সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ লগে লগে সুকন্যাই বিদ্ৰূপৰ সুৰ এটা দি ক’লে, ‘সেইবোৰ কথা গ’ল আৰু। বাদ দিয়ক, নুলিয়াব।' বিপুলে আতাকৰ নাম লোৱাত দেৱেনে চল বুজি প্ৰতিবাদ কৰি উঠিল, ‘সেইবোৰ তই নক’বি। আতাৰ কথা আনিলে বহুত কথা ওলাব।' বিপুলে কিবা ক'বলৈ শব্দ এটা কৰি মুখ মেলিলে, সুকন্যাই আকৌ ক’লে, ‘বাদ দিয়ক, বাদ দিয়ক।’আটাইকেইটা মনে মনে ৰ'ল। মুখ বন্ধ কৰিবলৈ তাই আটাইকে বাধ্য কৰা বাবে দেৱেনৰ লাজ লাগিল। লজ্জাটো মনৰ ভিতৰতে লুকুৱাই সি তজবজীয়া হৈ বহি থাকিল। সিহঁতেও কাজিয়া কৰাৰ ভাবত অহা নাই, কিন্তু ভাবিছিল— দুই-এষাৰ কৈ লাজ দিম, বিপুলহঁতে শুনি থাকিব। দেৱেনে ভাবিলে, সময়ে ইহঁতক একে কৰি ৰখা নাই, অভিজ্ঞতাইহালকে শক্তিশালী কৰিছে, আনৰ মতৰ বিপৰীতে লগে লগেই ভৰ দিব পৰাকৈ হালেই বহুত বেলেগ হ’ল, বয়সো হ'ল। কথাৰ মোখনি নামাৰিলে আকৌ কিবা উলিওৱাৰ সন্দেহত সুকন্যাই আওপকীয়াকৈ ক’বলৈ আৰম্ভ কৰিলে, ‘সকলো ফালে শত্ৰু। কাৰোৰে অপকাৰ নকৰা বাবেই ইমান শত্ৰু নে কি নাজানো আৰু! খবৰ ল'বলৈ অহাবোৰেও শত্ৰুতা বা আখেজতহে খবৰ ল'বলৈ আহিছে। ঘৰখনৰ মানুহ হিচাপে আপোনালোক আহিল, বৰ ভাল পালোঁ, যি হ'লেও তেজৰ সম্পৰ্ক। এতিয়া আমাৰ এটাই মাথোঁ চিন্তা, কেনেকৈ ইয়াৰ পৰা উঠি গৈ ল'ৰা দুটাক সোনকালে মানুহ কৰিব পাৰোঁ, যাতে সৱৰে মুখ বন্ধ হৈ যায়। ঈশ্বৰক দিনে-নিশাই সেইটোকে খাঁটো। ইহঁত দুটা যদি ভাল মানুহ হয় আনক একো খুজিব নলগাকৈ, আনতকৈ যদি বেলেগ হয় আনে সমীহ কৰাকৈ, সদায় বোলে আনতকৈ আগবাঢ়ি থাকে, তেতিয়া আৰু আমাক একো নালাগে।' ল'ৰা দুটাৰ কথাটোত দেবেনহঁতৰ অকণমান ছাটি-ফুটি লাগিল, কিবা এটা ভাল ধৰণেই উত্তৰ দিবলৈ মন গৈছে, কিন্তু মাত মাতিবলৈ লৈ নিজৰ ল'ৰা-ছোৱালীকেইটা মনলৈ আহিল, নিজৰ ল'ৰা-ছোৱালীকেইটাৰ ওপৰত সেই বিশ্বাসটো নাহিল, তাতকৈ অধিক বিশ্বাস বাবাৰ ওপৰতহে আছে, সৰুতেই বাবাক আনতকৈ বেলেগ যেন দেখা মনত আছে সিহঁতৰ, হালৰে ঈৰ্ষা লাগিল। বাবাৰ সেই ‘বেলেগ’টো সুকন্যাই দেখে কাৰণেই তাৰ ওপৰত তাইৰ বিশ্বাসটো অধিক পৰিমাণেই আছে, আনকি নিজৰে আনটো ল'ৰাতকৈও। প্ৰতিটো মানুহক প্ৰতিশোধ পূৰণেৰে বশ কৰি পেলোৱাৰ ব্ৰহ্মাস্ত্ৰ ৰূপে বাবাকে তাই ধৰি আছে। বাবাৰ সাফল্যৰ শীঘ্ৰ আগমনৰ সম্ভেদ এটা তাই অনুভৱ কৰে। তাই ভাবে, হ’বই, সেইটো হ'বই, কাৰণ তাইৰ প্ৰবল বিশ্বাস আছে নিজৰ চেকনিডালতো। বাতৰিটো ওলাল নে নাই খবৰ ল'বলৈ বিপুল দেৰগাঁৱলৈ গ'ল। দুখন কাকতত ওলাল, সাংবাদিকজনে বিপুলক দিবলৈ দুয়োখন কাকত থৈ দিছিল। উভতি আহোঁতে চিনাকি মানুহ এঘৰে বিপুলক আৰু এখন কাকত দিলে। সেইখনত সম্পূৰ্ণ ওলোটা বাতৰি ওলাইছে।