সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককা-আইতা-নাতি ২০৭ দীঘলীয়াকৈ তুঁহগুৰি দি ধোঁৱাই থাকিবলৈ দিয়া বা খৰি এডাল আঙঠা হৈ বেলাটো জ্বলি থাকিবলৈ দিয়া অলিন্দই প্ৰথম দেখিছে। জুই বা পোহৰ লগা হ'লেই আয়েকে বহুপৰ ধোঁৱা ফুৱাই ফুৱাই চাকি এটা জ্বলাই দিয়ে। কেৰাচিন খৰচ নহ'বলৈ সকলো সোনকালে শোৱে, জ্বলি থকা চাকিৰ শলিতাডাল সামান্য বাঢ়িলেও কোনোবা নহয় কোনোবা ধৰফৰাই উঠে, ধলপুৱাতে উঠি পঢ়াই পঢ়ে। চন্দনে গাঁৱৰ পৰা আহি ৰাতি দেৰিকৈ ঘৰ সোমায়। তাৰ বাবে লেম্প এটা আছে, তালৈ ভাত ঢাকি কাষতে লেম্পটো কমাই থয়। বাহিৰৰ দুৱাৰখনত হুক লগাই সৱ টোপনি গ'লে সি দমদমনি লয়, হুকটো নলগোৱাকৈ দুৱাৰখন জপাই আতাকে বিছনাত পৰি সাৰে থাকিবলৈ চেষ্টা কৰি ঘোষা গাই থাকে। চন্দনৰ কল্পনা নকৰা ৰূপটো এইবাৰহে অলিন্দৰ চকুত প্ৰকাশিত হ'ল। কাৰোলৈ নোচোৱাকৈ কোদোগুটিটোৰ দৰে চন্দন ঘৰত সোমায়, আৰু থকা সময়কণত একো মাত-বোল নিদি পুনৰ ওলাই যায়। প্ৰয়োজন হ'লেও সি হুকি মাৰিহে কথা কয়, মৰিশালিৰ ঘণ্টাৰ দৰে বিৰক্তিকৰ অনুভৱ একোটা দি হুকিটো তিনিওঘৰ সৰকি যায়৷ ঘৰৰ সৱেই অতি দৰকাৰতো তাক মাত দিবলৈ ভয় কৰি থাকে। কিন্তু আলহীৰ ওচৰত সি সম্পূৰ্ণ ওলোটা হৈ পৰে, মাতটো অস্বাভাৱিক ধৰণে মিহি হৈ যায়। অলিন্দই বহুদিনৰ পৰা মন কৰিছিল— যিকোনো মানুহৰ ঘৰতেই কোনেও নিজৰবোৰক বৰ এটা ভালকৈ নামাতে, মিঠা বা ধীৰ-স্থিৰ মাত কেৱল আলহীকহে দিয়ে। হৰিচাপৰিত ন-বোৱাৰী এজনীয়ে ঘৰখনত দিয়া মিঠা মাতবোৰ অলিন্দই অলপ দিন শুনিছিল। সোনকালেই ঘৰখন নিজৰ কৰি লৈ বোৱাৰীজনীয়ে বাকীবোৰৰ দৰেই স্বাভাৱিক হুটা মাতটো উলিওৱা এদিন দেখা পাই সি চক খাই গৈছিল। চন্দনৰ অৱস্থাটো সি সকলোতকৈ সুকীয়া দেখিছে। খং, আক্ষেপ, অপৰাধবোধ, হতাশা, শংকা, বাসনা, অহংকাৰ, আক্ৰোশ, অভিমান কিছুমানত বোকাৰ জলহস্তীৰ দৰে লুতুৰি-পুতুৰি হৈ চন্দনে যে মাত-কথাত সন্তুলন ৰক্ষা কৰিব নোৱাৰে, অলিন্দই বুজি পোৱা হোৱা নাই। অৱশ্যে ডাঙৰবোৰেও বুজি নাপায়। সুকন্যাহঁতক ভালকৈ মতা দেখি অলিন্দই ভাবে, ‘আলহী হিচাপে মোকো ভালকৈ উত্তৰ দিব নেকি?’কিন্তু হুকি খোৱাৰ ভয়ত সি ওচৰলৈ গৈ চকুলৈ চাব নোৱাৰে৷ যিটো আগ্ৰহেৰে চন্দনে অলিন্দক পঢ়ুৱাবলৈ আনিছিল, এমাহতে তাৰ চেঙেলীয়া উল্লাস অনীহালৈ ৰূপান্তৰ হ'ল। অলিন্দই লেখা দুটা লিখিলে, মাহীয়েক এজনীয়ে ক’লে, “তোমাক ধমকি নিদিয়ে, কোৱাগৈ যোৱা। মামাই ডাকঘৰত দিবগৈ। মামা শালবাৰী চেণ্টাৰলৈ গৈয়েই থাকে।’অলিন্দই সাহ গোটাব নোৱাৰিলে। সি মাহীয়েকক ক’লে, ‘তুমি দিবাগৈ নে?’ ‘ম‍ই সেইফালে নাযাওঁ নহয়! শালবাৰী চেণ্টাৰতহে আছে ডাকঘৰ, বহুত দূৰ, ইয়াৰ পৰা সাত কিলোমিটাৰমান হ'ব।' আবেলি ঘৰৰ পিছফালে গোটেইবোৰে চেপা চেপা মাতেৰে কথা কোৱা শুনি অলিন্দ ভিতৰৰ পৰা কৌতূহলত আহিল। হাতত বেত এডাল লৈ চন্দনে ভনীয়েক এজনীক পিটি আছে। লেহুকা বেতৰ কেঁচেক কেঁচেক শব্দৰে কোববোৰ নিজৰ গাতে পৰা দৰে