বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু 183 বাহিৰৰ পৰিস্থিতিটো উপেক্ষা কৰি উগ্ৰটোৱে সম্পূৰ্ণ শান্তকৈ বুজোৱাৰ দৰে ক'লে, ‘সেইটো নহ’ব আৰু। ঘূৰাইতো দিমেই, গতিকে আমি এপইচাও এৰি থৈ যাব নোৱাৰোঁ। কাৰণ আমাৰ ওপৰতো মানুহ আছে।' সি এটা ফাঁকি দিছে, সি মানে পাৰিছে এতিয়াও ক’ব— লগে লগে শান্তটোৱেও নিজৰ দায়িত্ব উলিয়াই লৈ বিপুলক ক’লে, “দিয়ক, একো নহয়। আমি এসপ্তাহৰ পাছত আহিমেই নহয়। বিপুলে আৰু একো নকৈ লিখি শেষ কৰিলে। ল'ৰা দুটাই টকাখিনিৰ ফালে চালে। সিহঁতে অহাৰে পৰা টকাৰ দমটোলৈ এবাৰো চোৱা সুকন্যাই দেখা নাছিল, তাইৰ বুকুখন ধমহকৈ মাৰিলে, তথাপি তাই নিজক বুজোৱাৰ চেষ্টা কৰিলে— “অত সময় সিহঁতে টকালৈ নোচোৱাকৈ কেৱল কামত লাগি আছে! সিহঁতে টকালৈ লোভ কৰি অহা নাই। সিহঁতে গভীৰ দায়িত্বত পৰিহে আহিছে। সাংগঠনিক উদ্দেশ্য পূৰণৰ বাবেহে আহিছে। সিহঁতে বা কি কি অৱস্থা পাৰ কৰি যুঁজ দি আছে দেশৰ কাৰণে! ক'ৰ পৰা অহা ল'ৰা বাৰু এইবোৰ? ঘৰ-দুৱাৰ, মাক-দেউতাক ক'ত আছে?...' তাই ভাবি থাকোঁতেই বিপুলে কাগজখন উগ্ৰটোৰ হাতত তুলি দিলে। সি কাগজখন জাপি জেপত ভৰাই থিয় হ’ল৷ টকাবোৰ বাণ্ডিলে বাণ্ডিলে মুঠা মাৰি তুলি পেণ্ট-চাৰ্টৰ যেনি- তেনি ভৰালে৷ কেইটামান বাণ্ডিল শান্তটোৱে ভৰাই ল'বলৈ আগবঢ়াই দিলে। চাপৰি এটা খহাই নোহোৱা হোৱা দৰে টেবুলখন শূন্য হৈ পৰিল। টকাখিনি ঘুৰি আহিব জানো?” সুকন্যাই আকৌ ভাবিলে। ‘আমি গৈ থাকোঁ’, শান্তটোৱে ক'লে। সিহঁত দুৱাৰৰ ফালে গ'ল। এনেকুৱা লাগিছে যেন সিহঁত চিনাকি আলহীহে, চাহ-জলপান খাই উঠি যাবলৈ ওলাইছে। ঘৰুৱা মানুহৰ দৰে সুকন্যাই ক’লে, “আপোনালোকে সকলো চুঁচি-বাছি লৈ গ'ল৷ আমাৰ সকলো বস্তু দোকানৰহে। বাকীত খোৱা। ইমান দিন দৰমহা নাই, চাউলৰ কেজি সাত টকা হ'ল, কাইলৈ কি খাম?’ দুয়োটা ৰ'ল। উগ্ৰটোৱে জেপ এটা খচমচকৈ খুঁচৰিলে, ‘অঁহ। এইটো লওক।’হাতৰ মুঠিত লাডু কৰি উলিওৱা নোট দুখন কুকুৰলৈ বিস্কুট দলিওৱাদি সি টেবুলৰ ফালে দলিয়াই দিলে৷ এখন পঞ্চাছ টকীয়া, এখন এশ টকীয়া। নোট দুখন লদা বান্ধি আলাই- আথানিকৈ পৰা দেখি বিপুলে ভিক্ষাৰীৰ দৰে টপাটপ বুটলি হাতৰ মুঠিত ল’লে। দুৱাৰ খুলি সিহঁত বাৰাণ্ডালৈ ওলাল, পিছে পিছে বিপুল-সুকন্যাই আগবঢ়াবলৈ ওলাই আহিছে। ‘আপোনালোক যাওক যাওক যাওক। দুৱাৰ মাৰক। একদম ভিতৰ সোমাওক, নিষ্পত্তি বাহিৰলৈ নোলাব', উগ্ৰটোৱে নিৰ্দেশ দিলে, আৰু সিহঁত পদূলিৰ ফালে খৰখোজে গুচি গ'ল। বিপুলহঁত লৰালৰিকৈ ভিতৰ সোমাই দুৱাৰখন মাৰি দিলে, মানুহবোৰ যে আলহী নহয়, নিশাও যে বহুত হ'ল সিহঁতে পাহৰি গৈছিল, বাৰে বাৰে সেইটোকে মনলৈ আহিবলৈ ধৰিলে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৫২
অৱয়ব