ককা-আইতা-নাতি ২২৫ ওপঙি আছে। ভৰিত শিল বান্ধি ডুব দিলে তেওঁ, মানুহে দাঙি উঠাব পৰা নাই, চেঁচা পানীখন, চুলেই গাটো জিকাৰ খাই যায়! ইমান হাঁহিমুখীয়া মানুহজনী, আমাৰ বৰ দুখ লাগিল অ’...! কিয় তেনেকুৱা কৰিলে আজিও সম্পূৰ্ণ বুজি নাপালোঁ। মৰাৰ আগ মুহূৰ্তত মানুহজনীয়ে বাঁহনিৰ তলেৰে ছাগলী লৰাবলৈ যোৱা কোনোবাই দেখিছিল। মোৰ সেইটোৱেই সন্দেহ হয়— অকলে অকলে মানুহজনী পাই তাতে ভূত লাগিল, নহ'লে তেনেকৈ শিল কোনে বান্ধিব ভৰিত?” ‘দ্বিতীয়জনী মানুহ কেনেকৈ মৰিল?” ‘সেইজনী বেমাৰত পৰি মৰিল। হাস্পতালত ৰাখিছিলগৈ, নাবাচিল। সেইজনী মৰাৰ এবছৰৰ পাছতে এতিয়াৰ জনী বিয়া পাতিছে। ডাঙৰজনী মৰাৰো এবছৰৰ পাছতে পাতিছে বিয়া। নমৰা হ'লে দ্বিতীয়খন বিয়া সোনকালেই পতাৰ চিন্তা কৰিছিল, দুমাহমানতে পাতিলেহেঁতেন। কিন্তু মানুহ মৰা চুৱা থাকিলে এবছৰলৈ বিয়া-সবাহ পাতিব নাপায় নহয়। দ্বিতীয় মানুহজনী মৰা পাছত মানুহটো অলপ শান্ত হ'ল।’
ছমহীয়া পৰীক্ষা। অলিন্দই পাঁচটা বিকল্পৰ পৰা ‘শংকৰদেৱ’ ৰচনাখন বাচি ল'লে। শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, বৰগীত ৰচিছিল, নাট ৰচিছিল, থৈয়া- নথৈয়া লাগি থকা মানুহবোৰক একগোট কৰি সম্প্ৰীতি গঢ়িছিল, আগতে ছেদেলি-ভেদেলি হৈ থকা সমাজখনত তেওঁ দেখুৱাই থৈ যোৱা ৰীতি-নীতিৰ আৰ্হি আজিও বৰ্তি আছে, তেওঁৰ খোল-তালৰ বাজনা আজিও মানুহে চৰ্চা কৰে, তেওঁৰ সুৰে জগতক মুগ্ধ কৰে, তেওঁ বলবান আছিল, ভৰা লুইত পাৰ হৈছিল, ষাঁড় গৰু বগৰাই দিছিল, বহু বয়সলৈকে নপঢ়াকৈ আছিল, পঢ়িবলৈ আৰম্ভ কৰিয়েই তীক্ষ্ণ হৈ উঠিছিল, এশ বিছ বছৰ জীয়াই আছিল, নামঘৰত বছৰি বিভিন্ন সময়ত তেওঁৰ কামবোৰ চৰ্চা কৰা হয়, নামঘৰ অসমীয়া ৰাইজৰ বিচাৰ-বিবেচনাৰ স্থলী, তেওঁ অসমীয়া সংস্কৃতিৰ ঘাই খুঁটি পুতিছিল— এই তালিকাখন দুশাৰী-তিনিশাৰীকৈ বহলাই লিখি আন দুটামান কথা লিখিবলৈ লৈ সি ৰৈ গ’ল। ‘তেওঁ ভগৱান আছিল। তেওঁক সেৱা কৰিলে অপায়-অমংগল দূৰ হয়। নাম গালে আৰু ভাওনা কৰিলে ভাল ফল পোৱা যায়।’সি ভাবি চালে, ‘এইখিনি কিতাপত নাই', সি কেইবাবাৰো শুনিছে— কিতাপত নথকা কথা লিখিলে নম্বৰ নিদিয়ে, ‘কিন্তু এইখিনিতো সঁচা কথা! কিয় নম্বৰ নিদিব?’ স্কুলৰ পৰা আহি সি আতাকৰ কাষত বহিল, ‘ককা, আজি আমাৰ ৰচনাত শংকৰদেৱ লিখিবলৈ আহিছিল। মই লিখিলোঁ, কিন্তু ভগৱান বুলি নিলিখিলোঁ। তেনেকৈ কিতাপত নাই, কিতাপত নাথাকিলে নম্বৰ নিদিয়ে। তেওঁক সেৱা কৰে, কিন্তু কিতাপবোৰত কিয় নিলিখে? '