৯
অৱয়ব