সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি 229 এটা অৱতাৰহে আছে। কল্কিহে অৱতাৰ হ'ব কলি যুগত। তেন্তে শংকৰদেৱ কেনেকৈ ভগৱান হ'ব পাৰিলে? শংকৰদেৱো কলি যুগতহে জন্ম লৈছিল।’ ‘হয় কথাটো!’আতাকে ভাবিলে। তেওঁৰ লগত এইটোৰো উত্তৰ নাই। আগতেও তেওঁ কথাটো ভাবি চোৱা নাছিল। ‘ম‍ই ক’ৰবাত পালে তোমাক পাছত ক’ম দেই”, তেওঁ তাক ক'লে। ছমহীয়া পৰীক্ষা শেষ হোৱাৰ পাছদিনা মুকলি ক্লাছ। সকলো শিক্ষক আহিবলগীয়া আছিল, গৰম-বন্ধত ল'ৰা-ছোৱালীখিনিয়ে কৰিবলগীয়া কাম দিবলগীয়া আছিল, কিন্তু অকল নীলকান্ত পেগুহে আহিছে। একমাত্ৰ নীলকান্তই সকলো ক্ষেত্ৰতে নিয়মীয়া। নীলকান্তৰ ঘৰ বোকাগাঁৱত। অলিন্দই আবেলিও তেওঁক দেখে, ডেকা যদিও আদব- কায়দাবোৰ তেওঁৰ বাকীবোৰৰ দৰে নহয়— আড্ডা মাৰি নাথাকে, ঘৰতে থাকে, কথা- বতৰা ভালকৈ কয়, ল'ৰা-ছোৱালীৰ লগত ধেমালিও কৰে, কিন্তু নোজোকাই, সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁক ভাল পায়। বাকী দুটা ক্লাছৰ পৰা আহি তেওঁ অলিন্দহঁতৰ ক্লাছত সোমাল। এমাহত কৰি আনিবলৈ প্ৰশ্ন কিছুমান লিখিবলৈ দি তেওঁ বহিল। ‘হেডছাৰ আহিবও পাৰে, তহঁত অলপ ৰ। বাকীসকল আহে নে নাহে নাজানো। হেডছাৰে বন্ধৰ জাননীখন দিলেই যাবগৈ পাৰিবি। বাৰু, আমি কথাকে পাতোঁ। আগলৈ তহঁতে কি হোৱাৰ কথা ভাবিছ? সেইখন ৰচনা তহঁতৰ আহিব— জীৱনৰ লক্ষ্য। বহীত লিখাটো বাদ দে বাৰু, তহঁতৰ নিজৰ মনৰ পৰা ক কি হ’বি?' এটাই ক’লে, ‘ছাৰ মই এল পি স্কুলৰ হেড-মাষ্টৰ হ'ম।' তাকে শুনি এফালৰ পৰা প্ৰতিটোৱে কৈ গ'ল— শিক্ষক হ'ম, শিক্ষক হ’ম....। ‘ধেৎ! এটাই কোৱা দেখি তহঁত গোটেইকেইটাই একেটাকে এনেই কিয় কৈ গৈছ?” তেওঁ মিহিকৈ ধমক দি হাঁহিলে। ‘বাৰু, তয়েই কাৰণটো কচোন, তই প্ৰথমেই ক'লি।’ ‘ছাৰ, এল পি স্কুলৰ হেড-মাষ্টৰে ঘৰত বহুত বস্তু পায়— গোলক, আতচী-কাঁচ, টিভি, ৰেডিঅ', কম্পাছ, ডাঙৰ জ্যামিতি, স্কেল, ফলি, চুম্বক...। আমাৰ এল পি স্কুলৰ হেডছাৰে পোৱাৰ দৰে ময়ো পাম তেতিয়া, মই সেইবোৰ চুবলৈ পাম।’ স্কুলখনৰ গাতে লাগি থকা এল পিখনতে সি পঢ়িছিল। স্কুললৈ অহা বস্তুবোৰ মাথোঁ এদিনেই ছাত্ৰ-ছাত্ৰীক দেখুৱাই হেড-মাষ্টৰ হলিৰাম বৰাই ঘৰত সুমোৱালেগৈ। হলিৰামে গোটেইবোৰ সামৰি নিয়া দেখি সি ভাবিছে সেইবোৰ তেওঁলৈ অহা বস্তু। গাঁৱৰ পঢ়া- শুনাবোৰ হলিৰামৰ স্কুলৰ পৰাই ওলোৱা, সেয়েহে সিহঁতৰ মাজৰ পৰা তেওঁক কওঁতা কোনো নাই, ডাঙৰে ক'বলৈকো তেওঁ উগ্ৰ মানুহ— গালি পাৰিবলৈ ভয় নকৰে। কোৱাৰ প্ৰসংগটো কোনেও ভবাও নাই, পতাও নাই। ল'ৰাটোৰ উত্তৰটো শুনি নীলকান্তই বুজাই