বিপ্লৱৰ সীলুত উদ্ভূত বীজাণু ১১৯ ‘বতৰটো আন্ধাৰ হৈ আহিছে নহয়, পদুলিটো ভুল কৰিলে কিজানি।' সুকন্যাই ক'লে। “হেহ। ইমান চিনি নাপালে নে?” ‘নেদেখিলে কিজানি ঘৰটো৷ আন্দাজ কৰিব নোৱাৰি চাগে তাতেই সোমাই গ'ল।’ কিছুপৰ শুনি থাকিল সিহঁতে। ‘নাহিল যেতিয়া নাহিলে আৰু! এইটো কাণ্ড যদি কৰিবলৈ হয়, যোৱাবাৰ কিয় আহিছিল? অথনি ৰাতিপুৱা মই কন্দুক লগ পাইছোঁ নহয়, সি নিজেই কৈছে— আজি হ'লেই নহয় বিহু, গধূলি ৰাইজ গৈ আছে। কাইলৈ পুৱা দহটাত যাবই সিহঁত, সিপাৰত বিহু মাৰিবলৈ৷’ অলপ ৰৈ বিপুলে সন্তাপেৰে আকৌ ক’লে,‘নাহে যদি নাই আৰু। এইবোৰ... বস্তুবোৰ ওপৰলৈ উঠাই থৈ দিওঁ।’ ‘ৰ’বচোন নালাগে উঠাব। আহিবও পাৰে। কিজানি তাত সোমোৱাৰ পাছতহে গম পাইছে আমাৰ ঘৰ নহয়। আধা গাই গুচি আহিব নোৱাৰে নহয়। আহিব ইয়ালৈ। এইবাৰ যেনিবা দুঘৰত আৰম্ভ কৰা নিচিনা হ'ব।’ কিন্তু নাহিল। ৰাইজে হুঁচৰি ৰঘু নেওগৰ ঘৰত আৰম্ভ কৰি গুচি গ'ল। ‘বতৰটো বেয়া কাৰণে গুচি গ'ল বা!' সুকন্যাই ক'লে। “ভালকৈ চাওঁচোন, বতৰটো কিমাননো বেয়া!' বিপুলে পিছফালৰ দুৱাৰখন খুলি বাহিৰলৈ গ’ল। ‘বাহিৰত মাত নিদিব, এনেই লাহেকৈ চাই আহক’, সুকন্যাই ক'লে। ‘বতৰ অকণমান আহিছিল, উৰিল। দেৰিকৈহে আহিব।' বিপুল ভিতৰলৈ আহি ক’লেহি। দুয়োটা চিন্তা কৰি বহি ৰ'ল। “চিন্তা কৰি থকাতকৈ নেওগকে সুধি আহোঁ নেকি? কিনো হ’ল গমটো লৈ আহোঁ।’ বিপুলে সুকন্যাক সুধিলে। ‘নালাগে থাকক। ভাল ভাব থকা হ'লে তেওঁ নিজেই আহিলহেঁতেন। ৰাইজে কিবা এটা কৰোঁ বুলিয়েই কৰিছে। নেদেখি তাত সোমোৱা নাই।” ‘সেইটোৱেই হয়। গোসাঁই মানুহ নাথাকিলে, এনেই হ'লে গাঁৱৰ মূৰৰ এঘৰত আৰম্ভ কৰিব। নহ'লে নামঘৰীয়া বা বায়ন কাৰোবাৰ ঘৰতহে আৰম্ভ কৰিব। মাজত ধৰি এওঁৰ ঘৰত আৰম্ভ কৰিবলৈ এওঁতো একো নহয়। তাৰ পৰা ইয়ালৈ আহি আৰম্ভ কৰিছেহি যেতিয়া কিবা এটা গণ্ডগোল কৰিছে।’ ‘আজি বাদ দিয়ক। কাইলৈ ৰাতিপুৱা ৰাইজ সিপাৰলৈ যোৱাৰ আগত কাৰোবাক ভিতৰুৱাকৈ সুধিব লাগিব। বহুলীয়া নকৰিব।’
পৃষ্ঠা:কুলাংগাৰ.pdf/১২৮
অৱয়ব