সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি 219 মান্তি হৈ অকল দুটকীয়াটো পুথিৰ তলত থ'লে, আৰু আধলিকেইটা তেওঁৰ তুলিৰ তলত থ’বলৈ অলিন্দৰ হাতত দিলে। সি থৈ আহি আকৌ তেওঁৰ কাষত ৰ’ল। ‘ডাঙৰজনে মাতিছে বাহিৰত, শুনিছেনে?' বায়েকে আতাকক ক’লে। ‘অঁ, তেওঁৰ লগত কিবা গুচি গ’ল নেকি!’আতাকে বাহিৰলৈ খোজ দিওঁতেই ডাঙৰজন সোমাই আহিল। ‘দক্ষিণা কিমান দিলে?’ডাঙৰজনে সুধিলে। ‘দুটকীয়া এটা আৰু আধলি চাইটা।' সৰুজনে অলপ চিঞৰি ক'লে। সন্ধিয়া লাগিছে কাৰণে মাতটো বেছি ডাঙৰকৈ নুলিওৱাত ডাঙৰজনে ভালকৈ নুশুনি প্ৰশ্নবোধক চাৱনিৰে চালে। অলিন্দই আতাকৰ হৈ ডাঙৰকৈ মাতি ক’লে, ‘দুটকীয়া এটা আৰু আধলি চাৰিটা বুলি কৈছে।' ‘হয় হয় হয়!’ডাঙৰজনে নিজকে উপহাস কৰাদি কৈ ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে। আটায়ে মনে মনে শুনি থাকিল। হাঁহি মাৰ যোৱাত তেওঁ ক’লে, ‘মোকো সেই, টকা তিনিটা আৰু আধলি দুটা!” তেওঁ আকৌ সশব্দে হাঁহিবলৈ ধৰিলে। আতাক আৰু আয়েকহঁতৰ ওঁঠতো স্ব-উপহাসৰ হাঁহি বিৰিঙিল। ‘আমাৰ ভকতে দক্ষিণা দিবলৈ নিশিকে আৰু কেতিয়াও! এনেকৈয়ে যাবগৈ! দিনৰ দিনটো খাটি খাটি গোসাঁয়ে সেৱাটোহে পায়। আজি ডিব্ৰুগড়ত হোৱা হ'লে, আমাৰ ৰেণুৰ ঘৰত চাইকেল এখন কিনাৰ সমান পইচা সোমালহেঁতেন। কিবা পুণ্যৰ ফলতহে তাইৰ কপালখন দিব পাৰিলোঁ৷ আমাৰ দিন এনেকৈয়ে গ'ল! ডাঙৰজনৰ কথাখিনি শুনি আতাকে মুখ মেলিলে, কিন্তু নুশুনিব কাৰণে ৰ'ল। ডাঙৰজনে বুজি পাইছে, তেওঁ শুনিবলৈ অহাও নাই, মনটো লক লকাই থকাত ক’বলৈহে পোচাক নসলোৱাকৈ ততাতৈয়াকৈ আহিছে। তেওঁ আকৌ ক’লে, “আমাৰ ভকতে গোসাঁইক নোপোহে। ভকতৰ হাত টান। আশা কৰি লাভ নাই।’ নিজকে হাঁহি হাঁহি তেওঁ গ'লগৈ। ‘ৰেণু কোন নো?’ অলিন্দই বৰায়েকক সুধিলে। ‘তুমি পাহৰিলা? তেওঁলোকৰ তিনি নম্বৰৰ জীয়েকজনী, তোমাৰ জেঠাই হ'ব, ডিব্ৰুগড়লৈ দিছে। আয়ৌ! ভকতৰ ধনেৰেই তাই সোণৰ গহনা পৰ্যন্ত বিধে বিধে কিনে। বহুত দিয়ে ভকতে, বহুত দিয়ে! সেইঘৰ তাই সাধি সাধি পালে। ভকতৰ বাগান আছে। ইয়ালৈ আহিলে জোঁৱাইটোৱে এটোপোলা এটোপোলা চাহপাত লৈ লৈ আহে। ভকতৰ পৰা পোৱা বস্তুৰেই লোকক ঢালিবলৈ জোৰে সিহঁতৰ। আমালৈকো আনে নহয় চাহপাত।’ ‘বৰাই ভাত হ’লেই নেকি?' হেড-মাষ্টৰ আহি মাত দিলেহি, মাতটো শুনি অলিন্দ বৰায়েকৰ ওচৰৰ পৰা আঁতৰি গ'ল। বাহিৰৰ কোঠাটোত হেড-মাষ্টৰহঁতৰ আড্ডাবোৰ শুনি অলিন্দৰ টেবুলৰ কাষত থকা মাহীয়েকজনীয়ে ক’লে, ‘হেডছাৰে-মাহীয়ে সেয়া কি পাতিছে শুনিছা নে তুমি?