ককা-আইতা-নাতি 221 ‘থ, এনে আলহীটো সেইটো। ৰাতি ৰাতি ঘৰ চৰি ফুৰিছে!' তাই অভিমান দেখুৱাই ক'লে, ‘সৱৰে কথা তেনেকৈ নক’বি দেই। যা যা ভাত দেগৈ। হুলস্থূল লগাই থাকহঁত কিয় একেৰাহে!’‘দিয়াই আছে ভাত। খাই লহঁত’, বৰায়েক পাকঘৰলৈ সোমাই গ'ল। আতাকে একো নামাতি পাকঘৰলৈ পোনালে। পিছে পিছে বাকীবোৰেও খোজ দিলে। ‘বাবা অঁ, মই বৰ কষ্টত দিন কটাইছোঁ অঁ। সিটো জনমত কিনো পাপ কৰিছিলোঁ, শান্তি নোপোৱা হ'লোঁ! মই কেতিয়াবাই মৰিলোঁহেঁতেন, ঘৰৰ পুখুৰীটোতে জাপ দি মৰিলোঁহেঁতেন। মৰিম মৰিম কৰিও নমৰোঁ আত্মাটোৱে শান্তি নাপাব কাৰণেই। পাছত আত্মাটো মুক্ত নহ'লে কেঁচু-কুমটি হৈ আকৌ জনম ল'বলৈ মন নাই অঁ।' বিছনাত পৰি ছাটি-ফুটি কৰি বৰায়েকে অলিন্দক ক’লে। কথাবোৰ ধেমালি যেন শুনি সি খিচিককৈ হাঁহি দিলে৷ শুবলৈ লৈ তেওঁ কোৱা প্ৰতিটো কথাই তাৰ সাধু সাধু লাগে। বিছনাখন তাৰ পঢ়া-টেবুলখনৰ কাষতে, এইটো কোঠাত আন কোনো নোশোৱে, বৰায়েকে তাক ঢেৰ কাহিনী কৈ কৈ শুৱায়। তাৰ হঁহিটোৱে তেওঁৰ বেদনা প্ৰশমিত কৰি মনটো পাতলাই দিলে। পৃথক এক ঠাঁচেৰে তেওঁ আৰম্ভ কৰিলে, ‘এই মানুহজনীয়ে মোক বৰ তিতা-কেঁহা দিছে। আগতে ভাল আছিল, মাতেই নোলায়, অকল ময়ে কথা কওঁ। গাত ভূত লগাৰ পাছৰে পৰা অকণো দেখিব নোৱৰা হ’ল মোক।’ ‘ভূত লাগোঁতে আপোনালোকৰ বহুত ভয় লাগিছিল নেকি?’অলিন্দই কাহিনীবোৰ আকৌ শুনিবলৈ সুধিলে৷ ‘আমি বহুত ভয় খাইছিলোঁ। এইখন ঘৰত একদম নাথাকোঁ, হাবিলৈ যামগৈ— এনেকৈ কৈ কৈ ঘৰ-দুৱাৰ ভাঙিব বিচাৰে নহয়! প্ৰথমবাৰ লাগোঁতে সৰু মাহী জন্ম হোৱাই নাই। তোমালোকৰ মাহঁতো সৰু সৰু। সিহঁত গোটেইকেইজনী মোৰ গাতে থুপ খাই থাকেহি। কোনোবা এজনীয়ে ভয়ে ভয়ে মোক সোধে— বৰাই কি হ'ব এতিয়া? মই আও যিমান যি মুখস্থ আছে নামঘোষা-গুণমালা গাওঁ। গাই গাই গাই গাই টোপনি যাওঁ। সিহঁতেও ৰাতিটো মোৰ গাতে লিপিট খাই টোপনি যায়। কেতিয়াবা সিহঁতকো গালি দিয়ে নহয়— ৰ তহঁত ক'ত সোমাইছগৈ, তহঁতক সঁচ মাৰিম ৰহ। গালি পাৰিলে বহুপৰ গালিয়েই পাৰি থাকে। সেই ঢকটো মানুহজনীৰ গাত থাকি গ'ল। এতিয়াও সেইকাৰণে মোক থেকেচি থাকে। আগেয়ে নিশা নিশা মই কেনেকুৱা ভয় কৰিছিলোঁ! তেতিয়াই কীৰ্ত্তন-ঘোষা ঢেৰ মুখস্থ কৰিলোঁ। আগেয়ে মিচিং গাঁওখনো সিফালে দূৰলৈহে আছিল, এতিয়াহে ল'ৰা-পোৱালিবোৰ ডাঙৰ হৈ পৰিয়ালবোৰ বঢ়াত পথৰ কাষ চাপি আহিছে। আগেয়ে যিকেইটা ঘৰ আছিল নৈৰ কাষতে আছিল। ভিতৰৰ পৰা চিঞৰিলেও সিহঁতে নুশুনে, কিমান ভয় লাগে আমাৰ ভকতে চুৰ কৰাৰ পাছত মিচিং গাঁৱৰ মানুহে কৈ থৈ যায়হি— প্ৰভু ভয় নকৰিবি, কিবা হ'লে চিঞৰ মাৰিবি, আমি আহি যাম, তোক কোনেও একো কৰিব নোৱাৰে। ভূত লগাৰ পাছত সিহঁতেও নিশা-বেলি এইফালে বৰকৈ ফুৰিবলৈ ভয় কৰা হ'ল। মিচিং বুঢ়া দুজনমানে ককাহঁতক কৈছিলহি— প্ৰভু তহঁতৰ ফালে এইপাৰে মাটি অকণ দিলে আমি ওচৰতে ঘৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/২৩০
অৱয়ব