সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু 189 নৰ'ল। ভিতৰতে তাই মনত গৰজি উঠিল, দুখ আৰু হতাশায়ো তাইক ঘেৰি ধৰিলে, নিশাটো নোশোৱা বাবে চকু দুটাত পানী লাগি পুৰিবলৈও ধৰিছে। “দৰমহা নহ’ল নহয়। তোমাক দিব নোৱাৰিম।' বিপুলে ক’লে। ‘এহ। কেলেই দৰমহা নহ'ল আকৌ! হোৱাটো কালি গম পাইছোঁতো।’ ‘নহ'ল। বিল পাছ কৰিব নোৱাৰিলোঁ৷’ “দাদা, আপুনি এনেই কৈছে! দিব লাগিব। মই একদম দিগদাৰত পৰিহে আহিছোঁ।’ “বিলেই পাছ নহ’ল। তুমি ভিতৰত সোমাই চাব পাৰা। নয়া পইচা এটা নাই। ' মিনেছৰৰ মানুহজনী চোতালেদি সোমাই আহিল, ‘আই ভিতৰতে আছেনে?’জানেই ভিতৰতে আছে— মাথোঁ এনেই মাতষাৰ দি তেওঁ বিপুলহঁতৰ উত্তৰলৈ নৰৈ ভিতৰ পালেহি। ‘আই,চাহপাত কেইটামান দিয়কচোন। চাহ কৰিবলৈ লৈহে দেখিলোঁ নোজোৰে এবাৰলৈ’, বাহিৰৰ কোঠাটোত ৰৈ তেওঁ সুকন্যাক ক'লে। এনেকৈ বস্তু বিচাৰি তেওঁ কেতিয়াবা আহেই। তথাপি তেওঁৰ মাতটো শুনি গোটেইবোৰ জড়িত নেকি সন্দেহটো সুকন্যাৰ বাঢ়ি গ'ল। চাহপাত এমুঠি সুকন্যাই বাতি এটাত আনি দিলেহি, তাই মুখেৰে মাত দিব নোৱাৰিলে, মানুহজনীয়ে একো ক'বলৈ সুযোগ নাপালে। বাৰাণ্ডাত বিপুলহঁতো চুপ-চাপ বহি আছে, বিপুলক দুখৰ মূৰ্তি এটাৰ দৰে লাগিছে। বিমূঢ় হৈ ফুলেশ্বৰ উঠিল। ‘দাদা, ম‍ই যাওঁ।’ সি এইধৰণে ৰাতিপুৱা অহাৰ কথা নাছিল, পুৱা বেলা কোনো এটাও অহাৰ কথা নাছিল, কেনেবাকৈ খবৰটো বাহিৰ ওলালেও সিহঁতে একো গম নোপোৱা নিচিনাকৈ থকাটোহে ঠিক কৰিছিল৷ কিন্তু তাৰ টোপনি নাহিল, হয়তো বাকীকেইটাৰো নাই অহা, কিন্তু সিহঁতক লগ কৰিবলৈ যাবলৈ তাৰ মনে বাধা দিলে। বিপুলহঁত কেনেদৰে আছে জানিবলৈ আৰু কথাটো বিপুলহঁতৰ মুখেৰে প্ৰথমে কেনেকৈ ওলায় চাবলৈ তাৰ মন লকলকাই উঠিল। সেইবাবেই সি পইচা বিচৰা বুদ্ধিটো অকলে সাজি গুচি আহিল। উঠি গৈ ফুলেশ্বৰৰ ঘৰলৈ যাবলৈ নোৱাৰিলে। আধা বাটৰ পৰা সি আকৌ আহিল। সি আকৌ মাতিলে, ‘দাদা, আহকচোন।’ সি আকৌ পইচাকে বিচাৰিলে। ‘তোমাক কৈছোঁ নহয়,নাই।' বিপুলে টানকৈ কোৱা ভংগীত ক'লে, কিন্তু মাতটোত জোৰ শূন্য, টানকৈ কোৱা যেন ফুলেশ্বৰৰ ধাৰণালৈকে নাহিল। সি ক’লে, ‘আপুনি ইমান দুখ মনে আছে! কিবা হ'ল নেকি কওকচোন।' বিপুল নিমাতে বহি থাকিল। কাষতে বাবাই কিতাপলৈ চকু দি গোটেই পৰিৱেশটো গম লৈ আছে। মিনেছৰৰ মানুহজনী কোবাকুবিকৈ আকৌ আহিল।