সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি 227 পৰা হৈছিলগৈ, যি বিচাৰে তাকেই নিজে পূৰণ কৰিব পৰা হৈছিল। কলি যুগত মানুহৰ সহ্য শক্তি কমি আহিল, সিমান সাধনা কৰিব নোৱৰা হ'ল, ধৈৰ্যও নাইকিয়া হ'ল, ছলনা কৰা শক্তিবোৰ বাঢ়ি গ'ল।' তেওঁৰ গাত আনতকৈ কিছু অধিক ঈশ্বৰত্ব গুণ থকাৰ অনুভৱত তেওঁৰ মুখখন গৰ্বত ফুলি উঠিল, দুচকু পুনৰ তিৰবিৰালে। ‘আপোনাৰ গাত ভগৱান থকাৰ কথা সৱেই কয়, কলি যুগতো আপুনি কেনেকৈ পালে ভগৱানক? ' “সদায় নাম-প্ৰসংগ কৰি থাকোঁ, দবা কোবাই থাকোঁ, শংকৰ-মাধৱৰ গোটেই নাট মোৰ লগত আছে— সকলো মুখস্থ সৰুৰে পৰা, কীৰ্ত্তন-ঘোষাও লগত আছে। যেতিয়া তত্ত্ব-কথাবোৰ চৌব্বিছ ঘণ্টাই লগত থাকে, তেওঁৰ লগত ভগৱান থাকিবই। সেইবোৰ ঈশ্বৰৰ বস্তু, নাটৰ ঘাট এটা খোলত উঠোৱাটো কিমান টান কাম, সেইবোৰ যিয়ে সিয়ে ৰাখিব নোৱাৰে, পাহৰি যায়, ইমানবোৰ মুখস্থ ৰখাটো বিৰাট টান কাম৷ সেইবাবে দেও- ভূতেও আমাক কেতিয়াও একো কৰিব পৰা নাই। আমি কিমান হাবিৰ মাজত অকলে অকলে থাকিলোঁ, গধূলি হ'লেই বাঘে বেৰত গা ঘঁহাই যায়, কিন্তু কেতিয়াও হেঁচা এটা মাৰিব নোৱাৰিলে। ভাওনা কৰি কৰি কত নিশা আহোঁ অকলে, কাষে কাষে দেখা পাওঁ দেও উঠা, কেতিয়াবা ম’হ হৈ কাষে কাষে আহি থাকে, কেতিয়াবা জোপোহা বোৰেই লৰাই যায়— কিন্তু জুমি চালে মানুহ-দুনুহ-জীৱ-জন্তু একো নেদেখি, কাষলৈ আহিও গাত লাগিব নোৱাৰে, সিহঁতৰ বলে নুকুলায়।’ ভূত-প্ৰেতলৈ অলিন্দৰ অলপ ভয় লাগিল, তথাপি তাৰ মনলৈ বিশ্বাস আহিল— তেওঁ পাৰিছে যেতিয়া, সিও সাধনা কৰি সিমানখিনি বা তাতোকৈ বেছিহে পৰিব। ‘যদি সেইবোৰে নিজে নেদেখাকৈ গাত লাগি যায়, তেতিয়া কি হ'ব?’সি সুধিলে। ‘নোৱাৰে লাগিব। লাগিলেই ধ্বংস পাব, নিজেই শাস্তি পাব। মোক একো চেকাও লগাব নোৱাৰিলে। গাত ঈশ্বৰ থাকিলে অপ-বস্তুৱে চুলেও একো হানি নহয়।' ‘তেন্তে ককা, অজাতি মানুহবোৰক আপোনালোকক চুবলৈ কেলেই নিদিয়ে? মানুহবোৰৰ দেখোন ভূতৰ সমান শক্তি নায়েই, তেওঁলোকে চুলে আপুনি কিয় চুৱা হয়?” আতাক ৰৈ গ'ল। সেইটোৰ উত্তৰ তেওঁৰ ওচৰত নাই। তেওঁ ভাবি থাকিল। অলিন্দই তেওঁৰ মুখলৈকে চাই ৰৈ থাকিল, মুখখনৰ আকৃতি বাৰে বাৰে সলনি হ'ল যদিও উত্তৰ একো ওলাইনাহিল। মাহীয়েক এজনীয়ে গৰু সামৰি আনি গোহালি পোৱালেহি, এন্ধাৰ হ’বই অলপ পাছতে। অলিন্দৰ গোটেই গাত ঠায়ে ঠায়ে ডাঙৰ ফোঁহা উঠিছে, কিছুমান চুলে বিষায়, কিছুমানত হেঁচি দিলেও উমান নিদিয়ে— মাথোঁ পুঁজবোৰ গ্লাছৰ তলত থকাৰ দৰে জিলিকি আছে। নেমু গছৰ কাঁইটেৰে খুঁচি দুটামানৰ পূঁজবোৰ সি উলিয়াই দিছিল, কিন্তু তেনেকৈ ভাঙি দিলে ছালখন গেলি যোৱাৰ দৰে হৈ আঠা আঠা লাগি থাকে, কেইবাদিনো ধৰি চেকচেকনি লয়, সেইবাবে সি বাকী ফোঁহাবোৰ খোঁচা