সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজীমলাৰ মাকৰ সন্ধানত ১৭৭ কিছুমান ব্ৰহ্মাস্ত্ৰ যেন, কিছুমান যেন ক্ষন্তেক পাছতে নৱ ৰূপ ল'বলগীয়া কিবা এক বিচিত্ৰ বস্তু, তাতকৈও কিমান বা সুকীয়া গঢ় নেদেখাকৈ পৰি আছে তাত! তিনিটা বস্তা আৰু কুঠাৰখন কেৰিয়াৰত বান্ধি চাইকেল ঠেলি বিপুল ওলাল, সব মিট এখন লৈ পিছে পিছে বাবা। আধাবাটত সিহঁতে সিফালৰ পৰা আহি থকা গালুকবিলৰ মানুহ পাঁচজনী পালে। ‘ঐ ছাৰ, কলৈ যাৱ?' ‘হুতুমুৰি আনিবলৈ যাওঁ। কাইলৈ মেজি জ্বলাব লাগিব নহয়। তহঁত ক'লৈ গৈছিলি?’ —উই... আমি পুৱাই গ’লোঁ মাজুলীলৈ। মাহ বুটলি থৈ আহিলোঁ। “ভাত-পানী তাতে খালিহঁত নেকি?' মূৰৰ ওপৰৰ বাচনবোৰ দেখি সি সুধিলে। ‘কালোঁ,কালোঁ। এজনীয়ে ৰান্ধিলোঁ আৰু।’ অলপ দূৰ যোৱাৰ পাছত বাবাই বিপুলক সুধিলে, “কিয় মাজুলীলৈ গৈছিলোঁ বুলি কৈছে? গোটেইখনেই দেখোন মাজুলী।’ বিপুলে হাঁহি ক’লে, “সিফালে চাপৰি এটা আছে। সেইকেইজনীয়ে চাপৰিটোৰ নাম মাজুলী দি লৈছে। কি বুজি পাই! এইকণ ঠায়ে সিহঁতৰ কাৰণে সমস্ত জগত। পঢ়া-শুনাও নাইকিয়া! মাজুলী মাজুলী শুনি থাকে নহয়, শব্দটো কিবা ভাল লাগি চাপৰিটোৰ নামেই নিজে মাজুলী কৰি লৈছে।' সিহঁত গৈ লুতুমুৰিৰ জগতখন পালেগৈ। কৰঙা-ঝাঁও-মাদুৰিৰ মাজত ব্ৰহ্মপুত্ৰই বালি পেলাই থৈছে, তাতে কিছুমান আধা পোত গৈ কত যুগৰ পৰা মুকুতাৰ দৰে পৰি আছে। বহু দূৰৰ পৰা উটি আহি কৰঙাত লাগি সিহঁত সৰকি যাব নোৱাৰিলে, কোনোবাবাৰ বাৰিষা সামান্য সলনিও হৈছে স্থান, সিহঁতৰ লগৰে কিছুমান কৰঙা সৰকি অজান স্থানলৈ গুচিও গৈছে, পানীত ঘঁহনি খাই খাই গোটেইবোৰ কুন্দত কটাৰ দৰে হৈ পৰিছে। বাবাই পাৰে মানে বস্তাত ভৰোৱাত লাগিল। সিহঁত ঘুৰি আহি পদূলিত গোটেইবোৰ পেলালে। ‘একে কোবেই মেজিটো সাজি লওঁ। সৰু সৰুখিনি তই ভাগ কৰি থচোন, কিছুমান দুফাল কৰিব লাগিব। ম‍ই কেঁচা বাঁহ দুটা কাটি আনো।' বিপুলে বাবাক ক’লে। কেইডালমান ভাগ কৰি থৈয়েই বাবাই অদ্ভুত ভাঁজৰ তিনিডাল একাষে লৈ কিবা কৰিব পাৰি নেকি ভাবি আছে। বিপুল পুনৰ ওচৰ পালেহি, বাবাই গমেই নাপালে। “হৈ, কি ভাবি আছ? গোটেইখিনি বাচ।' বিপুলৰ মাত শুনি সি চক খাই গ’ল। ‘অলপ বেঁকা খৰি এডাল পালেই সি সদায় সেইডালকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ! থ, একো কামত নাহে, একেলগে থৈ দে। বাচ বাচ। নহ'লে গধূলি হ'বগৈ।’