২০৬ ককা-আইতা-নাতি বহঁতপুৰত মানুহবোৰে কেনি পিনাপিন দি ফুৰে অলিন্দই আঁত উলিয়াব নোৱৰা দৰে হৈছে, যেন পনীয়াত পানী ঘূৰাদি ঘুৰি থকা সুকীয়া জগত এখনহে। বাহিৰত ক্ষন্তেক থাকিলেই কোনোবা এজন ৰাস্তাইদি চাইকেল বা স্কুটাৰ লৈ পাৰ হৈ যোৱাৰ শব্দ শুনা যায়েই। পুৱা-দুপৰীয়া-সন্ধিয়া দুখন বাছো অহা-যোৱা কৰে। হো-হোৱনি, গুমগুমনি একোটা প্ৰায় প্ৰতিপল তাৰ কাণত লাগিয়েই থাকে। ঘৰ তিনিওখনতো যেনি-তেনি ৰূমে ৰূমে মানুহ। চাপৰি সলাই সলাই হৰিচাপৰিৰ ঘৰবোৰ সৰু সৰু হ'ল, নতুনকৈ বিয়া পতাবোৰে মূল ঘৰৰ কাষত বেলেগকৈ একোঠলীয়া ঘৰ এটা সাজি লয়, সেয়াও তাৰ মনত বেলেগ একোঘৰ যেন লাগে। তাত ভেটি উঠাবলৈ খন্দা খালবোৰ বাৰিষা খহি বাম হৈ পৰিল। ইয়াত প্ৰতি ঘৰতে পুখুৰী, পথাৰৰ মাজতো ডাঙৰ ডাঙৰ কেইবাটাও আছে, কুঁৱা-টিউৱেল নথকা মানুহবোৰে সেইবোৰৰ পাৰত গা ধুবলৈ যায়। কেৰ্কেটুৱাবোৰলৈ এইবাৰ সি প্ৰথম দেখাৰ দৰে চাইছে— যেন এটা ডালৰ পৰা আনটোলৈ, এজোপাৰ পৰা আন এজোপালৈ উৰি ফুৰা এবিধ জন্তু। বোকাগাঁৱৰ পৰা কুকুৰাৰ ডাক আহি থাকে। এন্ধাৰ হোৱাৰ সময়ত মহিলাসকলে তেতিয়াও গৰাললৈ নোযোৱা গাহৰিবোৰক কাবৈ কাবৈ কাবৈ কৈ চিঞৰি মাতি আকাশ কঁপাই তোলে। “চিঞৰবোৰ শুনিলে একদম ডবাৰ মাত শুনা নিচিনা ভাল লাগি যায় ঔ!' সি ৰোমাঞ্চিত হৈ কয়। বৰায়েকে এদিন ক’লে, “ডবাৰ মাতৰ সৈতে গাহৰিক চিঞৰা মাত ৰিজাব নাপায়।' তেতিয়াৰ পৰা সি মুখেৰে একো নোকোৱাকৈ মনতে আনন্দটো লয়। ইয়াত বাটে-পথে অশ্লীল মাত মতা মানুহ ঢেৰ, কোনে কাৰ আগত মাতে, কাৰ আগত নামাতে, সি ঠিকনা পোৱা নাই। ছোৱালীবোৰ ডাঙৰ হ'ল, খোৱাৰ পৰিমাণ বাঢ়িল, চন্দনো ঘৰলৈ আহিল, আতাকে কঁকাল বেঁকা হোৱা বাবে ৰান্দা-বটালী আগৰ দৰে মাৰিব নোৱাৰে, চকুৰে নমনি আলি- পাশ কটাও বেয়া কৰে, ভঁৰালত বছৰটোলৈ ৰাখি বেচিবলৈ ধান নোজোৰা হৈছে, তামোল সৰোৱা কেৰ্কেটুৱাও তেওঁ নেদেখা হৈছে, গৰু টনা-আঁজোৰা কৰি খুঁটি লৰাবলৈ বলে নুকুলোৱা বাবে গাখীৰ কমি গৈছে, অন্ততঃ ডাঙৰ ছোৱালীকেইজনীৰ বিয়ালৈ দুপইচা সাঁচিবও লাগে— ঘৰখনত আকাল বাঢ়িছে। জুইশলা-কাঠী খৰচ নহ'বলৈ বাহিৰৰ জুহালত
পৃষ্ঠা:কুলাংগাৰ.pdf/২১৫
অৱয়ব