ককা-আইতা-নাতি ২১৭ “আবিয়ৈ ছোৱালীক চুবলৈ নিদিয়ে। চুলে পাপ লাগিব, শাস্ত্ৰৰ মহিমা নাইকিয়া হ'ব। কীৰ্ত্তন বা নামঘোষাখন মূৰৰ আগত থৈ সেৱা কৰিলেই হেজাৰ বিপদ-বিঘিনি দূৰ হয়। পৰীক্ষাৰ আগত সেৱা এটা কৰি গ'লেই অলেখ চিন্তাৰ মাজতো ঈশ্বৰে লগাখিনি মনত পেলাই দিবই। শাস্ত্ৰবোৰ অশুচি হ'লে মহিমা হেৰাই যাব নহয়!’ ‘কিন্তু ডাঙৰ শ্ৰেণীৰ কিতাপত দেখোন ঘোষা আৰু কিবাকিবি আছে। মই মাহীহঁতৰ কিতাপত দেখিছোঁ। সেইবোৰ দেখোন মাহীহঁতে চোৱে।' ‘চৰকাৰে দিছে, পাছ কৰিবলৈ পঢ়িবই লাগিব, উপায় নাই। সেইবাবে পৃথিৱীত বিঘিনি বাঢ়ি গৈছে। খেতি-পথাৰত শইচ কমি গৈছে, গৰু-গাইৰ গাখীৰ নোলায়, মানুহৰ বেমাৰ-আজাৰ বাঢ়িছে। আগেয়ে নো হাস্পতাল কেইখন আছিল, তথাপি মানুহৰ আয়ুস দুই-তিনিগুণ বেছি আছিল। এতিয়া চহৰত পদূলিয়ে পদূলিয়ে হাস্পতাল লগা হ'ল। চৰকাৰে কিতাপত দিছে, অশুচি ছোৱালীয়ে পঢ়িব লগা হৈছে, এইবোৰেই কলিকাল আনিছে। ডাঙৰ মাহীহঁতৰ কিতাপবোৰত মহাপুৰুষীয়া নাটো পঢ়িবলৈ দিছে! ধৰ্ম-কৰ্ম শেষ হৈ আহিল। কল্কি অৱতাৰৰ ক্ষণ বহুত চমু চাপিল, বহুত!' আতাকে তেওঁৰ নতুন বন্ধু, প্ৰচুৰ প্ৰশ্নকৰ্তা, গম্ভীৰ শ্ৰোতাজনক পাই দশাৱতাৰৰ সম্পৰ্কে উচ্ছ্বাসেৰে নিজৰ ভাষাত ক'বলৈ আৰম্ভ কৰিলে। গৰু লৈ ঘুৰি আহি অলিন্দহঁত চোতালৰ কাষ পাওঁতেই হেড-মাষ্টৰে পিৰালিৰ কাষত চাইকেলখন ৰাখিলেহি। কথাৰ পাগ উঠাই থাকোঁতেই গম নোপোৱাকৈ সমুখতে মাষ্টৰ ওলোৱাত অলিন্দ কোঁচ খাই মনে মনে ৰৈ গ’ল। ‘আতা, গৰু আনিলে?' তেওঁক মাতটো লগাই উত্তৰলৈ বাট নাচাই হেড-মাষ্টৰ ভিতৰলৈ সোমাই গ'ল। ভঁৰালত থোৱা টোমকেইটা নমাবলৈ হালোৱাজনে সময় মিলাব পৰা নাই কাৰণে আতাকে বোঁকাগাৱৰ ল'ৰা এটা মাতি থৈ আহিল। চোতালত তাৰ মাত শুনি অলিন্দই চালেহি। ল'ৰাটোৱে চোতালৰ মূৰৰ বটলব্ৰাছ জোপাৰ তলত ৰৈ ওপৰলৈ গুল্টি টোঁৱাই আছে। অলিন্দ তাৰ কাষ পালেহি। ওলমি ভৰি থকা পাত আৰু ফুলবোৰৰ মাজত ঘচিৰিকাতকৈ সৰু ৰঙা ৰঙা তিনিটামান চৰায়ে চিৰিক চিৰিক কৰি খেলি আছে। ‘হেই, তই কি গাটো একেৰাহে খজুৱাই থাক! বান্দৰৰ নিচিনাকৈ!’অলিন্দলৈ চাই ল'ৰাটোৱে ধেমেলীয়াকৈ কৈ হাঁহিলে। অলিন্দই কিবা ক'বলৈ মুখ মেলোঁতেই ল'ৰাটোৱে ক'লে, “ৰ, মনে মনে থাকিবি দেই, চৰাই এটা মাৰিম এতিয়া চাবি। একেটা চাটতে মাৰিব লাগিব, নহ'লে তিনিওটা উৰি গুচি যাব।' সি নিচান লগাই প্ৰচণ্ড জোৰেৰে শিল এটা মাৰি দিলে। টপকৈ এটা চৰাই তললৈ আহি পাতত লাগিল, বাকীকেইটা খিলিখিলিকৈ উৰা মাৰিলে। ‘এটা সৰিল চা’, ল’ৰাটোৱে ক'লে। অলিন্দই নেদেখি ক’লে, ‘নহয়, গুচি গ’ল৷’“হেই এটা মৰিল, পাতত লাগি ধৰিছে, পৰিবই এতিয়া’, ল'ৰাটোৰ মুখত বিজয়ৰ হাঁহি। চৰাইটো তললৈ সৰি পৰিল, ল'ৰাটোৱে পোনে পোনে হাত এখন পাতি তলুৱাত ল’লে, ‘জী
পৃষ্ঠা:কুলাংগাৰ.pdf/২২৬
অৱয়ব