সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৮ কুলাংগাৰ ধুনা-বাতি পালেহি, এজনে ফুৱাই ফুৱাই আঙঠা উলিয়ালে, এজনে পটুৱা অকণ কাটি ধূপৰ কাঠী কেইডালমান গুজি জ্বলাই দিলে। গোটেই গছ-বনৰ পাত শুকান, কলপাতো পাবলৈ নাই, মানুহকেইজনীমানে থোৰ এটা বিচাৰি আনিলে, সেইটো মোকলাই পাৰি লৈ এজনে তাৰ ওপৰত মিঠাতেলৰ চাকি এগছ জ্বলালে। চাকিগছ সমুখত লৈ প্ৰায় গোটেইবোৰে বিলখনক সেৱা ধৰি প্ৰাৰ্থনা আৰম্ভ কৰিলে। পানীয়ে হেলেক-পেলেক কৰিয়েই আছে। সুকন্যাহঁত ঠাইতে থিয় দি থাকিল, সিহঁতেও ঈশ্বৰক চিন্তা কৰিলে। প্ৰাৰ্থনা শেষ কৰি মানুহবোৰে পাতিলে— বহি লৈ নাম গোৱাটো ভাল হ'ব। কেইদিনমানৰ আগতে বেলেগ চাপৰিৰ সত্ৰাধিকাৰ এজনে গৰাখহনীয়া নহ'বলৈ গৰাৰ কাষত বহি প্ৰসংগ কৰিছে, পাৰত পদজল ছটিয়াইছে,বাতৰি কাকততো হেনো নাম ওলাইছে তেওঁৰ। সেয়েহে এতিয়া মানুহবোৰে ভাবিছে, নাম গালে বিলখনে মুক্তি পাব। বিহ্বল হৈ মানুহবোৰ বিলখনৰ ইকাষে-সিকাষে অহা-যোৱা কৰিবলৈ ধৰিছে। গোপালে খেৰ কটা সামৰি আহি আছিল। মানুহবোৰৰ লৰা-ঢপৰা দেখি দৌৰি দৌৰি ওচৰ পালেহি। তেওঁ চিঞৰি চিঞৰি সৱকে ৰখালে, ‘এইটো ভূমিকম্পহে। ভূমিকম্প আহিলে কেতিয়াবা এনেকৈ লৰে। ওপৰৰ মাটিবোৰ কঁপা নাই, কিন্তু তলে তলে লৰি আছে। হয়তো নদীতো ঢৌ উঠিছে। ঘাটৰ ডিউটিত থকা সংগঠনৰ ল'ৰাকেইটা আহিলে সিহঁতে ক'ব পাৰিব।’ গোপালে নিজৰ গাঁৱত দেখা কাহিনী এটাও চিঞৰি চিঞৰি ক'লে। অকণমান বুজি মানুহবোৰ ৰ'ল, পানী লৰাটোও অলপ কমিল, কিন্তু ভয়টো কমা নাই। শনি ৰৈ থকা দেখি গোপালে ক’লে, “তুমি এইটো গম নোপোৱা নেকি? তুমিও ভয় খাইছা নে! ” “মই ভয় খোৱা নাই। কি হৈছে ম‍ই নাজানো, কিন্তু ভাবিছোঁ— সোনকালে ঠিক হ'ব।' শনিয়ে ক'লে। হঠাতে আকৌ পানীবোৰ জোৰেৰে লৰিবলৈ ধৰিলে। এজনে চিঞৰি দিলে, ‘সেয়া সেয়া, আকৌ আহিছে।' কেইবাজনেও ভয়ত একেলগে চিঞৰ ল’লে৷ গোপালে মাতত জোৰ দি ক’লে, ‘ৰ’ব ৰ'ব, ভয় নকৰিব। কঁপি আছে। একো কৰিব নালাগে, চাই থাকক।' তেওঁ হাতেৰে নিৰ্দেশ দিলে, ‘আপোনালোক কাষৰ পৰা আঁতৰি আহক, আঁতৰি আহক। সেই সিফালৰখিনি আঁতৰি যাওকচোন, আৰু আঁতৰক।’ তেওঁ নিজেও অলপ আঁতৰি আহিল, ‘পাৰটো তললৈ বহি যাব পাৰে। পানী আছেতো, তাতে বালিমাটি! আঁতৰি আহক।' মানুহবোৰ আঁতৰিল। গোটেইবোৰে এবাৰ পানীলৈ, এবাৰ গোপাললৈ চাই থাকিল। লৰাটো সম্পূৰ্ণ অন্ত পৰিল। মনৰ পৰিস্থিতিও শাম কটা দেখি সকলোৱে ঘৰাঘৰি খোজ দিয়া আৰম্ভ কৰিলে। ‘তোমাৰ আজি ডিউটি নাছিল?' গোপালে শনিক সুধিলে। ‘ৰাতিপুৱা গৈছিলোঁ।’ ‘এতিয়া অকলে অকলে? বাকী ল'ৰাবোৰ কোনো নাই? ” ‘আছে কেইবাটাও। ঘৰৰ ভিতৰে বাহিৰে শুই-বহি আছে।’