১৩২ কুলাংগাৰ গাঁওবুঢ়া আকৌ মনে মনে বহি থাকিল। গৰুবিহুৰ পাছত ৰঘু নেওগ কিছুদিন নহাকৈ আছিল যদিও পুনৰ আগৰ দৰে আহিবলৈ লৈছে৷ আগৰ দৰেই আন সকলো কথা উলিয়ায়, কিন্তু হুঁচৰিৰ প্ৰসংগটো বা ৰাইজৰ এই কথাবোৰ তেওঁ কোনো দিন নুলিয়ায়। সুকন্যাহঁতেও তেওঁৰ লগত নিজে আগধৰি নুলিয়াবলৈ ঠিক কৰি লৈছে। তেওঁ প্ৰথমবাৰ আহোতে সুকন্যাই ধৰিব পাৰিলে যে তেওঁ পেটে পেটে ভাল পাইছে, উচ্চ আসন এখন পোৱা দৰে বোধ কৰি তেওঁ সন্তুষ্ট হৈছে। সুকন্যাই ক’লে, “আপুনি গাঁওবুঢ়া মানুহ৷ নেওগ ছাৰতো জ্ঞানীৰ শাৰীতে পৰা মানুহ। আপোনালোকেই আমাৰ ওচৰ-চুবুৰীয়া! ৰাইজৰ মাজতে আপোনালোকোতো সদায় আছে। আপোনালোকেতো শুদ্ধ দিশত এষাৰ মাত মাতিব লাগে! নেওগ ছাৰ ভাল মানুহ বুলিয়েইতো আমি কাষ চাপিছিলোঁ! আগতে কতটা ঘটনাত ৰাইজ পিছপৰি থাকে, আমাৰ ওপৰত ৰাইজৰ ইমান অদ্ভুত ক্ষমতা আহিল কিয়!' ‘বাদ দিয়া হে! ৰাইজ!' খঙত বিপুলৰ মাতটো ফাটি ওলাল, ‘সৱৰে ভেটিত তিতা লাও গজিব। চাই থাকা। মই কৈ দিলোঁ!' সি ভোলালৈ চাই ক’লে, ‘চাই থাকক আপুনি, মোৰ কথা নহয় যদি।' ভোলা মনে মনে থাকিল। শাওটো শুনি সন্মানত লাগি গাঁওবুঢ়াই মাত দিলে, ‘কোনোবাই ভুল কৰিছে যদি, হয়, ঈশ্বৰে দেখিব। ৰাইজৰ খং উঠিল মানে— তুমি কথাটো ৰাইজক এবাৰ সুধিব লাগিছিল, সেইটোতে ৰাইজে তেতিয়া ধৰিলে।' সেইটো মত গাঁওবুঢ়াৰ নিজৰো মত, সেয়েহে তেওঁৰ সৈতে ঈশ্বৰৰ মিট-মাট হৈ যোৱা যেন ভাব এটা ল'বলৈ চেষ্টা কৰিলে। ভোলাক প্ৰথমবাৰ এঘৰীয়া কৰা সময়ত ৰাইজে পাতিছিল— “বোলে জনতা জনাৰ্দন। বিপুলে ৰাইজৰ ওচৰলৈ আহি আঠু লৈ কথাখিনি সোধক, তেওঁ ৰাইজৰ সমুখলৈ আহক। আৰু তেওঁতো আমাৰ গোসাঁই নহয়, গতিকে তেওঁ আমাৰ নিচিনাই মানুহ, গতিকে তেওঁৰ ঘৰত হুঁচৰি আৰম্ভ নকৰিলে ৰাইজৰ কি হানি হ'ব! সেইদিনা কিবা এটা খেলি-মেলি হ'লেই যেনিবা, কিন্তু তেওঁ ৰাইজৰ ওচৰলৈ আহি সৰু হৈ সোধকহি। ' বিপুলে একেই খঙৰ মাতেৰে ক’লে, ‘গধুলিখন মই কাক ক’মগৈ? মইতো গধূলি কোনোদিন গাঁও ফুৰি পোৱা নাই। সেই পগলাটোৰ কথাটো মই বিশ্বাস কৰিব লাগিছিল নেকি?” ‘বাদ দিয়ক আৰু, সেইবোৰ নুলিয়াব। এনেকৈয়ে চলি আছে, চলি থাকক', সুকন্যাই অনিহাৰে ক'লে, তাই বুজিছে ৰাইজে খাতিৰ কৰাটো বিচাৰিছিল। মুখ খোলাৰ লগে লগে তাইৰো মুখখন আৰু খোল খাই গ’ল, ‘আমি একো ভুল কৰা নাই। চাৰিওফালে অন্যায় দেখি আছোঁ। এনেকৈয়ে চলি আছোঁ যেতিয়া এনেকৈয়ে পাৰিম। পঞ্চ-পাণ্ডৱে পাঁচজন বীৰ ভাই-ককাই থাকিও গোটেই জীৱন কষ্টই পাই থাকিল চাৰিওফালৰ পৰা, কিন্তু তেওঁলোককহে সোঁৱৰণ কৰে। আমাক সোঁৱৰণ কৰিব বুলি মই কোৱা নাই, কিন্তু এদিন মানুহে বুজিব নিজে, কি কি নিজে কৰিলে এদিন বুজিব।'
পৃষ্ঠা:কুলাংগাৰ.pdf/১৪১
অৱয়ব