সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপ্লৱৰ সীলুত উদ্ভূত বীজাণু ১৩৯ ‘আপোনালোক এক চিকুট ইফাল-সিফাল নকৰিব।’আনটোকো সি নিৰ্দেশ দিলে, তেই, চাই থাক।' সি ভিতৰলৈ সোমাই গ'ল। হুৰমূৰকৈ আলমাৰি আৰু ট্ৰাংকবোৰ খুলিবলৈ ধৰিলে। ‘হৈ!” শান্তটোৱে বহাৰ পৰা মাত দিলে, বেছি উৎপাত নকৰিবলৈ সি সকীয়াই দিলে। অলপ সময়ৰ পাছত হাতত বন্দুক লৈ উগ্ৰটো ওলাই আহিল। বিপুলকো ভিতৰলৈ লৈ গ'ল। খোলা আলমাৰি আৰু ট্ৰাংককেইটাৰ কাপোৰ-কানিবোৰ থানবানকৈ মাটিত পৰি আছে। তাৰ ওপৰেৰে বিপুলক খোজ কঢ়াই সি বন্ধ আলমাৰি-ট্ৰাংককেইটাৰ ছাবিবোৰ ল'লে। পুনৰ বন্দুক টোঁৱাই বিপুলক বহুৱাই থৈ গ'লহি। কেউফালে নিস্তব্ধ। নিশাৰ চৰাই এটাৰো মাত নাই, বাক্‌কৈ কোনোবা একোটাই চিঞৰি গৈছে যদিও সুকন্যাহঁতৰ কাণত নোসোমাল। মাথোঁ ভিতৰৰ কোঠাটোৰ শব্দবোৰ বাজি আছে। জুনুক-জানাক শব্দ এটাও সুকন্যাৰ কাণত পৰিলহি। তাই বুজিলে, গহণাবোৰ সেয়া জেপত ভৰালে। ভিতৰত ল'ৰাটোৱে বহু সময় লগাইছে। ‘কি কৰি আছে সি?' বিপুল-সুকন্যা দুয়োটাই ক্ষণ গণিলে। ইমান অনিশ্চিত ক্ষণ সিহঁতে ক'তো কোনোদিন পোৱা নাছিল, এবুকু পানীতো অহা নাছিল। ল'ৰাটো ওলাই আহিল। বিপুল-সুকন্যাই তাৰ ফালে চালে। সি তল মূৰকৈ আহি বহিল। এবাৰ মূৰ তুলি আনটোৰ সৈতে চকুৱে চকুৱে কিবা পাতিলে। সুকন্যাৰ ভয় লাগিল, “ভিতৰততো টকা-পইচা একোৱেই নাই, আলমাৰিত পৰা কাগজৰ তলত সাঁচতীয়া কেইশমান ওলাব পাৰে, একো নাপাই মানুহকেইটাক কাটি থৈ নাযায়তো? কাকো চিঞৰিবলৈ উপায় নাই, চিঞৰা মানে কোনোবা অহাৰো আশা নাই, চিঞৰ নুশুনেও চাগে কোনেও। চিঞৰিলে মানুহকেইটাক মৰাটো খাটাং।’ ‘নবৌ, চাহ কৰকগৈ যাওক। চাহ খাওঁ।’উগ্ৰটোৱে কোৱা শুনি সুকন্যাই সম্বিৎ ঘুৰাই পালে। ‘হয় কথাটো! আলহী আহিছে, ইমান পৰ হ'ল, চাহ কৰিবলৈ ম‍ই ভবাই নাই!” এনেকুৱা এটা ধৰণ দেখুৱাই তাই ক'লে— ‘অ’ আনো, ৰ'ব, ৰ’ব।' তাই পাকঘৰলৈ সোমাই গ'ল। গা নোধোৱাকৈ তাই চাহ কৰিব নোৱাৰিলেহেঁতেন, ‘এতিয়া নিয়মৰ চিন্তা কৰাৰ সময় নহয়!’ ছেকেণ্ডতে চাহ উতলাই দিব বিচৰা দৰে তাই কামত ধৰিলে। আটায়ে চুপ হৈ থাকিল। সুকন্যাই চাহ আনি দিলেহি।