দৌৰি অহাদি সুকন্যাহঁত ভিতৰৰ কোঠাটো পালেহি। আলমাৰি-ট্ৰাংকৰ গোটেই
কাপোৰবোৰ ছেদেলি-ভেদেলি হৈ মাটিত পৰি আছে, ল'ৰা দুটা নিঃপালি দি শুই আছে,কি ঘটি গ'ল সিহঁতে একো গমেই নাপালে। ‘এইবোৰ সুমাওক, এইবোৰ সুমাওক’,সুকন্যাই ফুচফুচাই বিপুলক কৈয়েই লেম্পটো কমাই দিলে৷ ঢিমিকি-ঢামাক পোহৰত দুয়োটাই কাপোৰবোৰ চপোৱাত লাগিল, লৰালৰিকৈ লাগক, কাপোৰবোৰ সুমুৱাই বিছনাত পৰোঁ।’ বিপুলৰ ভয়টো কমি গৈছিল, এতিয়াহে আকৌ তাৰ ভয় লাগি ভৰি দুখন কঁপিবলৈ ধৰিলে৷ ‘এইটোত তলা লগাই থৈ গ'ল দেখিছেনে?' মিটশ্বেফ এটা দেখুৱাই সুকন্যাই ক’লে। ‘এইটোৱো তলা মাৰি থৈছে', বিপুলে আন এটা দেখি ক’লে। ‘এইটো দেখোন বাহিৰতে গহনা বক্সটো! মুকলিতে আছে। খালি একেবাৰে!'
‘টেবুলত নাই নে চাবি?'
‘নাই। আলমাৰিকেইটাত তলা মাৰি চাবিবোৰ লৈ গ'ল!’
বাহিৰলৈ শব্দ যোৱাৰ ভয়ত তলাকেইটা মৰিয়াই নুখুলিলে সিহঁতে। ‘এটা কাম কৰকচোন, মিটখনৰ আগেৰে এই সৰু তলাটো পকাই চাওক, খোলে বা, শব্দ নকৰিব।'
খটককৈ সৰু শব্দ এটা কৰি তলাটো ছিগি গ'ল। সুকন্যাই আলমাৰিটো খুলি চালে,ভিতৰত থকা সৰু সৰু গহনা-কেছ দুটা তুলি তাই ক’লে, ‘এয়া, এই দুটাও খালী!” তাইৰ মাত থোকাথুকি হ’ল। ‘সৱ নিলে!’ বিপুলৰো জিভা নুঘুৰা হৈ আহিল। দুয়োটাই ৰৈ মিটশ্বেপটোলৈ চাই থাকিল। ‘বাদ দিয়ক, বাদ দিয়ক এতিয়া! কাপোৰ উঠাওক! যেনে-তেনে য'ত পাৰি হেঁচি-ঠেলি ভৰাই থৈ দিওঁ লাগক।’
কাপোৰবোৰ ভৰাই দুয়োটা বিছনাত পৰি ঠৰঙা হৈ থাকিল কিছুপৰ। সুকন্যাই বাহিৰলৈ গম লৈছে, এটা শব্দ নাই ক’তো, “ইমান সময় মানুহবোৰ থাকিল, আহিল, গ’ল, মাজত সেয়া বাহিৰলৈও গ’ল, কিন্তু কুকুৰকেইটাই আজি এবাৰো মাত নিদিলে যে? ক’লৈ গ’ল কুকুৰকেইটা?'
'অকণমান সিফালে যাওকচোন', সুকন্যাই বিপুলৰ বিছনাৰ কাষলৈ আহি ফুচফুচাই ক’লে। সি শব্দ নুঠাকৈ গাটো উঠাই তাই শুবলৈ ঠাই অকণ উলিয়াই দিলে। 'সিহঁত আকৌ আহিব বুলি ভাবিছেনে? দিবহি জানো ঘূৰাই?' তাই সুধিলে।
বিপুলে অলপ ভাবি ৰ'ল।
‘মই আশা দেখা নাই’, সুকন্যাই ক'লে।
'লিখাই লৈ গৈছে যেতিয়া দিয়েহি বা!' বিপুলে ক’লে।
‘সেইটোৱো ভাবিছোঁ মই। দিবহিও পাৰে। পইচাখিনি দিবহি পাৰে, গহনাখিনি নিদিয়ে।'সুকন্যাই ক'লে।
‘গহনাখিনি ভিতৰলৈ অহাটোৱে জেপতে লুকুৱাই দিব, লগৰকেইটাকো নকয়।' বিপুলে ক’লে। দুয়োটাই ভাবি ৰ'ল।