কুলাংগাৰ নাই। কিন্তু ৰাতিপুৱাৰ পৰা তাৰ কৰঙণৰ চুক দুটা আৰু গুপ্তাংগৰ তলটো আঠা আঠা লাগি আছে। মানুহৰ সমুখত খজুৱতি সহ্য কৰি থকাটো তাৰ অভ্যাস হৈ গৈছে, কিন্তু আঠা ভাবটোৱে পুৱাৰে পৰা তাক অশান্তি দি আছে। কিনো হৈছে একান্তভাবে চাবলৈ তাৰ মন গৈছে যদিও ঘৰ-বাৰীত ভালকৈ আঁৰ-বেৰ পোৱা নাই, কোনোবা নহয় কোনোবাই দেখাৰ সন্দেহত সি ৰৈ আছে। সন্ধিয়াৰ এন্ধাৰকণৰ চলতে, পদূলিৰ পৰা অলপ দূৰৰ পথৰ কাষৰ আহঁতজোপাৰ তললৈ যোৱাটো সি চিন্তা কৰিলে। অলপদিন আগতে সিঘৰৰ ডাঙৰটো বেলেগ হ'ল, তাৰ ঘৰটোৰ পৰা আঁহতজোপালৈ ওচৰ, সিহঁতেও নেদেখাকৈ সিফালে আঁৰ হৈ লোৱাৰ কথা ভাবি সি আতাকৰ ওচৰৰ পৰা উঠিল। সি আঁহতজোপাৰ গুৰি পাওঁতেই চাইকেলীয়া দুজন পাৰ হৈ গ'ল। ‘কাণি-মুনি এন্ধাৰত মন নকৰিলে৷ পাতি থোৱা বৰশী চাবলৈ অহা ল'ৰা নতুবা ভূত বুলিয়েই ভাবিলে কিজানি!' তাৰ হাঁহি উঠিল। আৰু কোনোবা পাৰ হৈ যোৱাৰ আগতেই উভতিব পৰাকৈ সি লৰালৰিকৈ আঁহতজোপাৰ পথালি শিপা এডালত খোপনি দি ৰৈ ল’লে। গুৰিতে থকা পাতবেং এটাই খলককৈ পানীলৈ জাঁপ মাৰি দিয়াত সি চক খাই গল। বাটেদি কোনোবা আহিছে নেকি এবাৰ চাই সি পেণ্টটো তললৈ খহাই ল'লে৷ সমুখলৈ পাৰেমানে হাওলি জুপি জুপি চাই সি দেখিলে গুপ্তাংগৰ তলৰ পৰা ধৰি গোটেইখনত পুঁজ জমা হৈ সৰু সৰুকৈ এসোপা ফোঁহা। পূঁজবোৰ দেখি হাতেৰে চুবলৈ তাৰ ঘিণ লাগিল। পেণ্টটো পিন্ধি লৈ সি কাপোৰৰ ওপৰেৰে ঠাইখিনি পাৰে মানে বাঁকোহিবলৈ ধৰিলে, তলুৱাৰ পৰা তালুলৈকে গোটেই গা সিৰসিৰাই গ'ল, নাচি থকা মানুহৰ দৰে বিচিত্ৰ মুদ্ৰাত তাৰ গোটেই গাটো হালিবলৈ ধৰিলে। ফোঁহাবোৰ ফাটি ফাটি পুঁজবোৰ পেণ্টত লাগিল, পেণ্টৰ ভিতৰখন তেনেই এঠা এঠা হৈ পৰিল। কোনোবা আকৌ পাৰ হৈ যোৱাৰ সময় হ’ল, ধৰা নপৰিবলৈ সি পথলৈ উঠি ধীৰ খোজে উভতিবলৈ ধৰিলে। গাটোত অদ্ভুত সিৰসিৰণিটো লাগিয়েই আছে, গুপ্তাংগৰ তলটো এঠা হৈ পৰিছে, বৰকৈ পোৰণি লৈছে। সি পিছফালে ঘূৰি চালে, চাইকেলীয়া এজন ওচৰ পাইছেহি। কাষৰ দলনিডৰাৰ মাজত মাছে টপক টপক কৰি আছে, বৰশী পেলালেই মাছ উঠে, জালত ওলমি আহে। ভেঁটফুলে ভৰি থকা একেবাৰে কাষটোত ভেকুলীয়ে এটাই খলপ কৰিলে। সি দীঘলকৈ উশাহ টানি চালে, ‘যখিনীয়ে মাটিমাহ ৰান্ধিছে নেকি? গোন্ধ এটা পাম নেকি?' গোন্ধ এটা পাওঁ পাওঁ যেন লাগিল, কিন্তু পোৱা নাই সি। কাণ-মুখ-ছালৰ সমস্ত সংবেদন বন্ধ কৰি দিয়া দৰে লৈ সি নাকৰ জোৰটো বঢ়াই আকৌ দীঘলকৈ উশাহ এটা টানি চালে। পাছৰ পৰীক্ষাটো দি আকৌ এদিন বন্ধ। দুদিন আগত আতাকৰ লগত পতা কথাখিনি তাৰ মনত পৰিল। তাৰ মনলৈ আন এটা প্ৰশ্ন আহিছে। আতাকৰ ওচৰত বহি সি সুধিলে, ‘ককা, আপুনি যে কৈছিল, শংকৰদেৱ ভগৱান। আকৌ আপুনি কয়— কলি যুগত ভগৱানৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/২৩৭
অৱয়ব