২১৪ কুলাংগাৰ —ডাঙৰ মামাৰ মামীজনী— মামীৰ লগত বাকীবোৰৰ লাগিছে।’‘এইঘৰ ভাগিব আৰু, নাথাকে!” আন এজনী মাহীয়েকে তৃপ্তিত গা জোকাৰি ক'লে। ‘মনে মনে ক, শুনিব। ব’ল ব’ল, ভিতৰলৈ ব'ল। আমাক ইয়াত দেখিলে বেয়া হ'ব কথাটো!” মাহীয়েকহঁত ভিতৰলৈ সোমাই আহিল, আয়েকহঁত কামে কামে গ'ল। নতুনকৈ দেখা স্পন্দনটোৱে অলিন্দৰ মনত পুনঃ পুনঃ স্পৰ্শ কৰি থাকিবলৈ ধৰিলে, আগতে দেখা কাজিয়াৰ দৃশ্য কিছুমান মনলৈ আহিল। আচলতে কাজিয়া কৰি থকা মানুহৰ ফালে আজিহে প্ৰথমবাৰ সি স্পষ্টকৈ চাইছে, বিপুল-সুকন্যাৰ কাজিয়া লাগিলেতো সি লেশমানো মূৰ তুলিব নোৱাৰিছিল। ৰাতিপুৱাই ঘৰৰ আটাইকেইজনী থূপ খোৱা বাবে তাৰ মনত ফূৰ্তি এটাও লাগিল। পঢ়া-টেবুলৰ ওচৰলৈ নগৈ সি মাহীয়েকহঁতৰ পিছে পিছে সিহঁতৰ ডাঙৰ কোঠাটোলৈ হাঁহি হাঁহি সোমাল। সৰু মাহীয়েকে উচুপিবলৈ আৰম্ভ কৰা সি দেখা পালে, সি চক খাই ৰৈ দিলে, মুখৰ হাঁহিটো হেৰাই থাকিল। তাৰ পৰা লুকুৱাবলৈ বাকীকেইজনীয়ে তাইক চুকৰ পঢ়া-টেবুলখনৰ ফালে হেঁচুকি হেঁচুকি পঠিয়াই দিলে। “কিয় কান্দিছেনো?” সি মাহীয়েক এজনীক সুধিলে। মাহীয়েকজনীয়ে উত্তৰ দিব নোৱাৰি আঁতৰি গুচি গ'ল। অলিন্দই সংকোচ কৰি আন দুজনীলৈ চালে। ‘আহা, এইফালে আহা তুমি', এজনীয়ে তাক মাতি লৈ গৈ বাৰাণ্ডাৰ বেঞ্চ এখনত বহুৱালে। তাই বুজোৱা ধৰণে তাক ক’লে, “আমাৰ আই-বৰাইৰ কাজিয়া লাগি থাকে নহয়! এনেই এইবিলাক কাজিয়া। ককায়ে দুবাৰ বিয়া পতা যে, এনেকুৱা হ'লে দুয়োজনী মানুহৰ কাজিয়া লাগেই। তুমি শুনিলে মন বেয়া নকৰিবা দেই। বেলেগক নকবা। আজি লাগিছিলে নহয়, তুমি শুনিছিলা যে, সৰু মাহীয়ে সেইকাৰণে কান্দি আছে। আগতে তুমি নতুন কাৰণে লগা নাছিল, এতিয়া তুমি ঘৰৰে নহয় জানো আমাৰ? সেইকাৰণে আইহঁতে তোমাৰ আগত নো কি লাজ কৰিব? তুমি আমাৰ ঘৰৰ মানুহহে নহয় জানো? তোমাৰ আগত লাজ কৰি সৰু মাহীয়ে কান্দি আছে। একো নহয় দেই এইবিলাক, হয়নে নহয়?' ফাঁকি দি আৰু লাভ নাই, দেখি দেখি সিতো কিবা ভাবিবই, সেইবাবে তাই লাজ নকৰি কৈ দিলে। সি মনে মনে ৰৈ থাকিল, সি এতিয়াও সম্পূৰ্ণকৈ বুজা নাই। ৰাতিপুৱা কাজিয়া এখন সি শুনিছিল, একো ভাব মনলৈ অহা নাছিল, এতিয়া মাহীয়েকহঁতে ইমান অধিক চিন্তা কৰাৰ কাৰণটোও সি ভালকৈ ধৰিব পৰা নাই। সি একো নামাতি কথাবোৰ হৃদয়ংগম কৰা যেন দেখি মাহীয়েকজনী ওচৰৰ পৰা আঁতৰি গ'ল। সি বহাৰ পৰা উঠি পুনৰ কোঠাটোলৈ আহিল। দুজনী মাহীয়েকে এইবাৰ তাক দেখা পাই কোঠাটোত সোমাই থাকিব নোৱাৰিলে, সিঘৰৰ কাজিয়াখন দেখাৰ সুখটোও সিহঁতৰ তল পৰিল। সি একেবাৰে থকাকৈ অহাৰ আগতে ডাঙৰ দুজনীয়ে আয়েকহঁতক বহুত বুজাইছিল, প্ৰথমকেইমাহ কামত অহা দেখি সিহঁতে ভাবিছিল কাজিয়াখন চিৰদিনলৈ অন্ত পৰিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/২২৩
অৱয়ব