সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৬ কুলাংগাৰ মানুহকেইজনলৈ চাইলে, ‘বহকচোন আপোনালোক।' এজনে ডাঙৰকৈ দোৱানত চোতালৰ এটাক ক'লে— সিটোক আঁতৰাই লৈ যা। মাৰিবলৈ যোৱাটোৱে ককালত পিন্ধি অহাখনো খুলি পেলালে, অকল জাঙিয়াটো পিন্ধি সি ৰৈ থাকিল। তাৰ ঘৰৰ সম্পৰ্কীয় ছোৱালী এজনীয়ে কাপোৰকেইটা গোটাই আনি নুৰা কৰি ধৰি ৰৈ থাকিল। দুটামানে শান্ত মাতেৰে তাক চোতালৰ পৰা বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰিলে। কেইবাটায়ো ঘেৰি ধৰি তাক উলিয়াই লৈ গ'ল। “সি কিয় কাপোৰ খুলি পেলাইছে?' বহি থকা বয়সস্থকেইজনক বিপুলে সুধিলে। ‘এইটো আমাৰ নিয়মৰ নিচিনা। কাপোৰ খুলিলে মানে বেলেগে জানি যায়— এইটোৰ তেনেই খং উঠিল। তাক সেই সম্পৰ্কে একো নকয় আৰু তেতিয়া। যদি কয়, ডাঙৰ কিবা হৈ গ'লে, মানুহ মাৰি দিলেও,তাৰ দোষ নাথাকে।” ‘অ’, সেইটো নিয়ম আছে নেকি?” “ছাৰ, বেয়া নাপাবি দেই। আমি বহুত লাজ পাইছোঁ। নক'লেও তহঁতে বুজিছই চাগে।' আন এজনে ক'লে। ‘আপোনালোক সৱেই কৰা নাই নহয়, বেয়া নাপাওঁ। কিন্তু এইটো এটা বদনাম হ’ল আৰু৷ আমাৰ গাঁৱৰ ৰাইজে আমাক আকৌ হাঁহিবলৈ চল এটা পালে।' সুকন্যাই ক'লে। “হয় হয়। ইমানখিনি যে ঘটিব আমিও ধাৰণাই কৰা নাছিলোঁ নহয়। বেয়া নাপাবি আৰু দেই।' “কিয় লাগিল নো?’ ‘এই..., ডেকা ল’ৰা, ল'ৰামতীয়া ধেমালি। ইটোৱে সিটোক জোকাই আছিল। কিন্তু ই বেছি খাই আহিল যে আজি, খং উঠিল, সি নিজেও চাগে ৰখাব নোৱৰা হ'ল, নহ'লে খং উঠিবলগীয়া কথাই নহয়!” ‘ছাৰ অ’, আমিও খাই আহিছোঁ, খোৱাটো আমাৰ বিহুত থাকেই, নিয়ম আমাৰ, কিন্তু আমাক বলে নোৱাৰে। ই চাগে ইঘৰ-সিঘৰ গৈ ঠিকছে খালে। আমি এইবাৰ এইটো নিয়ম কৰি দিব লাগিব— খাই থাকিলে বিহু মাৰিবলৈ কোনো আহিব নোৱাৰিব৷' আন এজনে ক'লে। চোতালৰ মহিলা এজনীয়ে মাত দিলে, “উইঐ..., কি বিহুৰ পৰা কি বিহু হ’ল উঐ!’ তেওঁ দোষী দোষী ভাবৰ হাঁহি এটা মাৰিলে, ‘উঐ, ছাৰ-বাইদেউ বেয়া নাপাবি আৰু আমাক!’ বেয়া নাপাবলৈ বাৰে বাৰে কৈ কৈ তেওঁলোক সকলো যাবলৈ ওলাল। বিপুলহঁতে কেইজনমানক চোতালত বহিবলৈ ক'লে। বাবা আৰু সৰু ল'ৰাটোৱে সেৱা কৰিলে। দক্ষিণাটো লৈ তেওঁলোকে বেয়া নাপাবলৈ পুনৰ কৈ কৈ গ'লগৈ।