১৯০ কুলাংগাৰ ল'ৰাটোৰ কন্দাকটাখন টোপনিৰ মাজতে সুকন্যাৰ কাণত পৰি আছিল। ভালেখিনি সময় একো গম-গতি নোহোৱাত তাই শোৱাৰ পৰা উঠি কেউফালে চালে। এটাকো নেদেখি তাইৰ সন্দেহ হ’ল— সকামৰ ঘৰলৈকে গৈছে। কিন্তু কাকো মাত দি সুধিবও নোৱাৰি! সুকন্যাই টুল এখনত বহিল অপেক্ষা কৰি থাকিল। ঘৰমুৰি পাত দুখন লৈ দুয়োটা ভিতৰলৈ সোমাই আহিল। খঙত সুকন্যাই শোৱা- মুৰো আঁচোৰা নাই। তাইৰ ৰূপটো দেখি বাবাৰ এতিয়াহে বেছি ভয় লাগিল। ‘থ, সেইবোৰ বাহিৰতে’, তাই আঙুলিয়াই পাত দুখনলৈ দেখুৱালে, ‘তোক ৰ! মই যাবলৈ হাক দিছিলোঁ নহয়, কিয় গৈছিলি?’ ‘ই ইমান কান্দি আছে!' “কান্দি আছে? মই হাক দিছিলোঁ নে নাই? হৈছে এটা মস্ত ই, কথা নুশুনা!” তাই হাতখন দাঙি তাক মাৰিবলৈ উঠিল, ওচৰ পাই তাই ৰ’ল, ‘ৰ, বাবা আহক। তোক দিব আজি ভালকৈ। মই লগাই দিম ৰ। এতিয়া পেলা এইবোৰ। খাললৈ দলিয়া।’ দুয়োটাই পাত দুখন খালত পেলাই আহিল। ‘এতিয়া বহি থাক দুয়োটা। আজি বাবা আহক। তাৰ পাছত গম পাবি!” বাবাই স্কুলৰ কিতাপ এখন উলিয়াই নি বাহিৰত বহি পঢ়াৰ দৰে ভুনভুনাই থাকিল। বিপুল আহি পোৱাৰ লগে লগে সুকন্যাই ক’লে, ‘ইহঁতে কি কৰিলে আজি সোধকচোন।’ ‘কি কৰিলে?’বিপুলে বাবালৈ চালে। বাবাই ভয়ত চুপচাপ আছে। সুকন্যাই তেনেকৈ কোৱাৰ অৰ্থ সি বুজি পাই গৈছে— অলপ পাছতে আজি ৰক্ষা নহ'ব। তাই বিপুলক ক’লে, “আপুনি অহালৈ বহুৱাই থৈ দিছোঁ। ই হৈছে এটা, এতিয়াই কথা নুশুনা! মোৰ কথা নুশুনিলে। হাক দিওঁতেও গুচি গৈছে! মিনেছৰৰ ঘৰত সকাম খাই আহিছে।' ইমানখিনি বুজাই দিয়াৰ পাছত বিপুল আৰু ৰৈ থকাৰ কাৰণ নাই, সি খংটো উঠাই আনিলেই, ‘ঐ তই কথা ক'লে নুশুন কিয়? সেইঘৰৰ সকাম খাবলৈ গৈছ?' সি ঠেং পকাই দৌৰা-দৌৰিকৈ গৈ চালৰ পৰা এছাৰি দুডাল নমাই আনি বহা ঠাইতে বাবাক কোবাবলৈ ধৰিলে। বাবাই চিঞৰি চিঞৰি কান্দি উঠিল। মিনেছৰৰ ঘৰলৈ শুনাকৈ সুকন্যাই ডাঙৰ মাতেৰে তাক গালি দিয়া আৰম্ভ কৰিলে, তাইতকৈও দুগুণ মাত উলিয়াই বিপুলে বলকিবলৈ লাগিল, এহাতে বাবাৰ এখন হাতত ধৰি লৈ থিয় কৰাই সি পিঠিয়ে-ভৰিয়ে কোবায়েই আছে। “ইয়াকো দিয়ক দুচাটমান’, সুকন্যাই সৰুটোলৈ দেখুৱাই ক'লে। বিপুল ওচৰলৈ গৈ তাকো দিলে, সি ঢেঁত ঢেঁতকৈ চিঞৰিবলৈ ধৰিলে। বিপুল পুনৰ বাবাৰ ওচৰলৈ আহিল, ঠেলামুৰি দুটামান দি তাক চোতাললৈ নমাই লৈ গ'ল, চোতালত তাক বগৰাই লৈ হেঁপাহ মতে কোবাবলৈ ধৰিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৯৯
অৱয়ব