Sto কুলাংগাৰ ক্লাছখিনি আৰম্ভ হোৱাৰ পাছতো কথাটো বাবাৰ মনলৈ আহি আছে। সি মাজে মাজে ছোৱালীজনীৰ মুখলৈ চালে, তাই নিচিন্ত মনে ফলি-কিতাপ লৈ কামত লাগি আছে, ঘৰৰ কথাবোৰ তাই একেবাৰে পাহৰি যোৱা যেন দেখা গৈছে। ‘আমাৰ মা- বাবাহঁতৰ কাজিয়াৰ কথা মই ক'ব নোৱাৰোঁ দেই আনক!' সি ভাবিলে। জিৰণি সময়ত ৰ’দটো ওলাল। কেইবাদিনৰ মূৰত ৰ'দটো পাই ল'ৰা-ছোৱালীবোৰে খেলি মতলীয়া হৈ পৰিল। ৱাৰ্ণিং বেল পৰাত আটাইবোৰ নিজৰ নিজৰ ঠাইলৈ আহি বহাৰ পাছতো খেলৰ কথা শেষেই হোৱা নাই সিহঁতৰ। ‘বাবাকণ, সৌৱা তোমালোকৰ মায়ে লেপ ৰ'দত দিছে, চোৱাচোন চোৱা', লগৰ এটাই বাবাক ক’লে। সি ঘৰৰ ফালে চাই দেখিলে, সুকন্যাই লেপ দুখন ডাঁৰত দি কম্বল এখন মেলি আছে। কুঁৱলী আঁতৰি যোৱাৰ পাছতে অহা ৰ'দছাটিত গোটেইখন স্পষ্টকৈ দেখা গৈছে। বহু মাহৰ মূৰত দেখাৰ দৰে সি মাকৰ ফালে চাই থাকিল। লগৰটোৱে যিমান উৎসাহেৰে তাক চাবলৈ কৈছে, ঘৰৰ ভিতৰত তাৰ ওলোটা আছিল, কেইবাদিনো বিপুল-সুকন্যালৈ ভালকৈ চাবলৈ সি সাহ কৰা নাছিল, সিহঁতহালৰ মাজত ভালকৈ কিবা মাত-কথাও সি বহুদিন শুনা নাছিল। চিন্তাবোৰে তাক ভেলেঙা লগাই ৰখাই থৈ দিলে। ‘মাক কেতিয়াবাই ভিতৰলৈ গ’ল, নায়েই বাহিৰত, সি চায়েই আছে চোৱাচোন!’ল'ৰাটোৱে হাঁহি হাঁহি বাবাক জোকাই বেলেগ এটাক ক'লে। দুয়োটাই হঁহা দেখি বাবায়ো মিচিকিয়াই হাঁহিলে। দেওবাৰৰ ৰাতিপুৱা সোনকালে কুঁৱলী আঁতৰিল, ৰ'দটো ওলাল। চোতালত দ’মাই থোৱা মাহ-গছখিনি বিপুলে ওখোন এটাৰে বহলাই মেলি দিলে। পঢ়া সময় শেষ হোৱাত বাবাই সুধিলে, “মাহখিনি মই কোবাও নে?' আবেলি কোবালেহে গোট ওলাব। বাবাই কোবালে এনেয়ো কামত নাহে, বিপুলে ক’লে,‘কোবা।’টাঙোনডাল তুলি লৈ সি দ’মটোৰ চাৰিওফালে ঘুৰি ঘূৰি কোবাবলৈ ধৰিলে। ‘বাবাকণ’, ভিতৰৰ পৰা সুকন্যাই চিঞৰি মাতিলে। “মাহ কোবোৱাৰ আগতে তই দোকানৰ পৰা আহি লগৈ যা। এয়া ল।' তাই তাক পইচা আৰু লিষ্টখন দিলে। সি ছাৰ্টটো সলাই, মোনাটো হাতত লৈ ওলাল। বাৰাণ্ডাৰ পৰা উভতি সি আকৌ ভিতৰলৈ সোমাই গ'ল, সুকন্যাক ক’লে, “মা, মই ভিতৰৰ পৰা গামোচা এখন লৈ যাওঁ নে?' ‘গামোচা কেলেই? নালাগে নিব।' তাই ভাবিলে, সি চাগে মূৰত মাৰি যাবলৈ বিচাৰিছে, কাম কৰি থকা মানুহে মূৰত মৰা দেখিছে নহয়, নহ'লে বিহুত লোৱাৰ দৰে ডিঙিত লৈ যাবলৈ বিচাৰিছে চাগে। সি একে ঠাইতে ৰৈ থকা দেখি তাই আকৌ সুধিলে, ‘গামোচা কেলেই?’ ‘এনেই লৈ যাওঁ।’ সি একদম তজবজীয়াটো হৈ উত্তৰ দিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৮৯
অৱয়ব