সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ আছে চা। কিমান ধুনীয়া চৰাই!’বাহিৰত কোনো নথকাৰ উমান লৈ অলিন্দই ল'ৰাটোৰ তলুৱাতে চৰাইটো স্পৰ্শ কৰিবলৈ আঙুলি এটা আগবঢ়াই নিলে, সি চুবলৈ নাপাওঁতেই চৰাইটোৱে ভুৰংকৈ উৰা মাৰিলে, এটায়ো তৎ ধৰিব নোৱাৰি উৰি যোৱাৰ ফালে চাই থাকিল, ক'ত পালেগৈ চকুত নপৰিল। সিহঁতে দেখিলে, বটলব্ৰাছ জোপাত আকৌ দুটামান চৰায়ে খেলি আছেহি। ‘তই মাৰিবি নেকি? মাৰি চা হোঁ!’ল'ৰাটোৱে অলিন্দলৈ গুল্টিডাল আগবঢ়াই দিলে। ‘মই নামাৰোঁ দেই’, অলিন্দই মূৰ জোকাৰিলে। আধা মৰা চৰাইটোৰ ধৰফৰণিটোলৈ অলিন্দ এতিয়াহে বেয়া লাগিল, ‘দুখতো চৰাইটোৱে দেখোন এটা নাচ দিয়া দৰে কৰি একেই ফুৰ্তিৰে উৰি গুচি গ'ল! মানুহৰ বাহিৰে আনবোৰ জীৱই পৃথিৱীত অকল খেলিয়েই থাকে! সিহঁতে খেলিবলৈকে জনম লৈছে। মানুহেহে কিয় কেৱল শাস্তি পাবলৈ জনম লৈছে? আচলতে বেলেগে শাস্তি পালেও খেলিয়েই থাকে!’অলিন্দই গা খজুৱাই খজুৱাই ভাবি থাকিল। ল'ৰাটোৱে তালৈ এবাৰ চাই ভঁৰালৰ ফালে গ’ল, আতাক ভঁৰালত উঠিছেই। আতাকে টোমকেইটা হেপোৰ-তেপোৰকৈ দুৱাৰৰ বাহিৰলৈ আনিলে আৰু ল'ৰাটোৱে কান্ধত লৈ পিছফালৰ পুখুৰীটোৰ পাৰত থ'লেগৈ। তাক ভঁৰালৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে, নমোৱাৰ উপায় নাই বুলিহে ভঁৰালৰ দুৱাৰ-মুখকণতে চুবলৈ দিবলৈ বাধ্য হৈছে। ল'ৰাটোৱে প্ৰতিটো টোমত ৰছী লগাই, চোৰে নেদেখিবলৈ পুখুৰীৰ পানীৰ তলত খুঁটি পুতি বান্ধি গোঁৰাই থৈ গ'লগৈ। অলিন্দ আৰু সৰু মাহীয়েকে আগফালে চেংগুটি খেলাত লাগিল। আতাকে কোৰ লৈ বাৰীত সোমাল। ‘গা ধুব হোৱা নাই জানো? আকৌ সেইখনত ধৰিলে যে! পানী দিলোঁ। ৰাইজ গোট খালেই চাগে।’বৰায়েকে আতাকক চিঞৰিলে। আজি ভকতৰ গাঁৱত নাম আছে। চন্দন আহি পিৰালিৰ কাষত চাইকেলখন ৰাখিলেহি। তাক দেখি বৰায়েকে মাতটো সৰু কৰি আকৌ আতাকক ক’লে, ‘ব্ৰজন ওলাই আহি মাত দিবই এতিয়া, সামৰক সেইবোৰ।’চন্দন হঠাতে অহা যেন লগাত অলিন্দহঁতো সংকুচিত হৈ পৰিল। আজি স্কুল বন্ধ, চন্দন আকৌ কোন সময়ত ওলাই যায় সিহঁতে অনুমান কৰিব নোৱাৰিলে। তাৰ টান মাতকেইটা পোনে পোনে নুশুনিবলৈ সিহঁত দুটাই সুৰুকা মাৰি ভিতৰলৈ আহি বিছনাৰ ওপৰত খেলিবলৈ ধৰিলে। নামৰ পৰা ঘূৰি আহি আতাকহঁত ঘৰ পাওঁতে সন্ধিয়া লাগিল। বৰায়েকে প্ৰসাদৰ টোপোলাটো মোকলাই অলিন্দক এমুঠি দি ল'লে। ... এটা, এই চাৰিটা, এইটো দুটকীয়া। এয়াই!’আতাকে দক্ষিণাকেইটা তলুৱাত লৈ হিচাপ কৰি দেখুৱাই টেবুলত থ'লে। দুটকীয়া এটা আৰু আধলি চাৰিটা। ‘আধলিকেইটা এইফালে জুইশলা আনিবলৈ থওক। বাৰিষা কেঁচা খৰি ফুৱাই ফুৱাই জ্বলোৱা বৰ কষ্ট, জুই নাথাকেই।' আয়েকে ক’লে৷ আতাকে