২১৬ কুলাংগাৰ পাৰে, সৰুকৈ ঘোচা লাগিলেও সি দুখ পায়, কেইটামানে ফুটবলটো তাৰ গাত পৰাকৈ মাৰোঁ বুলিয়েই মাৰি ৰং চায়। স্কুলৰ গোটেই সময়বোৰ শংকা, উদ্বিগ্নতাই তাক খুঁচি থাকে। গেগংহঁতৰ লগত খালী পথখিনিত অহা-যোৱাৰ সময়কণেই মাথোঁ তাৰ শান্তি লাগে। নিশা বৰায়েকে শুৱাই লৈ কোৱা সাধুবোৰ শুনিও তাৰ ভাল লাগে; ভয়, শোক, আশ্চৰ্যৰ অনুভৱবোৰে অশান্তিৰ খোচা-বিন্ধা দূৰ কৰি লৈ যায়, কিন্তু সেই মুহূৰ্ততো কেতিয়াবা চঁক খাবলৈ প্ৰস্তুত থাকিব লগা হয়— কিজানি চন্দন গাঁৱৰ পৰা আহি হুকিটো কাৰোবাক মাৰেহি! আবেলি আতাকে গৰু সামৰিবলৈ পথাৰলৈ ওলোৱা দেখি অলিন্দও লগতে ওলাল। ৰাতিপুৱা হাল বোৱা মাটিখিনি চাবলৈ তাৰ মন গৈ আছে। সেইটো হেঁপাহত বোকা-মাটি আৰু গেলা-পানী গচকা ঘিণকণ তাৰ কমি গৈছে। ‘এইখিনি আমাৰ আজি হালবোৱা মাটি', আতাকে অলিন্দক দেখুৱালে। ভেজি ভেজি কোমল হৈ থকা মাটিখিনি নাঙলৰ ফালে খমলা-খমল কৰি থৈছে, এচাব বোৱা নাঙলৰ চিনে চিনে পানী জমা হৈ আছে। কাষৰ বেলেগৰ মাটি এডৰা দুদিন আগতে ৰুইছে, নেওতাৰ শাৰী শাৰী সংখ্যাবোৰৰ দৰে ধানৰ গছাবোৰ নিৰ্দিষ্ট স্থানত বহি আছে, বোকা এতিয়াও লুথুৰি পিঠাৰ দৰে, ভৰি পৰিলে পুটুককৈ এহাতমান সোমাই যাব যেন অনুভৱ হ'ল তাৰ। আন এডৰা মাটিলৈ দেখুৱাই আতাকে ক’লে, ‘এইডৰাত বোকা উঠিবলৈ লাহনী মাৰিব লাগিব।' মাটিকেইডৰা পাৰ হৈ তেওঁলোকে গৰুকেইটা থকা ঢিপটোলৈ পোনালে। ভৰিত জোক লগাৰ চেঁচা অনুভৱটো আহিছে নেকি অলিন্দই এবাৰ মন কৰিলে। নাই অহা। নাঙলৰ মুঠিৰ স্পৰ্শানুভৱটোলৈও তাৰ মনত পৰিল। সি জীৱনত কোনোদিন নাঙল চুই সৃষ্টি কৰিব নোৱৰা পথাৰৰ কেঁচা খাজবোৰলৈ দুৰ্লভ সৃষ্টিৰ দৰে ঘূৰি চালে। মনটো দৌৰি বেলেগত পালেগৈ, সি আতাকক সুধিলে, ‘ককা, আমি স্কুলৰ পৰা আহি কিয় গা ধুব নালাগেনো? স্কুলত গেগংহঁতক আমি চোওঁ দেখোন। কিন্তু বোকাগাঁৱলৈ গৈ কাৰোবাক চুই আহিলে যে গা ধুব লাগে?” তেওঁ কথাটো ভাবিলে। সি পুনৰ সুধিলে, “সিহঁতে চোৱা কিতাপ-বহীবোৰ কিয় চুৱা নহয়? পাছত কাপোৰবোৰ বা খোৱা বস্তুবোৰ কিয় চুৱা হয়?” আতাকে ক’লে, ‘অতীজত আমাৰ দিনত, আমি স্কুলৰ পৰা আহিও গা ধুইছিলোঁ। এতিয়াও ধুবই লাগে, পিছে এলাহ কৰা হ'ল। আগতে ল'ৰাহে গৈছিল স্কুললৈ, তাকো আছিল দুটি বা তিনিটি। আজিকালি অতবোৰ ল'ৰা-ছোৱালী হ'ল, এনেয়ো গা ধুবলৈ এলাহ, কিমানে ঘুৰি আহি গা ধুব! সেইকাৰণে ধৰি লোৱা নিচিনা হ'ল— বিদ্যা পবিত্ৰ বস্তু, গতিকে স্কুলত চুৱা নালাগে।” “মাহীহঁতে দেখোন শাস্ত্ৰ কিতাপবোৰ চুব নোৱাৰে? ”
পৃষ্ঠা:কুলাংগাৰ.pdf/২২৫
অৱয়ব