সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটি শিশুৰ আনন্দ

যেন লগা চৌহদটোৰ ভিতৰৰ প্ৰাণীকেইটাৰ শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তা তেওঁৰ অনুভৱেই নহৈছিল। ধনৰ অভাৱ দূৰ কৰিবলৈকো এই শিক্ষা কেতিয়াবা লগা হ’বগৈ পাৰে, সেই প্ৰসংগও তল পৰি ৰৈছিল। শিক্ষকৰ পদবোৰলৈকো তেওঁ আক-তাক মনোনীত কৰিছিল কেৱল নিজৰ ক্ষমতাৰে কৰিবলগীয়া কৰ্ম ৰূপেহে।

 বিপুলৰ আঠ বছৰ বয়সত, আয়েক (মাক) ঢুকোৱাৰ এবছৰৰ পাছত, এমাহ অগা-পিছাকৈ দুই ককায়েকৰ বিয়া দুখন হৈছিল। দুই নবৌয়েকৰ মাত কেইষাৰে তাক মমতাৰ অভাৱৰ পৰা কিছু পৰিমাণে সকাহ দিছিল। ডাঙৰজনী নবৌয়েকে মাতটো অলপ ডাঙৰকৈ ওলালেও যেন ওৰণিখন সৰি পৰিব তেনে এক ভাবত থাকে। আনজনী চঞ্চল-চলাহী। কথাৰেই কৰাব পৰা কামটোও তাই হাঁহিৰেহে আদায় কৰে, ‘সত্ৰৰ বোৱাৰী এজনীৰ গাম্ভীৰ্য’ তাইৰ কথা-বতৰাত কোনেও নেদেখে, কিন্তু সোণসেৰীয়া চলাহী কথাত ভোল গৈ সকলোৱে বিভোৰ হৈ চায়। বিপুলৰ আয়েকৰ গোটেই নামঘোষাখন মুখস্থ আছিল, তেওঁক সকলোৱে ভক্তি কৰিছিল, কিন্তু বোৱাৰী দুজনীৰ পদ এফাঁকিও পূৰাকৈ মুখস্থ নাই। দুয়োজনীৰ কথাত বিপুল কেতিয়াবা অতি বিৰক্তও হৈছিল আৰু সকলোৱে নিজৰ নিজৰ কামত যেতিয়া লাগি ধৰিছিল, সি অকলে ৰৈ যোৱা সময়খিনিত পঢ়া-মেজৰ কাষত বহোঁতে আয়েকলৈ মনত পৰিছিল।

 আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ গাতে লাগি থকা বি. এছ. হাইস্কুলখন বাৰ খোঁটালীয়া বৰ-নামঘৰটোৰ পিছতেই গাঁওবাসীৰ আটাইতকৈ অধিক হেঁপাহৰ সম্পদ আছিল। ‘বি. এছ. হাইস্কুলৰ শ্ৰেণীকোঠাত বহিব পৰা দিনটোলৈ ল’ৰা-ছোৱালীবোৰ উদ্বাউল হৈ থাকে, অথচ বিপুলে পাঁচ মাইল দূৰৈত থকা হৰিণধৰা হাইস্কুলৰ কথা কিয় ভাবিলে? ঘৰখনত ভকত-কৰণ, আলহী-দুলহীৰে উৎসৱমুখৰ হুলস্থূলীয়া পৰিৱেশ এটা অহৰহ বৰ্তমান বাবেই হয়তো সি সেইকথা চিন্তা কৰিলে। তাতটো সি বৰ্ডিং সাজি ল’ব লাগিব। কিন্তু সেইখনটো মিচিং গাঁও!’ আতাকে ভাবি ভাবি উৱাদিহ নাপাই গধূলি নামঘৰত কথাটো উলিয়ালে। ভালেকেইজন ভকতেও সন্দেহ প্ৰকাশ কৰিলে, ‘ইমান সৰু ল’ৰা এটাই মিচিং গাঁও এখনত চুৱা-নিকাৰ ছেদ-ভেদ ৰাখিব পাৰিবনে? বৰ্ডিংটো বিদ্যালয়ৰ চৌহদতে সাজি ল’লেও, কোনো নাথাকিলে দেখোন চৌহদতে গাহৰি-কুকুৰা চৰি ফুৰে, কেনেবাকৈ বৰ্ডিঙৰ ভিতৰ সোমালে চুকা-নিকা খেদি কমখন শাস্তি হ’বনে? হঠাতে তেল-নিমখ অকণ নাইকিয়া হ’লেও লগে লগে ইয়ালৈ ইমান দূৰ কেনেকৈ আহিব?...’ দুজনমানে আন এটা কথাও উনুকিয়ালে— পহিলা ব’হাগত সেই আটাইকেইখন জনজাতীয় গাঁৱৰ পৰা ভালেমান মানুহ দল বান্ধি বান্ধি আহি তেওঁলোকৰ নামঘৰত গুৱা-পাণ আগবঢ়াইহি। মানুহখিনিয়ে গুৱা-পাণটো পিৰালিতে কলপাতত থৈ চোতালৰ পৰাই সেৱা কৰি আশীৰ্বাদ লৈ বিদায় লয়। গুৱা-পাণকেইটি সৰু ল’ৰা-ছোৱালীবোৰে গা ধোৱাৰ আগত কাটি ভগাই খায়। ‘সৰু ল’ৰা-ছোৱালীৰ গাত ঈশ্বৰ আছে, মিচিঙে দিলেও ঈশ্বৰৰ নামত আগবঢ়োৱা গুৱা-