১৬২ কুলাংগাৰ কথা শেষ কৰি সুকন্যাই কাকতকেইখন ভিতৰত সুমুৱাই থ'বলৈ বাবাক খুজিলে। সি শিশু-পৃষ্ঠাটো ৰাখিব বিচৰাত তাই পৃষ্ঠাটো আঁতৰাই দিলে বাতৰিটো গুচি যায় নেকি চালে। নাযায়। ‘হো লৈ থ, কিন্তু তই এইবোৰ বাতৰি-চাতৰি বাহিৰলৈ নুলিয়াবি।' ডেৰ মাহ ধৰি নিশা চলা কুকুৰকেইটাৰ ভুকভুকনি আৰু খেদা-খেদিবোৰ লাহে লাহে কমিল। ‘মানুহ আহি বাহিৰত ৰখি থাকিবলৈ কিনো কাৰণ আছিল? নিশাৰ এন্ধাৰত ঘৰখনত কি ঘটি আছে সিহঁতে বাহিৰত ৰৈ কি গম পাব? নে ইয়াৰ পৰা ৰাতি মানুহ ওলাই গৈ কাৰোবাক মাৰি থৈ অহাৰ ভয়ত চাই আছিলহি? সেইটো কিন্তু হ'ব পাৰে! ৰাজীৱহঁতৰ ভয় নথকা নহয়। নহ'লে মানুহে বাহিৰৰ পৰা চাই থকাৰ ভয়টো দেখুৱাবলৈকে দুটা-তিনিটা সদায় আহি কুকুৰকেইটাক জোকাই আছিল, যাতে আমি একো পৰিকল্পনা কৰিবলৈ সাহ নকৰোঁ।' ‘ল’ৰাবোৰে ৰাতি ঘাটত ডিউটি দি টিফিন-চিফিন খায়। ইয়াতো বহি খাইহি চাগে দুটামানে। অহা-যোৱা কৰোঁতে দুটামান লগ হৈ চখতো বহিব পাৰে।’ ফূৰ্তিটোতো কৰিছেই গোটেইজাকে। ভয় খুৱাই ৰখাটোৱেই সিহঁতৰ উদ্দেশ্য। দেখিলে যে ইহঁতে একো কৰিব নোৱাৰে, সেইকাৰণে অহাটো এৰিছে। ’ দিনত কথাবোৰ পাতিলেও, বহু নিশালৈকে গম লৈ থকাৰ অভ্যাসত সুকন্যাৰ টোপনি অহা নাই। চিন্তাবোৰে এদিনো দিনতো শান্তিৰে শুবলৈ দিয়া নাই। সুকন্যাৰ চকুৰ তলত ক’লা তৰপ বান্ধিছে, বিপুলক সিদিনা গাঁৱৰ মানুহ এটাই জোকাইছে— ‘তোমাৰ চকুত কোমল-চাউল তিয়াব পৰা যাব দেখোন!' আগৰ সময়খিনিত, নিশা বহুপৰ মনে মনে যোৱাৰ পাছত সুকন্যা-বিপুলে এটাই আনটোক সৰুকৈ মাত দিছিল, সিটোৱেও মাত দি সাৰে থকাৰ গম দিছিল। বিপুলৰ টোপনি আহিবলৈ কেইদিনমানৰ পৰা সুকন্যাই মাত দিবলৈ বাদ দিছে। বিপুলে দুবাৰমান মাতি তাইৰ সঁহাৰি নাপাই টোপনিৰ আশ্ৰয় লোৱা হৈছে। বাৰাণ্ডাত কুকুৰ এটাই ভুকিলে। সংগঠনৰ কোনোবাই হয়তো আগনিশাৰ ডিউটি শেষ কৰি বাটেৰে উভতি গৈছে। এন্ধাৰ মৰিশালি বুলিলেই ভূতৰ তালফালে গুমগুমাই থকা যেন লগাৰ দৰে গোটেই চাপৰিটোত নিশাতে এখন হুলস্থূলীয়া নগৰ গঢ়ি উঠি নিশাতে সামৰণি পৰে যেন লাগিল সুকন্যাৰ। তাইৰ এনেকুৱাও লাগে যেন কিবা কাৰণতহে পলম হৈছে, কিজানি পলমকৈ হ'লেও সিহঁত আহিছেই, কিজানি চিলমিল টোপনিতে চোতালত তাই মাতটো শুনেই— ‘মহন্ত ছাৰ, আমি সংগঠনৰ মানুহ আহিছোঁ, দুৱাৰখন খোলকচোন।' ‘হেৰা!’ বিপুলে সাৰ পাই সুকন্যাক মাতিলে। তাই গম নিদিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৭১
অৱয়ব