১৩০ কুলাংগাৰ সুকন্যাই গোটেই পৰিৱেশটোলৈ চালে। তাই যেন আজিহে চাইছে এইবোৰলৈ। তাইৰো চকুত ভাল লাগিল। কিন্তু ল'ৰাটোৱে কোৱাখিনি যাতে মনত সোমাই নাযায়, ঠাইখনলৈ হেঁপাহ গঢ়ি উঠি সিপাৰলৈ যোৱাৰ সপোনবোৰ যাতে নোহোৱা কৰি নেপেলায়, তাই সচেতন হ'ল। তাই আকৌ সুধিলে, ‘কোনখিনিত মাৰোঁ জানো! এখেতো নাই নহয়, আধৰুৱা হ'ল ফটোখন।' ‘হ’ব দিয়ক। আকৌ আহিম মই কেমেৰা লৈ। এই চোতালৰ মূৰতে বহক।’কৈ লৈ ল'ৰাটোৱে বাৰাণ্ডাৰ বেঞ্চখন দাঙি নি পিৰালিৰ কাষত পাৰি দিলে৷ চোতাললৈ লগতে নামি যোৱা শনিয়ে ক’লে, ‘বঢ়িয়া ফটো আহিব এইখিনিত।’ ‘নালাগে নালাগে নালাগে!' সুকন্যাই হাত দুখন পাৰে মানে জোকাৰি ক'লে, ‘ঘৰটো নুঠাবা নুঠাবা! বেঞ্চখন সিফালে দিয়া। ঘৰটোৱে কি যে ৰূপ ল’ব! নালাগে পাই!' ল'ৰাটোৱে একো নামাতি বেঞ্চখন নি চোতালৰ সিমূৰত পাৰি দিলে। সুকন্যা ভিতৰলৈ গ'ল। আলমাৰিত থকা নতুন বিছনা-চাদৰ এখন উলিয়াই আনি বেঞ্চখনত পাৰি ল'লে। কেচুৱাটো কোঁচত লৈ তাই বেঞ্চখনৰ মাজত বহিল। বাবা গৈ কাষতে বহিল। ল'ৰাটোৱে কেমেৰাটোৰ কাৰুকাৰ্য আৰম্ভ কৰিলে, ‘ৰেদি হওক’, সি ক’লে। “তুমি কেমেৰাটোলৈ চাই থাকিবা’, সি বাবাক ক’লে। শনিয়ে কেমেৰাটোৰ ফালে ৰৈ একেথিৰে সুকন্যালৈ চালে। তাইৰ মুখত ফুটি উঠা গাম্ভীৰ্য, কমনীয়তা, ফুৰিবলৈ যোৱা দৰে পৰিপাটি সাজপাৰ – - সকলো বৰ আকৰ্ষণীয় হৈছে। এৰাপৰলীয়া নিচিনাকৈ অথালি-পথালিকৈ পৰি থকা এই অশৃংখল জগতখনত তাইৰ উপস্থিতিয়ে সমুখৰ গোটেই পৰিৱেশটোত শৃংখলা বিয়পাই পেলোৱা যেন লাগিছে তাৰ, যেন দেৱী এগৰাকী হঠাতে আৱিৰ্ভাৱ ঘটি কিহবালৈ অপেক্ষা কৰিছেহি, দূৰ দূৰ জোৰা সেমেকা ছাইৰ মাজত জিলিকি থকা এটা যেন মুকুতা, লগতে কাষত কিছু সেউজীয়া! কামনা এটাই তাৰ হৃদয়খন বিশাল কৰি পেলোৱা নিচিনা অনুভৱ হ'ল। সি তাইৰ মুখমণ্ডলৰ পৰা ডিঙিলৈ চালে, ডিঙিৰ তল অংশলৈ চালে, আৰু অধিক তললৈ চালে....। ধৰা নপৰিবলৈ সি তাৰ মুখৰ ভংগীটো আৰু দৃষ্টিটো এনেদৰে ৰাখিলে যেন কেৱল তাইৰ মুখখনলৈহে চাই আছে। আবেলি বিপুল পালেহি। দৰমহা নহ'ল। দৰমহা নহ'লে ৰাজীৱহঁতে উৎপাত কৰে— ‘কেনেকৈ দিয়ে নাজানো, আমাক লাগিবই।' আগৰবাৰ দুমাহৰ মূৰতহে হৈছিল, এইবাৰ আকৌ কিমান মাহলৈ বা নহয়গৈ! কৰ্মচাৰীৰ দৰমহাক লৈ চৰকাৰে হেতালি খেলি আছে। কথাবোৰ ৰাজীৱহঁতে জানিও উভতি কৰে, এনেই হয়তো নকৰিলেহেঁতেন, অকল বিপুলক জ্বালা দিবলৈকে কৰে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১৩৯
অৱয়ব