সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপ্লৱৰ সীলুত উদ্ভূত বীজাণু ১২৯ পুৱা ল'ৰাটো ফটো মাৰিবলৈ আহিল। সুকন্যাই বাবাক স্কুললৈ উলিয়াবলৈ লৈছিল। ‘নবৌ আজি স্কুল নহয়। ঘৰে ঘৰে ফটো মাৰোঁতে গোটেই দিনটো লাগিব, কোন কেতিয়া স্কুললৈ যাব!’ স্কুলৰ চিন্তাটো এৰি সুকন্যা বাহিৰলৈ ওলাই আহি ৰৈ দিলে, ল'ৰাটোৰ লগত শনি ও আহিছে! শনি ইয়াতে থকা সংগঠনৰ ল'ৰা। ঘৰ বহঁতপুৰৰ ফালৰ গাঁও এখনত। সেইকাৰণে সি এদিন চিনাকি হ'বলৈ আহিছিল। তাৰ পাছত এদিন পুৱা চাহ খাবলৈও আহিছে। সুকন্যা বহঁতপুৰত থকা দিনত তাৰ সৈতে দেখাদেখি হোৱা নাছিল, কিন্তু ঘৰৰ ডাঙৰবোৰৰ চা- চিনাকি আগৰেই। সি আহি থকাটো সুকন্যাহঁতে ভাল পোৱা নাই, কেনেকৈ এৰুৱাব পাৰি উত্তৰ বিচাৰি আছে। ফটো তোলা ল'ৰাটোলৈ তাইৰ সন্দেহ ওপজিল— ই আচলতে কিয় ফটোবোৰ তুলি নিবলৈ আহিছে? তাই সুধিলে, “তোমালোক চিনাকি নেকি?’ ‘নহয়, কালিহে চিনাকি’,শনিয়ে উত্তৰ দিলে। ফটো তোলা ল'ৰাটোৱে ক’লে, ‘এওঁলোকে ভাবিছিল, মই চোৰাংচোৱা। কালি মোক ধৰিছিলে৷ তেনেকৈহে চিনাকি। ম‍ই যিটো ভয় খালোঁ— বোলো আজি মই মৰিলোঁ, শেষ!’ আটাইকেইটাৰ হাঁহি উঠিল। ফটো উঠাৰ হেঁপাহত বাবা ৰাতিপুৱাৰ পৰা ক'ব নোৱৰা হৈ আছে। দুয়োটা ল'ৰাৰ লগত সি কেমেৰাটোৰ কথা পাতিলে। কেনেকৈ ফটোবিলাক পাছত ওলাব সিহঁতে তাক বুজাই ক'লে। এবাৰ সি ভিতৰলৈ ঢপলিয়াই গৈ মূৰটো আকৌ আঁচুৰি আহিল। সাজপাৰ, গহনা-গাঁঠৰি ধুনীয়াকৈ লগাই ওলাই আহিহে সুকন্যাৰ চিন্তা লাগিল, তাই ক’লে, ‘ফটো মাৰিম ক'ত? ফটো মাৰিবলৈ দেখোন জেগাই নাই! আমাৰ এইবোৰ কি যে ঠাই! ঘৰ-দুৱাৰ বেয়া। কি ফটো উঠিব এইবোৰ! ‘বেলেগ জেগা কিয় লাগে! ফুল আৰু গছেৰে দাদাই ঘৰখন একদম আশ্ৰম যেন কৰি থৈছে! ফটো উঠিবলৈ ইয়াতকৈ ভাল ঠাই নাই। বহুত ধুনীয়া ফটো উঠিব। কালি ম‍ই বেলেগতো কৈছোঁ, আপোনালোকৰ ঘৰত বহুত ধুনীয়া চিনেৰি আহিব। সিফালৰ সেই দুঘৰৰ কি নাম আছিল জানো মানুহ দুগৰাকীৰ, আপোনালোকৰ পদূলিত প'জ দিহে অথনি ফটো উঠি গৈছে।' ‘অ’আমি গমেই নাপালোঁ নহয়, ইয়াতে ফটো মাৰিও গ’ল!’ “ফুল-গছৰ আঁৰৰ কাৰণে নেদেখিলে।’