সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

122 কুলাংগাৰ দেখাৰ দৰে বৰ সুখ পালে। ৰঘু নেওগ কিন্তু এদিনো নাহিল। বিহু মাৰিবলৈ তেওঁ ক’লৈকো নাযায়, এইকেইদিনত আগেয়ে তেওঁ পাক এটা মাৰে, এইবাৰ পদুলিৰ ফালেও এদিনো দেখা নিদিলে। সুকন্যাহঁতে ভাওনাখন পিছুৱাই দিয়াটো ঠিক কৰিলে, ‘দেখা যাওক, পাছত কি হয়। বাৰিষা পানী উঠিবই। ইয়াৰ মানুহে কৰি দিয়া হ'লেও বাৰিষা সম্ভৱ নহ'লহেঁতেন। আখৰা দুবাৰ-তিনিবাৰ কৰিবলগীয়া হ'লে বেছি জঞ্জালহে হ'লগৈহেঁতেন।' ব'হাগতে চন্দনে আকৌ সৰহকৈ ওপৰঞ্চি টকা বিচাৰি আহিল। সি কথাটো উলিওৱাত সুকন্যাই নুশুনা ধৰণে আঁতৰি গুচি গ'ল। সি বিপুলক ফুচুলালে। বিপুল ফুচুল খাব যেন পোৱাত সুকন্যাই খঙত মুখ পাতি ধৰিলে, ইমানকৈ টকা ক'ৰ পৰা দি থাকিম? দৰকাৰীখিনি নাখাই হ'লেও দিম, ওপৰঞ্চিকৈ টকাবোৰ তই কিয় হজম কৰি থাক সদায়? মাটি অকণ ল'বলৈ আজিলৈকে পইচা ভালকৈ সাঁচিব পৰা নাই। প্ৰতিটো বস্তু অধিক দাম দি দি কিনিব লাগে। তাৰ খেতিয়ক কেইটাতকৈও ইয়াৰ মাষ্টৰকেইটা বেছি দুখীয়া। ইফালে ভাওনাখন পাতিব লাগে। কিমান খৰচ হ'ব তাতে। ইয়াৰ ৰাইজো নাহে। দূৰণিৰ ৰাইজক মাতিব লাগিব, তাত হ’ব দুগুণ খৰচ। তোক অদৰকাৰত দি থাকিবলৈ ক'ত ইমান টকা- পইচাবোৰ আছে!' সি বেংকৰ টকাবোৰ সৰকোৱা কথাবোৰো কৈ গালি দিবলৈ তাইৰ মন গ’ল, কিন্তু সেইখিনি ক’লে গালিখিনি বেছি হোৱাৰ ভয়ত তাই ধৈৰ্য ধৰি ৰ'ল। পাছদিনা চন্দনে বিপুলক আকৌ ফুচুলালে। বিপুলে বুজিলে, সুকন্যাই দিবলৈ নিদিয়ে। সি ক’লে, ‘বায়েৰক খোজ। ম‍ই নাজানো।' সি আকৌ খোজা দেখি সুকন্যাই ক’লে, ‘ধুমুহাত গোহালিটো ভাগি পৰি আছে দেখিছনে? এইকেইদিনতে সেইটো সাজিব লাগিবই। বৰষুণ অহা নাই কাৰণেহে বাচি আছোঁ। লগতে পানী আহিলেতো তাতেই উঠিবগৈ লাগিব, সেইটো সাজি নল'লে ৰক্ষা নহ'ব। এনেই সাজি দিয়া মানুহ কোনো নাই। কোনে সাজি দিব? ধনবোৰেই সিঁচিব লাগে। দৰকাৰীখিনি তোক সদায় দি আছোঁ, সদায় সদায় এনেকৈ ওপৰঞ্চি খৰচ উলিয়াই থাকিলে নোৱাৰি নহয়। তোক যিকেইটা একদম দৰকাৰী ক, সেইকেইটা দি পঠিয়াম।' সি ভাগৰ টকাখিনি লৈ গ'লগৈ। একমাত্ৰ ভকত ৰূপে ভোলাক নিমন্ত্ৰণ জনাই আনি বিপুলহঁতে বৰ্ষচক্ৰৰ সকামটো পাতিলে। পাছদিনা পুৱা ভোলা আকৌ আহিল, “বিপুল, মোক বিছ টকা এটা দিয়া। ৰাইজক দিবগৈ লাগে।’ ‘ৰাইজক দিবগৈ কিয় লাগে?” “তোমালোকৰ ইয়াত সকাম খোৱা বাবে ৰাইজে কালি ৰাতি মোক দণ্ড বিহিছে। দণ্ড নিদিলে মোৰ ঘৰত কোনো নবহে, এঘৰীয়া কৰিব। '