সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি ২১১ অলিন্দই ভেবা লাগি চাই থাকিল। আন এটাই অভিজ্ঞ প্ৰৌঢ়ৰ দৰে সুধিলে, “ঐ গোসাঁই, তুমি সেইটোও নাজানা নেকি?’ডাঙৰে ডাঙৰক সম্বোধন কৰা নিচিনা ভাওটো দেখি কেইটামানে খিক খিককৈ হাঁহিবলৈ ধৰিলে। গধূলি ডাঙৰ দলটোৱে হুঁচৰি শেষ কৰিয়েই অকণো নৰৈ বিহুৰ চাপৰ আৰম্ভ কৰি নাচি নাচি বাৰাণ্ডালৈ উঠি আহিল। হুঁচৰিৰ দক্ষিণা দিবলৈ নাপাওঁতেই এনেকৈ ভিতৰলৈ অহাটো নতুন নিয়ম ওলাইছে। হাক দিবলৈ মুখ মেলি ছোৱালীকেইজনী ঠৰঙা লাগিল, ঘৰত চন্দনো নাই, আতাকে ভিতৰত ছাটি-ফুটি কৰিবলৈ ধৰিলে। বৰায়েকে আতাকক ক’লে, ‘কওকগৈ যাওক আপুনি, নক'লে নহ'ব নহয় এতিয়া!” “সি কৈ পঠিয়াইছে বা! হাক দিলে দমদমনি লয়হি যদি? নহ'লে ইহঁতে কিয় বিহু মাৰিবনো?' আতাকে ক'লে। “এ..., তেন্তে কি কৰে নাজানো আৰু! এইখন এতিয়া ঢেৰ কথা ওলাব! গোসাঁই ঘৰৰ বদনাম হ'ল আৰু!' শিল পৰা পানীৰ পোনা মাছৰ দৰে মাহীয়েক-আয়েকহঁত ভিতৰত ঘুৰি থাকিল, দলটোৱে দেখিলে, ৰঙতে ঘুৰিছে নে খঙতে ঘুৰিছে বুজি নাপালে। চাৰিটা ঢোলৰ শব্দত ঘৰ-দুৱাৰ উফৰি পৰিব যেন লাগিল, কাণৰ মুখ লগাই নক’লে একো শুনা নাযায়, মূৰত আঘাত পৰা মানুহৰ দৰে আতাক বহি দিলে। দক্ষিণা লৈ ল'ৰাবোৰ ওলাই গৈ পদূলি পোৱাৰ লগে লগে সিঘৰৰ ডাঙৰ ল'ৰাটো, মাজুটো আৰু ছোৱালীকেইজনী দপদপাই সোমাই আহিল, গোটেইকেইটাই চেকচেককৈ ধৰিলে, “সিহঁতে এইটো কি কাণ্ড আৰম্ভ কৰিছে? তহঁতে কিয় এইটো হ'বলৈ দিলি? সৰু আতা, আপুনি থাকোঁতেই কেনেকৈ সাহ পালে! গোসাঁই ঘৰত বিহু মাৰি থৈ যাবলৈ ক’ত সাহস পালে? তাকো একেকোবেই বাৰাণ্ডালৈ উঠিল!’ “হাক দিবলৈয়ে নাপালোঁ নহয়!' আতাকে ক’লে। “তহঁত ছোৱালীবোৰে কি কৰি আছিলি? আতাই ক'বলৈ উৱাদিহ নাপালে বাৰু, তহঁতে এষাৰো ক'ব নোৱাৰিলি নেকি? চন্দন আছে নে নাই?’চন্দন নথকাটো জানিয়েই নামটো মুখত লৈ সিঘৰৰ ডাঙৰটোৱে ক'লে। ‘এইবোৰ এনেকৈ নহ'ব! তাক গাঁৱত কৈ থৈ আহিবলৈ দিবি।' আটাইকেইটাই বেহবেহকৈ কৈ থাকিল, ‘তাতে সিহঁত আমাৰ ভকতো নহয়! চল পাই নাযাব নেকি? এনেকৈ হ'লে গোসাঁইক ক’ত মানি থাকিব? কাইলৈ গাঁৱত কৈ থৈ আহিবি কোনে পাৰ। এইবোৰ বেয়া কথা হৈছে!” বৰায়েকে মাত লগালে, ‘তহঁতবোৰতো আছিলি! কোনোবা এটাই কোৱা হ'লেও হয় নহয়। ইহঁত ছোৱালীসোপাই ল'ৰাজাকৰ আগত লাজ কৰিলে। আতাই সেয়া চিঞৰ এটাও মাতিব নোৱাৰে। তহঁতে নক’লিহি এটায়ো।’