বিপ্লৱৰ সীলুত উদ্ভূত বীজাণু ১৩৫ মাতি মাতি তাৰ টোপনি আহিল। ‘মহন্ত ছাৰ’, বাৰাণ্ডাৰ পৰা কোনোবাই মাত লগালে। “হয়, কোননো?’ বিপুলে লগে লগে সঁহাৰি দিলে। চিলমিল টোপনিৰ পৰা সুকন্যাই মূৰ দাঙি গম ল'লে। ‘আমি সংগঠনৰ পৰা আহিছোঁ। দুৱাৰখন খোলকচোন।' বিপুল উঠি গ'ল দুৱাৰ খুলিবলৈ। সুকন্যাই খপজপকৈ উঠি ভাল মেখেলা এখন আৰু চাদৰ এখন পিন্ধি ল’লে। মানুহ আহি দুৱাৰমুখ পালেহি, কুকুৰকেইটাৰ গম- গতি নাই! ভুকিছিল যদিও টোপনিত নুশুনিলো চাগে!' ভাবি ভাবি তাই বাহিৰৰ কোঠাটোলৈ আহিল। দুটা ল'ৰা দুৱাৰেদি সোমাই আহিছে। দুয়োটাৰে পিঠিত বন্দুক, কঁকালতো মজলীয়া আকৃতিৰ এটা এটা, লগত দুফালে দুখনকৈ খুকুৰি। এটাই ভৰিতো কিবা এখন বান্ধি আনিছে, এটাৰ এখন খুকুৰি বিৰাট ডাঙৰ। বিপুল-সুকন্যাৰ বৰ বেছি ভয় লগা নাই যদিও পৰিৱেশটো গম্ভীৰ হৈ পৰিল৷ কাৰোৰে মুখত মাত নাই। সুকন্যাই ঠাইতে ৰৈ ধীৰভাবে থাকিবলৈ চেষ্টা কৰিলে। ল'ৰা দুটাই কি কৰে, কোনফালে বহে আলেখ-লেখ চাই বিপুল দুৱাৰৰ কাষত ৰৈ থাকিল, যেন সিহে অতিথি। এটা ল'ৰাই শলখাডাল লগাই দুৱাৰখন বন্ধ কৰি দিলে। সিহঁত নিজে নিজে বহা ঠাইৰ ফালে আহিল। দুয়োটা বহিল। এটা সিফালৰ চকী এখনত, এটা এইফালে টুল এখনত। সিহঁত বহা দেখি বিপুলো গৈ সিফালৰ চকী এখনত বহিল। সুকন্যা থিয় হৈ একে ঠাইতে ৰৈ আছে। বিপুলৰ ভয়টো অলপ বাঢ়িবলৈ ধৰিছে ৰাতিখন ইমানবোৰ অস্ত্ৰ-শস্ত্ৰ লৈ আহিছে, মাৰিবলৈকে আহিছে নেকি? একেটা চিন্তা সুকন্যায়ো কৰিলে যদিও পুনৰ ভাবিছে, 'মাৰিবনো কি কাৰণে! মাৰিবলৈ আহি বহি নাথাকে। মাৰিবলগীয়া একো কথাও ক’তো নাই কোৱা। ভয় কৰিবলৈ কি আছে নো? হয়তো ক'ৰবাৰ পৰা আহিল, ৰাতিটো ইয়াতে থাকি কাইলৈ যাবগৈ। গা ধুই ভাত ৰান্ধিবও লাগিব পাৰে!' এটা ল'ৰা অলপ ক্ষীণ, ফটফটীয়া পৰিষ্কাৰ মুখ, গম্ভীৰতা এটা মুখত লাগি আছে, দেখাত কলেজ পৰ্যন্ত পঢ়া-শুনা কৰা ল'ৰা যেন লাগিছে। আনটো মজবুত গঢ়ৰ, ঢেপেলা চেলাউৰি, দেখাতে উগ্ৰপন্থী দৰে লাগিছে, সিও হয়তো পঢ়া-শুনা কৰা— দেখাত নহয় যেন লগা নাই। ‘অন্যায় সহিব নোৱাৰি বহুতো ভাল ভাল ল'ৰা, আনকি বহুতো ছোৱালীয়েও এই পথ লৈছে। ঘৰ এৰি ওলাই আহিছে। মাক-দেউতাকৰ সন্তাপকো হেলাৰঙে আওকাণ কৰিব লগা হৈছে।' সুকন্যাই ল'ৰা দুটাৰ ফালে সহজকৈ
পৃষ্ঠা:কুলাংগাৰ.pdf/১৪৪
অৱয়ব