তেজীমলাৰ মাকৰ সন্ধানত ১৭১ চিঠি লিখি খবৰ দিয়াইছে পূজা কৰাটো, মানুহ পঠিয়াই দিছে তৰা-নৰা ছিঙি বিধায়কৰ ওচৰলৈ যাবলৈ, সংবাদদাতাও মতাইছে। বিধায়কেতো ভালেই পাইছে সেইবাবে— পূজাকে কৰি থাকক!” বিপুলে একো সংযোগ উলিয়াব নোৱাৰি অন্যমনস্ক হৈ বহি আছে। শনিয়েও বুজিছে, সি কাকো একো বুজাব পৰা নাই। সকলোৱে এটা কথা জানে— শনিয়ে বহুত পঢ়ে। সি য’তেই থাকিবলৈ যায়, অস্ত্ৰ-শস্ত্ৰৰ লগত তাৰ কিতাপৰ মোনাটোও কঢ়িয়াই লৈ যায়। সংগঠনৰ ল'ৰায়ো পঢ়াৰ কথা গাঁৱৰ মানুহে কল্পনাই কৰা নাছিল। সুকন্যাই ভাবিলে, “সি পঢ়ি পঢ়ি এতিয়া বমিয়াই আছে। কিতাপ পঢ়ি কি কৰিলে সি? সোণ চুৰ কৰিলে! ডকাইত এটা সি।’ তাৰ প্ৰতি গোপালৰ ভাল ভাব এটা আছে, তথাপি বিৰক্তিৰে লঘু সুৰত ক'লে, ‘শংকৰৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন বিৰোধ হৈছে। তেনেকেই কত ভাগ ভাগ গুৰু ওলাল, কিন্তু এইটো বিৰোধ আজি প্ৰথম শুনিলোঁ! চোৱা, ক'বলৈ বেয়া, কিন্তু তোমালোকেও লোকৰ ঘৰত খাই-বৈহে আছা, অচিন ঠাইত। তোমাৰ হাতত বন্দুক আছে, তুমিহে ৰাইজক শিকাব লাগিব। কিন্তু কিতো কৰিব পাৰিছা?” “তোমালোক মানে মই মোৰ মনৰ কথাটোহে কৈছোঁ, এইটো আলফাই কোৱা নাই।' শনিয়ে গোপালৰ মনটো নিৰীক্ষণ কৰি ক'লে। বেলেগে তাক তেনেকৈ কোৱাৰ সাহস নকৰিলেহেঁতেন, গোপাল কথকী মানুহ, তেওঁ কথা চোবাই চোবাই মানুহক যেনেকৈ ক'লেও বেয়া নোপাৱা সম্পৰ্ক এটা গঢ়ি ল'ব পাৰে, সেইবাবেই সিও তেওঁৰ প্ৰশ্নটো শুনি বেয়া পোৱা নাই, খঙো নাই উঠা। সি আকৌ ক’লে, ‘আমাৰ এতিয়া পৰিৱেশ নাই। অকলে কেইজনমানে পৰিৱেশ গঢ়িব নোৱাৰি, শোষণে আমাক সজাত বন্দী কৰি থৈছে, সেইবাবে মুক্তিৰ বাবে বন্দুক ল'ব লগা হৈছে। আমাক যদি বেলেগ এখন সমাজ দিলেহেঁতেন আমি সহজেই বহুত কৰিব পাৰিলোঁহেঁতেন। আমি য'ত আশ্ৰয় লৈ আছোঁ তাত ৰাইজৰ লগত তৰ্ক কৰি বা তেওঁলোকৰ বিশ্বাস ভাঙি আমি নুবুজাওঁ। আমাক নিজৰ দৰে নল’লে আমাৰে বিপদ হ’ব, এইটো আমাৰ কৌশল, গোপনে থাকিবলৈ সহায় লাগিব আমাক।’ ‘বাৰু বাদ দিয়া, তোমাৰ অভিজ্ঞতা কোৱা। পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱাহঁতক কেতিয়াবা লগ পাইছানে? ” ‘আগতে কথা হৈছোঁ, ৱায়াৰলেছত। লগ পোৱা নাই। এতিয়াৰ পৰিস্থিতিটো এয়াই হৈছে! এতিয়া কথাৰ যোগাযোগবোৰো সিমান নচলে, অলপ অসুবিধা আছে।’ “বৰ বেয়া দিন আহিল! এইবোৰ কি হ'বগৈ, কি নহ'বগৈ, মই একো ভাবি অন্ত নাপাওঁ। ল'ৰাবোৰ মাৰিয়েই আছে। মৰি মৰি শেষ হ'বগৈ মানুহবোৰ। সেইবোৰটো এনেই মৰা দৰে হৈছে।'
পৃষ্ঠা:কুলাংগাৰ.pdf/১৮০
অৱয়ব