তেজীমলাৰ মাকৰ সন্ধানত ১৭৫ কষ্ট খাইছে। কোব নিদিয়াকৈ সুকন্যাই এছাৰি এডাল দাঙি ধৰি উত্তৰটোৰ বাবে ৰৈ থাকিল, ‘ক সোনকালে। আকৌ দিম নহ'লে’, তাই এচাট দিয়েই দিলে। চিঞৰ এটা মাৰি বাবাই হিকটিয়াই হিকটিয়াই উচুপিবলৈ ধৰিলে। ‘চুপ থাক’, তাই ডাঙৰকৈ ক'লে, যেন বাবাক নকৈ বিপুলকহে কৈছে। অতিষ্ঠ হৈ চন্দন নামি আহিল, পাকঘৰৰ দুৱাৰমুখৰ পৰা ক্ৰোধেৰে অলপপৰ চাই ৰ’ল, “তহঁতে ইয়াৰ পৰা এনেকৈ উঠি যোৱাটো ভাবিছ নহয়? এইখন হুলস্থূলত তহঁতক উত্তৰপাৰৰ মানুহে একেদিনাই খেদি পঠিয়াব! ওচৰৰ মানুহে কুকুৰ লগাই খেদিব তহঁতক। কেনেকুৱা উৎপাতখন কৰি আছে আটাইসোপাই গধূলিৰ পৰা!” কৈ লৈ সি ফোঁ ফোঁৱাই গুচি গ'ল। ভিতৰৰ কোঠাটোৰ পৰা ওলাই সি বাহিৰৰ বিছনাৰ আঁঠুৱাখন তৰি শুই দিলে। তাৰ মুখত সেইষাৰ শুনাৰ আশা সুকন্যাই সমূলি কৰা নাছিল, ইমানপৰে যি গৌৰৱ তাই মনত লৈ আছিল, জুইত পানী পৰা দৰে হ'ল। লাজ-অভিমানত তাই উঠি গৈ সৰু ল'ৰাটো লৈ শুই থাকিল। ভাত খোৱাৰ সময় সাৰি যোৱাত বিপুলে তাইক দুবাৰ মাতিলে। তাই মাত নিদিয়াত সিও শুবলৈ সাজু হ'ল। পাকঘৰৰ পৰা বাবাই সকলো গম পাই কিতাপ-বহী সামৰি ভিতৰৰ কোঠাটোত সোমাল। সিও লাহেকৈ বিছনালৈ উঠিল। বিপুলে লেম্পটো নুমাই দিলে। বাবাহঁতৰ টোপনি আহিল। ডাঙৰ তিনিটাৰ এটাৰো অহা নাই। চন্দনে মনৰ ভিতৰতে গুজৰি-গুমৰি আছে, ‘কাইলৈ ৰাতিপুৱা তাইক টানকৈ ক’ম— তহঁতে নিজে কি লাগ লাগি থাক, এই অদৰকাৰী হুলস্থূলবোৰ মোৰ আগত যদি কৰি থাক মই কেতিয়াও নাহোঁ। অৰ্থহীন কাজিয়া কিছুমান কৰি আছিলি কিয়? মই অহা বুলি তহঁতৰ অকণো গন্তাই নাই? ’ তাৰ অভিমানো জাগিল। সময় যথেষ্ট পাৰ হ'ল। সুকন্যাক টোপনিয়ে হেঁচা মাৰি ধৰিলে। খং-চং এতিয়া সম্পূৰ্ণ মাৰ গ'ল তাইৰ। “বিছনাৰ পৰা গৈও ভাত-পানী বাঢ়িব পৰা যাব, কাইলৈ ৰাতিপুৱা কেৰাহী-বটুৱা ধুই শুদ্ধ কৰি পেলালেই হ'ল।' তাই বিছনাৰ পৰা নামি বিপুলৰ গাত ধৰি মাতিলে, বিপুলৰ ঠেহ নাইকিয়া হৈ পৰিল। লেম্পটো জ্বলাই দুয়োটা পাকঘৰলৈ গ'ল। সুকন্যাই ভাত বাঢ়িবলৈ কাঁহী-বাতি ঠিক কৰিলে, বিপুলে পীৰা পাৰি দিলে, তাই ক'লে, “চন্দনক মাতি আনকগৈচোন যাওক। ইহঁত দুটাৰ ভালকৈয়ে টোপনি আহিল চাগে, ইহঁতক নালাগে জগাব, আবেলি খাইছিলহে, এতিয়া উঠি এনেয়ো নাখায়। ৰাতিপুৱাই খাব। উলিয়াই থৈ দিম, জলপানৰ নিচিনাকৈ খাব।’ বিপুলে গৈ চন্দনক কেইবাবাৰো মাতিলে। তাৰ একো মাতবোল, কাতি-কুতা নাই। বিপুলে তাৰ গাটো অলপ জোকাৰি দিলে। সাৰসুৰ থকা যেন নালাগিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৮৪
অৱয়ব