সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপ্লৱৰ সীলুত উদ্ভূত বীজাণু ১৬৫ সেইকেইটাক ক'ৰবাত মাৰিলে যদিও গম পোৱাৰ উপায় নোলাব! গম পোৱা হ'লে কেনেবাকৈ! অস্তিত্ব নোহোৱা নিচিনাকৈ সিহঁত কি হেৰাই যাব? কিবা এটা গম পোৱা হ'লে! সিহঁতৰ কি হ'ল জানিবলৈ পোৱা হ'লে! তেতিয়াও অকণমান ভাল লাগিলহেঁতেন!’সংগঠনৰ ল'ৰাবোৰ চৌবিছ ঘণ্টাই সজাগ হৈ থাকিব লগা হৈছে, এন্ধাৰতে সিহঁতে নিশ্চিতকৈ বিচৰণ কৰি আছে, এন্ধাৰতো দেখা জীৱৰ দৰে সিহঁতৰ চাল-চলনবোৰ ইয়াৰ পৰাই দেখিবলৈ পোৱা হ'লে! —শিশুৰ দৰে তাইৰ মন গ'ল। পানী উঠোঁতে গোহালিত থকা নিশাবোৰত তাই জলঙাৰে বাহিৰলৈ চাবলৈ আগতে ভয় কৰিছিল— অজান কাৰণত। এতিয়াতো কেৱল অজান নহয়! আহি থকা পানীকেইটা তাইৰ মনলৈ সোমাই আহিল, তাইৰ ভয় লাগিল, ‘এইবাৰ গোহালিত তেনেকৈ থাকিব পৰা যাবনে?' তাই নিজকে অকণমান সাহস দিলে— পানীৰ মাজৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বেলেগ! হঠাতে তাইৰ সমুখতে যেন পূৰ্ণ অৱয়ব লৈ ভয় এটা থিয় হ'ল। মাটিত খোজ দিলেই যেন গুমগুমণি উঠিব! সেইদিনা নিশা মানুহজাক আহি থকা আৰু টকাবোৰ লৈ চোতালেদি সৰকি বাটলৈ গুচি যোৱা খোজবোৰ তাইৰ কাণত বাজিবলৈ ধৰিলে। পালনামৰ পাছদিনা মাজৰ চাপৰিত আমি ভৰি থকাৰ খবৰ আহিল। চন্দন বাধ্যত পৰি দুনিশা থাকিব লগা হ'ল। আমি পুনৰ আহিল। ‘তই ইয়াত সোমাই থকাটো ভাল নহ'ব, কাৰণ ল'ৰাবোৰ আছেই। এইটো চাপৰি পাবলৈ কিমানপৰ, যদি তোকো এইবোৰৰ শাৰীতে পাই যায়, আৰ্মিক কোনে বুজাব পাৰিব! বেছি হুলস্থূল নহওঁতেই গুচি যা।’ আবেলি ৰঘু নেওগৰ পুতেক এটাই ক’লেহি, ‘বাইদেউ, চন্দন ভালে ভালেই ঘৰ পালেগৈ দেই। মই সিপাৰত লগ পাই আহিলোঁ।' ‘অহ, এতিয়াহে শান্তি অঁ, চিন্তাতে মৰি আছিলোঁ। চাপৰিত তোমাক পালে নেকি?” “নাই নাপালে, আমি অহাৰ ফালে আজি নাই। অলপ দূৰত আছে, আমাক দেখিছে দূৰৰ পৰা, ওচৰলৈ নাহিল। চন্দনে প্ৰেক্টিকেলৰ বস্তুবোৰ নিনিলে হ’বলা? নিব পাৰিলেহেঁতেন, কলেজৰ আই-কাৰ্ডখন আছে যেতিয়া কোনো চিন্তা নাছিল, প্ৰেক্টিকেলৰ বস্তু চিনি পাই নহয় সিহঁতেও।' ‘তথাপি। ধৰিলেতো মাৰিয়েই পেলাব, কি ঠিক! ‘কি কি আছিলনো চাওঁ।’ সুকন্যাই টোপোলাটো দেখুৱালেহি। ডাঙৰ আতচী-কাচ এখন, সৰু এখন, অনুবীক্ষণ- যন্ত্ৰৰ লেন্স দুখন, চিৰিঞ্জ এটা, টেষ্ট টিউব কেইটামান, বেলেগ বেলেগ আকৃতিৰ চুম্বক তিনিডাল, ডাঙৰ কাটা-কম্পাছ এটা, স্ত্ৰীঙৰ দৰে তাঁৰ অলপ, ...। কলেজৰ পৰীক্ষাগাৰৰ