১৪৬ কুলাংগাৰ আগফালৰ দুৱাৰখন বিপুলে খুলিলে, পিছে পিছে সুকন্যা। বাহিৰৰ সেমেকা বায়ুখিনিয়ে মৰা মানুহৰ স্পৰ্শৰ দৰে সিহঁতৰ গা কিচকিচাই তুলিলে। ক্ষন্তেক পাছত গধূলি হ'ব ধৰা দৰে বাহিৰখনলৈ সিহঁতৰ ভয় লাগিল। দূৰলৈকে শূন্য, টৰ্চ নামাৰিলেও দেখা গৈছে, কুকুৰকেইটা এতিয়াও নাই। ‘কোনো নাই। মই চাৰিওফালে চাই আহোঁ ৰ'বা, ক’ৰবাত কিবা কৰিছে নেকি।' বিপুলে পিৰালিৰ কাষবোৰ টৰ্চ মাৰি চাই গ'ল। আগফালে বাৰাণ্ডাত সুকন্যা-বিপুলে কথা পাতি থকা শুনি বাবাই সাৰ পালে। ভিতৰখন আন্ধাৰ, ভালকৈ নেদেখি। এয়া ৰাতিপুৱা নে গধূলি— সি মনত পেলাবলৈ চেষ্টা কৰিলে— ৰাতিপুৱাই হয়! ‘মাহঁত ইমান ৰাতিপুৱাই কিয় উঠিল?’সি মূৰটো দাঙি শুনিবলৈ চেষ্টা কৰিলে। সি ধৰিব পাৰিলে, সুকন্যাহঁতে একেখন বেঞ্চতে বহি আছে, ‘বেলেগ মানুহ নাই। অকল মাহঁতে কিয় কথা পাতি আছে?' মাক-দেউতাকহালে ইমান ধুনীয়াকৈ কথা পতা সি কোনো দিন দেখা মনতেই নাই, ইমান মিলা-প্ৰীতিৰে সিহঁতে একেলগে বহি থকিব পৰাটো সি কল্পনা কৰিবও পৰা নাছিল। সি অতি আচৰিত হ'ল। বিপুলে কৈছে, ‘পাকঘৰৰ পিৰালিটোত ঢেৰ খোজ! তললৈ বহি গৈছে! দহ-বাৰ্টামান মানুহ৷ নহ'লে ইমান নহয়!’সুকন্যাই কৈছে, “আপুনি ভালকৈ চালে?' বিপুলে কৈছে, “মই দুই-তিনিবাৰ টৰ্চ মাৰি ৰৈ চাইছোঁ।” ‘সেইকেইটা চাওকচোন। আহিছে!' “কি?” ‘সৌকেইটা!’ পদুলিয়েদি সোমাই অহা কুকুৰ তিনিটালৈ সুকন্যাই দেখুৱালে। দুটা কুকুৰে পিৰালিত মূৰ পেলাই বহিল, যেন একো দায়িত্ব পালন কৰিব নোৱাৰি ‘অপৰাধ বিনাশন’ গাব খুজিছে। এলেং-এথেংকৈ এটা টিউবেলৰ তললৈ গ'ল। “কলমটিয়াই আহিছে দেখিছেনে? ইহঁতক ক'ৰবাত মুখ-চুখ বান্ধি থৈ দিছিল।' ‘নিচা খুৱাই দিব পাৰে। কুকুৰ দুটা শুই পৰিল। “সিফালে যোৱাটোৱো শুলে চাগে? এতিয়াও এটায়ো ভুক কৰা নাই দেখিছেনে? নিচাই খুৱাইছে! গধূলিৰ পৰাই সিহঁত লাগি আছিল মানে কামত।’ ‘হয় হয় হয়। মোৰ মনত পৰিছে! ইহঁতকেইটা গধুলিৰ পৰাই নাছিল নহয়!’ সুকন্যাই অলপ ভাবি ক’লে, ‘আপুনি ক’তো একো নুলিয়াব দেই। কাৰোৱে আগত নুলিয়াব। কোনোবাই সুধিলে ক'ব, দৰমহা নহ'ল। আজি স্কুলতো সেইটোৱেই ক'ব লাগিব। ক’ব যে আকৌ কমলাবাৰীলৈ যাম। উলিয়ালে বা কি দিগদাৰ হয়!” ‘নুলিয়াওঁ নুলিয়াওঁ। বেংকত যি আছে লৈ আনিব লাগিব। এইফালে ঘূৰি কমলাবাৰীলৈ যোৱাৰ কথা কৈ বহঁতপুৰত থাকি দিম।’
পৃষ্ঠা:কুলাংগাৰ.pdf/১৫৫
অৱয়ব