তাৰিখে টকাখিনি পুনৰ তেওঁলোকে মোৰ হাতত তুলি দিবহি। এইখিনি সময়ৰ বাবে মই তেওঁলোকৰ ওচৰত দায়বদ্ধ। সংগঠনে মোৰ ঘৰত যি অনুসন্ধান চলালে তাত মই পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। ইতি আপোনাৰ নাম। আপুনি কথাখিনি নিজে জুকিয়াই লিখক। তাৰিখ-চাৰিখবোৰ লগত সঠিককৈ লিখি যাব। যাতে পইচা আৰু সময় অকণো ইফাল-সিফাল নহয়।’
অলপ লিখি বিপুল ৰৈ গ'ল। ল'ৰা দুটাই বিপুলে কলম চলোৱা হাতখনলৈ চাই আছিল। সিহঁতে তাৰ মুখলৈ চালে। বিপুলে দুয়োটালৈ এবাৰ এবাৰ চাই কাতৰেৰে ক'লে,'আপোনালোকে গোটেইখিনি পইচা লৈ যাওক, কিন্তু মোৰ স্কুলৰ সেই ঝাৰু মৰা ল'ৰাটোৰ এমাহৰ দৰমহা থৈ যাওক। সেইটো ল'ৰা মই পঢ়ুওৱা, শিক্ষিত ল'ৰা। সি মাষ্টৰ হ'ব পৰা হ’ল, কিন্তু চকীদাৰ হিচাপেই থাকিব লগা হৈছে। তাক মই কাইলৈ কেনেকৈ কওঁ— দৰমহা নাপালোঁ! ইমান দিনৰ মূৰত মই কি সতে ক'ম তাক? আপোনালোকে তাৰ দৰমহাটো থৈ যাওক। এমাহৰ!’
ল'ৰা দুটা জঠৰ হৈ ৰ'ল। ইমানপৰে সিহঁতে কেনে এটা পৰিৱেশ সৃষ্টি কৰি পেলাইছে!টকাখিনি কেনেকৈ লৈ যাবলৈ ওলাইছে! আৰু বিপুলে ভাবিছে স্কুলৰ চকীদাৰটোৰ কথা!এনেকুৱা মানুহো থাকে নে! আছে, এনেকুৱা মানুহো আছে, এইবোৰ শুনা কথা, নুশুনাকৈ থকা নাই সিহঁতেও এনেকুৱা মানুহৰ বিষয়ে, কিন্তু এয়া যে সমুখতে! এনে এটা পৰিস্থিতিতো এনেকুৱা কথা কয় মানুহে! দুয়োটাৰে মুখ বন্ধ হৈ পৰিল। বেৰৰ সিপাৰে খাপ পিটি থকা চকীদাৰটোৰ গোটেই গা থৰথৰকৈ কঁপিবলৈ ধৰিলে, মূৰত কোব পৰা বলধৰ দৰে সি ছটফটাবলৈ ধৰিলে, কাষৰটোৱে বুজি পাই তাক ঠেলা মাৰি চোতালৰ ফালে লৈ গ'ল। চোতালত থকা ৰাজীৱে সুধিলে, 'কি হ’ল?’ ঠেলি নিয়াটোৱে ক’লে, 'ইয়াক লৈ যা, লৈ যা, পদুলিলৈ লৈ যা।’
বাহিৰৰ অসাৱধান খোজৰ শব্দ ভিতৰলৈ আহিল। ল'ৰা দুটাই বুজিলে, সেইটো চকীদাৰটো⸺ কুমৰ ⸺ৰাজীৱৰ খুলশালিয়েকটো। বিপুলে প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে আগফালে গুচি যোৱা দুটাৰ এটা কুমৰেই আছিল। ঘৰৰ পৰা আহি থাকোঁতে বাটত তাৰ খোজ নচলা ৰূপটোও ল'ৰা দুটাৰ মনত পৰিল। বাহিৰত থকা আধা ভাগেই সংগঠনৰ মানুহ নহয়, কুমৰ সংগঠনৰ মানুহ নহয়, ৰাজীৱো নহয়, ফুলেশ্বৰো নহয়, ধনীৰামো নহয়। কিন্তু এনেকৈ টকা আহৰণ কৰাটো এটা ব্যৱস্থাৰ নিচিনা হৈ পৰিছে, গাঁৱে-ভূঁয়ে, চহৰে-নগৰে এনেকৈ অজস্ৰ মানুহৰ টকা লোৱা হৈ আছে, প্ৰতিটোতে মাথোঁ কেইটামান দৃশ্যপট বেলেগ, আৰু প্ৰতিটোতে কোন কোন সদস্যৰ হাতত কিমান কিমান ধন পৰিব সেই পৰিমাণবোৰ মাথোঁ অলপ অলপ বেলেগ। সেই ব্যৱস্থাটোৰে অংশ হ’বলৈ লৈ কুমৰৰ বাহিৰে সিহঁত কাৰোৰে মনত অপৰাধবোধ হোৱা নাই, বৰং অভিযানৰ দৰেহে অনুভৱ কৰি আছে। ৰাজীৱৰ মনত আছে বিপুলৰ ৰং চোৱাৰ হেঁপাহ, বিপুলক এসেকা দিয়াৰ ইচ্ছা, পৰিকল্পনাটো তাৰ ঘৰতে আৰম্ভ হওঁতেই সি ৰঞ্জিত হৈ উঠিছিল।