সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭২ কুলাংগাৰ ‘এনেই মৰা দৰে কিয় হৈছে!' এইবাৰ শনিৰ মাত অলপ উগ্ৰ হ'ল৷ আকৌ লগে লগে নিজকে শান্ত কৰি সি ক’লে, ‘এনেই মৰা দৰে নহয়৷ এইবোৰৰ মূল্য পাব এদিন। মূল্য আপোনালোকেই পাব, আমি নাপাওঁ। অসমীয়া ৰাইজেই পাব।' সিও নিজে মৰিবলৈ সাজু হৈ থকাটো গোপালে বুজি পালে। ভাব-গভীৰ হৈ কিছু সময় মনে মনে যোৱাৰ পাছত গোপালে সুধিলে, 'অসমখন স্বাধীন হ'ব নে?' স্বাধীন হ'ব নে নহয় সেই লৈ গোপালৰ একো মতলব নাই, স্বাধীন হ'লেও নহ'লেও তেওঁ ইয়াত খেৰ কাটিবহিয়েই লাগিব। তেওঁ ইয়ালৈ খেৰ কাটিবলৈ আহিছে, শনিয়ে ইয়ালৈ অসম স্বাধীন কৰিবলৈ আহিছে, গতিকে শনিয়ে তেওঁৰ পৰা খেৰৰ খবৰ ল'ব আৰু তেওঁ শনিৰ পৰা অসমৰ স্বাধীনতাৰ খবৰ ল'ব। খবৰটো আগতীয়াকৈ লৈ থোৱাৰ ভংগীৰেহে গোপালে সুধিলে। গোপালে গভীৰ কৌতূহলেৰে সোধা যেন ধাৰণা কৰি শনিয়ে সম্পূৰ্ণ নিশ্চিতি দি উত্তৰ দিলে, “হ’ব এদিন। অত মানুহ আজি জড়িত হৈ গৈছে, আপুনি কি ভাবে? এয়া আৰম্ভণিহে। তথাপি দেখিছেনে নাই, কিমান ব্যাপক! এই যুদ্ধতো মানুহ ৰাজপথলৈও ওলাই অতি শীঘ্ৰেই যোগ দিব। ভাৰতবৰ্ষই ব্ৰিটিছৰ লগত যিমান দিন যুঁজিব লগা হৈছিল, তাৰ আধাদিনো সময় আমাক নালাগে। আহি আছে সময়।’ চাহ খাই শনি যোৱাৰ পাছত সুকন্যাই গোপালক ক’লে, ‘সি কি ভাষণ মাৰি আছিল নো ইমানকৈ? ‘এনেই এইবোৰেই— দেশৰ কথা, সমাজৰ কথা। “ইমান জনাবোৰ ওলাইছে! আলফালৈ ডাক্তৰ-ইঞ্জিনিয়াৰো যোৱাৰ কথা শুনো দেখোন, ইহঁত ইয়াত ইমানগাল ল'ৰা আছেহি, বেজী এটাও দিব পৰা কোনোবা এটা নাই নে! হৰেন বৰাটোৱে মিছামিছি খুঁচি খুঁচি মানুহবোৰ ঘুণীয়াহে কৰিছে৷' গোপালে লগাই দিয়াৰ সন্দেহত তাই বেছিকৈ নকৈ মনে মনে ৰ'ল, তাইৰ খংটো উঠিবলৈ ধৰিছে, ডকাইতিটো যোৱাৰাতি হৈ যোৱা যেন ভাবটো পুনৰ আহি আছে। গোপাল মনে মনে ৰৈ থাকিল। তাইৰ খংটো দেখি ডকাইতি ঘটনাটো তেওঁৰো মনলৈ আহিল। তাই আকৌ ক'লে, “ইহঁতবোৰক ম‍ই একদম চকুপাৰি দেখিব নোৱাৰোঁ। আপোনাক বুলিহে কৈছোঁ বিশ্বাসত।’ “মই নকওঁ, কাকো একো নকওঁ। কেলেই ক’ম!” ‘সেই বুলিয়েই কৈছোঁ, ইহঁতক একদম লগ নল’ব, কি বিশ্বাস আছে এইবোৰৰ? সিহঁতেতো নিজৰটো চাবই। সময়ত যেতিয়া সিহঁতে নিজক বচাব লগাত পৰিব, তেতিয়া আপোনাক সহায় কৰাটো সিহঁতৰ দায়িত্বত নধৰে নহয়, আপুনিহে ফচিব।' খং এটা উঠি আছে যদিও তাইৰ মনত শনিৰ প্ৰতি সন্দেহটো কমি গৈছে এতিয়া। তাৰ কথাবোৰ নাটক