সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কুলাংগাৰ

আতাকে বাৰাণ্ডাত বহি দুপৰীয়াৰ চাহ বাতিলৈ অপেক্ষা কৰি আছিল। সিহঁতক তেওঁ অকল পানী খুৱায়ে নপঠিয়ালে। চাহকণ হোৱা সময়তে বিপুলহঁতৰ অত দিনৰ খু-দুৱনি মাৰ গ’ল।

 পাছৰ এবাৰ বিপুলহঁত পুনৰ সোমাল। সেইবাৰ বিপুলৰ মনলৈ এটা অজানা অনুভৱ আহিল— মানুহঘৰৰ প্ৰত্যেকৰে মুখত লাগি থকা গাম্ভীৰ্য আৰু সন্মানবোধেৰে কৰা চাল-চলনত এক সুষমা প্ৰকাশ হৈ আছে। সি নিজে এনেকুৱা এটা মানুহ যি খিকিন্দালি মাৰি বা কথাৰে থলথলাই থকা সময়কণত সুখ পায়, প্ৰতিটো কথা ফুচুৰিলৈ লৈ যাবলৈ পালে তাৰ স্নায়ুত শান্তি লাগে, তাৰ মাতটোও ডাঙৰ, মুখত সচৰাচৰ লাগি থকা বেঙা হাঁহিটো আছেই, তথাপি সকলোৰে শেষত এই ঘৰখনে দিয়া শান্তিৰ ভাবটোৰ বাবে সুকন্যা তথা ঘৰখনৰ অধিক সংগ পাবলৈ সি ব্যাকুল হৈ পৰিল। ঘৰলৈ উভতি যোৱা দিনাই গধূলি চ’ৰাঘৰত আতাকৰ ওচৰত বহি বিপুলে ক’লে— ‘আতা, বহঁতপুৰ পোৱাৰ আগত যে বোকাগাঁও বোলা ঠাইকণ, সেই নামঘৰটোৰ কাষৰ অকলশৰীয়া মানুহ তিনিঘৰ যে, সিফালৰ দুঘৰ ____ সত্ৰৰ গোসাঁই। মাজৰজন সৰু, সত্ৰাধিকাৰ সিফালৰজন। মই সিদিনা যাওঁতে সৰুঘৰত সোমাইছিলোঁ। তেওঁলোকো অতীজৰ আমাৰ মাজুলীৰে হেনো। ককাকৰ দিনতে তেওঁবিলাকে ধান খেতিৰ মাটি বিচাৰি সেই ঠাই পালেগৈ, ৰাতি বাঘে বেৰত গা ঘঁহাই যোৱা সময়ৰে পৰা হাবি মোকলাই আছে। ভকতো কিছুমান পাছত গৈ দূৰত বহিল। কাষৰ ঘৰো ভকতেই, কিন্তু তেওঁলোকৰ নহয়। বহঁতপুৰ গাঁওখনো তেওঁলোকৰ সেৱকীয়া নহয়। বোকাগাঁও পোৱাৰ আগতেই থকা তামোলগুৰি গাঁওখনহে তেওঁলোকৰ, তাতে তেওঁলোকৰ দুঘৰমান জ্ঞাতিও আছে। সেই সমুখৰ মিচিংগাঁওখনহে বোকাগাঁও, এওঁলোক তিনিঘৰে বহঁতপুৰহে লিখে। মই সিদিনা মনতে কথা এটা ভাবি পালোঁ, ঘৰখন আপুনি এবাৰ চাই আহিবগৈচোন...’, টোপোলা সম্পূৰ্ণকৈ নোখোলোঁতেই মেকুৰীয়ে মাছৰ গোন্ধ পোৱাৰ দৰে দেৱেন ভিতৰৰ পৰা গৰগৰাই ওলাই আহিল, ‘সেইঘৰ কাল-সংহতিৰ গোসাঁই! সিহঁতে দিনত চাকি নজ্বলায়! আজিলৈকে সিহঁতে দিয়া পানী এটুপি আমি মুখত দি পোৱা নাই। ক’ৰ ঘৰ চাবলৈ যোৱাৰ কথা উলিয়াইছ তই?...’ এটা এটাকৈ, সৰু নবৌয়েক, ভনীয়েক দুজনী আৰু ডাঙৰহালো ওলাই আহিল; গোটেইখনে মুখে মুখে খেচখেচাই ধৰিলেহি। সিহঁতে হঠাতে তেনেকুৱাখন কৰিব বুলি বিপুল আৰু আতাক এজনেও ভবা নাছিল, দুয়ো তধা লাগি ৰৈ থাকিল। বিপুলে তৎ ঘূৰাই ধমকি মাৰি ক’লে, ‘ৰচোন তহঁত!’ সি পুনৰ মাতটো সৰু কৰি আতাকলৈ চাই সিহঁতক কোৱাৰ দৰে ক’লে, ‘কাল-সংহতি নে পুৰু-সংহতি মই জানি অহা নাই নহয়! তেওঁলোকে দিনত চাকি জ্বলাই নে নজ্বলাই মই কাক সুধিবলৈ পাইছোঁ? কথাটো মই প্ৰথমেই আতাক কৈছোঁ। একো ক’বলৈ নাপাওঁতেই তহঁতে ৰৌ-ৰৌখন কিয় লগাইছ?’ দেউতাই ক’লে, ‘কাষৰ ভকতঘৰ আমাৰ সংহতিৰে। সেইটো নামঘৰত সকাম-নিকাম হ’লে সেইঘৰ ভকত নিষ্পতি নাযায়। বৰ-সকাম পাতিব লগা হ’লেও বেলেগ নামঘৰত পাতেগৈ। এনেই আহ-যাহ আছে, কিন্তু সেইখন ঘৰত