বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু ১৬১ বিপুলে সুকন্যাক দেখুৱালেহি, ‘এই দুখন আমাৰ বাতৰি। কিন্তু এইখনত কেনেকৈ লিখিছে চোৱাচোন। এইটো দেৱেন দাৰ চক্ৰান্ত! মোক তাত কৈ পঠিয়াইছে— এইটো আপোনাৰ দাদাহঁতৰ চক্ৰান্ত।' আচল বাতৰি দুটা খপৰাই পঢ়ি সুকন্যাই আনখন বাতৰি ল'লে, শিৰোনামটো দেখিয়েই তাই শেঁতা পৰি গ’ল, 'এইবোৰ কি পঢ়িমনো! লওক। এইবোৰ পঢ়ি নাথাকোঁ।’ বিপুলে দেবেনহঁতক গালি পাৰিবলৈ ধৰিলে। দাদাহঁত নহয়। এইটো ৰাজীৱহঁতেই কৰিছে। সিহঁতৰ চিনাকি সাংবাদিক আছে, লিখি দিছে পইচাৰ সৈতে, উলিয়াই দিছে।' বিপুল লগেই লগেই খাটাং হ’ল— হয়, দেৱেনহঁতে কিয় কৰিব তেনেকুৱা কাম, এইটো ৰাজীৱহঁতৰে কাণ্ড! বাবাই কাকতখন বিপুলৰ হাতৰ পৰা টানি লৈ বাতৰিটো চালে— 'আলফাৰ নাম লৈ প্ৰধান শিক্ষকে কৰিলে ধন আত্মসাত চেষ্টা। ... উত্তৰ পাৰত মাটি কিনিবলৈ আৰু খুলশালিয়েকক পঢ়ুৱাবলৈ প্ৰধান-শিক্ষকে বিদ্যালয়ৰ তিনিমাহৰ দৰমহা আত্মসাতৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, কিন্তু সন্দেহবশতঃ সহ- শিক্ষকসকলে মানি নোলোৱাত সমুদায় দৰমহা আদায় দিবলৈ বাধ্য হ'ল। ... . এই কুচক্ৰান্তৰ দায়ৰ পৰা মুক্ত হ'বলৈ প্ৰধান শিক্ষকজনে সহ-শিক্ষকসকলৰ পৰা ধাৰে লোৱাৰো নাটক ৰচনা কৰে। ... ধুৰন্ধৰ প্ৰধান শিক্ষকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে। ...' লগত ঠাই, স্কুল আৰু বিপুলৰ সম্পূৰ্ণ নাম। বাবাই বাকী দুটা বাতৰিও পঢ়িলে, ভুৱা বাতৰিটো আচল দুটাতকৈ দুগুণ দীঘল। “ইয়াৰ উত্তৰটো লিখিব লাগিব। লিখি কাইলৈ-পৰহিলৈ দি থৈ আহিম। মোক কৈ পঠিয়াইছে, সোনকালে দিবলৈ।’ ‘নালাগে থাকক। লাগি থাকিলে সিহঁতেও বঢ়াই গৈ থাকিব। আপুনি অফিচত তিনিওখন দেখুৱাই সোধকগৈ। যদি অফিচে একো নকৰে, তেন্তে গম নোপোৱা ভাবেই থাকক। বাতৰি-কাকতত দি একো লাভ নহয়! আচল বাতৰি দুটা ওলোৱাই এয়া কিমান দিন হ’ল, কিতো ফল আহিল?” বাবাই কাকত তিনিখনৰ বাকী পৃষ্ঠাবোৰ লুটিয়াই শিশু-পৃষ্ঠা এটা দেখিলে। বাতৰিকেইটাই তাৰ মনলৈ নতুনকৈ বিশেষ প্ৰতিক্ৰিয়া অনা নাই, ৰাজীৱহঁতৰ কাণ্ডবোৰ সি সদায় দেখিয়েই আছে। শিশু-পৃষ্ঠাটোত সি ৰ'ল— তাৰ দৰে ল'ৰা-ছোৱালীয়েও কিবা লিখিছে। ঘৰৰ বাতৰি ওলোৱা কাকতখনতে পৃষ্ঠাটো দেখি তাৰো লিখিবলৈ মন গ'ল। নাম আৰু শ্ৰেণীবোৰ আঙুলিৰে দেখুৱাই সি সুকন্যাক সুধিলে, “এইবোৰ কেনেকৈ দিয়েনো? বাতৰি নিচিনাকৈয়ে দিয়ে নেকি?” ‘এইবোৰ ডাকযোগে দিয়ে।’তাই চমুকৈ উত্তৰ দি পুনৰ বিপুলৰ কথাত মন দিলে। কোনখন জগতত ডাকঘৰ আছে নাজানি তাৰ লিখাৰ ইচ্ছাটো লগে লগে মৃত সন্তানৰ দৰে হ'ল। সুকন্যাই সেয়া কৈছেই— কাকতত দি একো লাভ নাই, তাইক আকৌ সুধিবলৈও তাৰ সংকোচ লাগিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৭০
অৱয়ব