১৯২ কুলাংগাৰ তৰালী সুকন্যাহঁতৰ ওচৰ পালেহি, এইবাৰ তাই উত্তেজনাত ফোপাবলৈ ধৰিছে, “কি যে ঘটনা আজি! আচৰিত হ'ব শুনিলে। কি যে এইবোৰ মানে...!' “কি হ’ল? কোৱাচোন। “মই দুপৰীয়াই গ’লোঁ। ইয়াত সকামত সোমাই গৈছোঁ, বোলো প্ৰসাদ গধুলি খামহি। এতিয়া এই অলপ আগৰ কাহিনী! মই উভতি আহি আছিলোঁ, এই যে ন- কৰঙা পাৰ হৈ গৈ হাবিখন আছে, মুকলি কৰাই নাই যে কোনেও, তাতে মাজৰ পৰা বুবুল ওলাল নহয়! ‘কি কৰিলে ঔ সি?’বিপুলে চক খাই সুধিলে। “তাৰ লগত আৰু কেইটামান। সেইকেইটা প্ৰথমে হাবিৰ ভিতৰতে সোমাই আছে। তাৰ পৰা শুনক — - সি প্ৰথমে ওলায়েই মোক ধৰিলে আগচি। মই বোলো— কি হ'ল আঁ তোৰ? গুচ! তাৰ পাছত সি মোৰ হাতখনত ঠিকচে খামুচি ধৰিছে নহয়! তাৰ পৰা সি বোলে— ব’ল, তোক আজি মই মোৰ ঘৰলৈ লৈ যাওঁ, আজিৰ পৰা তই অকলে থাকিব নালাগে, আমি দুয়োটাই একেলগে থাকিম, আজিয়েই তোৰ বিয়া! তাৰ পাছত সি মোক টানিছে আৰু!” ‘আৰে?’বিপুল একদম উত্তেজিত হৈ উঠিল। সুকন্যায়ো একেই উত্তেজনাৰে সুধিলে, তাৰ পাছত তুমি কি কৰিলা?” ‘মই একো ভাবিবলৈ নাপাওঁতেই সি মোক টানি নিলে অকণমান। হাবিৰ ভিতৰৰ পৰা বাকীকেইটাও কাষলৈ ওলাই মুখ দেখুৱাইছে। সিহঁত মানে ৰৈ আছিল— বুবুলে মোক নিব নোৱাৰিলে সিহঁতে মোক দাঙি নিব, আটাইকেইটাই মোক দাঙি নি মানে তাৰ ঘৰত সুমুৱাই দিবগৈ। তাক সহায় কৰি দিবলৈ আহিছে সিহঁত। মই বোলো— তই মোক ঘৰ সুমাৱ? ব’ল, মই তোক নি মোৰ ঘৰত সুমুৱাই থওঁ আজি! একদম টানি আনিলোঁ নহয় তাক, চোঁচৰাই অলপ দূৰ লৈ আনিলোঁ মই।' সুকন্যাহঁতৰ হাঁহি উঠিল, , বুবুলৰ অৱস্থাটো ভাবি। তৰালীয়ে ক’লে, ‘মই যেতিয়া টানিলোঁ, তেতিয়া সি ভয় খালে অলপ। বাকীকেইটাও ওচৰলৈ অহা নাই দেই, জেগাতে ৰৈ চাই আছে। এইটো ছাতিটো দাঙি হাততে দিলোঁ দুমাৰমান। ভালকৈ মানে আটাইকেইটাকে ক'লোঁ— আজিকালি ছোৱালী চোঁচৰোৱা দিন আছে নেকি? চোঁচৰাই নিলেই ঘৰত সোমাই নাথাকোঁ নহয় মোৰ দৰে ছোৱালী। আমি ওলাই গুচি আহিম। অকলে থাকোঁ কাৰণেই মই অঁকৰা নহয়তো। চোঁচৰাই নিলেই যে থাকি দিম? চাওঁ, তোকে চোঁচৰাই লৈ যাওঁ মই, বাৰীতে কাম অলপ আছে, কৰি থৈ গুচি যাবি। তই নিজৰে ভৰিকেইটা দাঙিব নোৱাৰ, মোক দাঙিব পাৰিবি?” “তাক কোনোবাই উচটাই দিছে। নহ'লে সি এইটো কৰিবলৈ সাহ নকৰে। লগত থকাকেইটাকে দোষ দিব নোৱাৰি, আৰু মানুহ আছে।' সুকন্যাই ক'লে।
পৃষ্ঠা:কুলাংগাৰ.pdf/২০১
অৱয়ব