সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজীমলাৰ মাকৰ সন্ধানত ১৮৯ সি অতিপাত কান্দিয়েই থকা বাবে বাবাই তাক খেলি থকা স্থানলৈ আকৌ লৈ আহিল, যেনেকৈ পাৰে ফুচুলাই খেলিবলৈ লগালে। অকণমান সময় খেলত হাত দি সি আকৌ মনত পেলাই হাত-ভৰি আছাৰি কান্দি উঠিল। বাবাই আকৌ তাক কোঁচত তুলি লৈ জোকাৰিলে। পুনৰ সুকন্যাৰ ওচৰলৈ যাবলৈ বাবাৰ ভয় লাগিছে, বাৰে বাৰে টোপনি ভাঙি থাকিলে তাক পিটিব, কিন্তু ভায়েকৰ কান্দোন বন্ধ কৰাৰ উপায় নোহোৱা হৈছে। সকামৰ ঘৰত নামৰ সামৰণি পৰিল। মানুহ এজনে নেওগৰ ঘৰলৈ আহি ঢাৰি এসোপা কান্ধত লৈ গ'ল, তেওঁ ৰৈ লৈ ক’লে, ‘শুৱাই দিয়াগৈ যোৱা, তাৰ টোপনি ধৰিছে।” ‘নহয়, তাক সকাম খাবলৈ যাবলৈ লাগে”, বাবাই ক'লে। তেৱোঁ একো নোকোৱাকৈ মনে মনে ভাবি গুচি গ'ল, ‘শূদিৰৰ চোতালৰ সকামলৈ গোসাঁই যোৱা নিয়মেই নহয়, তাতে এঘৰীয়া হৈ থকা বিপুলে সিহঁতক এনেয়ো আজি খোজ পেলাবলৈ নিদিব।' বাবাই পুনৰ সুকন্যাৰ ওচৰলৈ খোজ দিলে, ভায়েকে তাৰ কোঁচৰ ওপৰতে জঁপিওৱাৰ দৰে কৰিবলৈ লাগিল। অলপ ৰৈ বাবাই তাক সকামৰ ফালে দেখুৱাই ক’লে, “ব’লা, যাওঁ।' লগে লগে সি কান্দোন এৰি থিৰ হ'ল। বাবাই লাহে লাহে খোজ আগবঢ়ালে। শাৰী পাতি ভকতবোৰ বহি আছে, বিলনীয়াই পাত পাৰিছে, ভিতৰতো ঢাৰি পাৰি শেষ কৰি এজনে থিয় হৈ ৰৈছে, ভকতৰ এমূৰত বাবাহঁত ৰ'লগৈ। আটাইৰে চকু থৰ হৈ গ'ল। বিলনীয়াকেইজনো ৰৈ দিলে থিয়দঙা দি। “বহিবলৈ দে! ওভতাই পঠিয়াব নাপায়!' এজনে সৰুকৈ ক'লে। “অথনিৰ পৰা কান্দি আছিল সৰুটোৱে৷ তাৰ এতিয়া উপায় নাই। কিনো বুজি পায়! লৈ আহিল ভায়েকক! আন এজনে ক'লে। ‘হ’ব দে, পাছত যি হয় হ'ব। এতিয়া বহিবলৈ দে। একদম অতিথি নিচিনাকৈ গণ্য কৰিবি। যেনেকৈ প্ৰতিজন গুৰু-ভকতক সন্মান কৰি পঠিয়াৱ, তেনেকৈ সন্মান কৰি পঠা, ঘৰমুৰি পাতলৈকে।' আন এজনে ক'লে। ‘গৃহস্থঘৰে একো নুলিয়াবি এতিয়া। কাৰোৰে গাত একো দোষ নাই, তহঁতৰো নাই, ইহঁতৰো নাই। পবিত্ৰ আত্মা, একো নাজানি আহিছে।' ‘ঘুৰি গৈ ভাল পিটন খাব আজি!’ “খাওক। সেইটো পাছৰ কথা! মই হ'লেও পিটিম। এনেকুৱা অৱস্থাত ময়ো সৰু- ডাঙৰ নাচাওঁ, ল'ৰা-ছোৱালীক পিটি পিঠি ফালি দিম। কিন্তু এতিয়া ঘূৰাই পঠিয়ালে মানুহঘৰক আৰু বেছি অপমান কৰা যেন হ'ব। এইটো কৰিলে ইহঁত সকামৰ ঘৰৰ মানুহৰো গোটেই জীৱনলৈ বদনাম হ'ব। আৰু ঈশ্বৰৰ দোষো লাগিব কিন্তু, নাপায়, অতিথি মানে অতিথি।'