সৱৰে সোধাৰ ধৰণটো একেটাই। আৰতিয়েও ওলোটাই সুধিব লাগে কাৰণেহে সোধে। গোটেই ল’ৰা-ছোৱালীবোৰক চাই থাকি তাইৰ আমনি লাগে, কেইটামান সৰহকৈ গুচি গৈ সাঁতুৰি-নাদুৰি সময় কটাই আহিলে তাই ভালহে পায়।
সুঁতিটোৰ পাৰত ৰৈ বাবাই মন কৰিলে— কৰঙা, বিৰিণা আৰু ঝাঁওৰে ভৰ্তি হাবিখন এইকণত ঠেক, পশ্চিমলৈ গাঁওখনৰ পৰা দূৰত্ব বাঢ়ি গৈ আছে, যেন সুঁতিটোৰ সোঁতে টানি টানি ৰবৰৰ দৰে বহল কৰি নি আছে হাবিখনক। সোঁতে সোঁতে তাৰ চকু গৈ সিপাৰ পালেগৈ। বেছি দূৰত নহয় সিটো পাৰ। গছেৰে ভৰা এখন হাবি স্পষ্টকৈ তাৰ চকুত পৰিল৷ গছ-গছনিৰ ইমান এখন হাবি সি ইয়াত ক'তো কোনোদিন দেখা নাছিল৷ তাৰ
মাটিটো এইপাৰতকৈ দ আৰু খলা-বমা, এতিয়াও কোনো ঠাইত পানী জমা হৈ থকা যেন
লাগিছে। মাজে মাজে ওখ ওখ থিয় ঘাঁহ, কোনো ঠাইত হাওলি আগবোৰ পানীত লাগিছে।
বাৰিষা উটি অহা ডাল নে তাতেই ভগা ডাল কিছুমান কোনোবা জোপা গছৰ গুৰিত
ঠেকা খাই পৰি আছে, কিছু অংশত পলসৰ চেকা গুচা নাই। খৰালি এটা পাৰ হোৱাৰ চিন
হাবিখনত নাই। ইমান ঘন হাবিখন, ৰ’দত আইনাৰ দৰে বগাকৈ জিলিকি থকা সোঁত পাৰ
হৈ ডাঠ সেউজীয়াৰ মাজলৈ সোমাই গ’লে ভিতৰখন যেন এন্ধাৰ, মানুহ সোমালে যেন
ওলাই আহিবই নোৱাৰিব। ওপৰলৈ প্ৰতিটো আগে আগে কুঁহিপাত ওলাইছে। পানী
পৃষ্ঠখনতকৈও উজ্জ্বলকৈ গোটেই হাবিখনৰ ওপৰভাগ সেউজীয়াকৈ জিলিকি উঠিছে।
বসন্ত অহাৰ উমানটো সি এতিয়াহে পালে। মহাকাশ-বিজ্ঞানীয়ে দূৰবীণেৰে নতুনকৈ
আৱিষ্কাৰ কৰা গ্ৰহ এটালৈ বিষ্ময়াভিভূত হৈ চাই থকাৰ দৰে সি হাবিখনলৈ চাই থাকিল।
ল’ৰা এটাই চোলা-পেণ্ট খুলি শৌচ কৰি আহি দৌৰি সুঁতিটোত ধোবোং কৰিলে। বাবাই
চক খাই গ’ল, সি শব্দটোৰ ফালে চালে, ল’ৰাটোৱে ভৰি-হাত কোবাই কোবাই সোঁতৰ
বিপৰীতে সাঁতোৰা আৰম্ভ কৰিছে। ‘ঐ, তই গ’লিয়েই!' —চিঞৰ মাৰি কৈ আন এটাই
পটাপট চোলা-পেণ্টযোৰ গাৰ পৰা খহাই পেলালে, সি তেনেই উদং হৈ পৰিল। বাবাই
দেখিলে—এটাৰো লাজ-চাজ নাই। ল’ৰাটো পোচাকযোৰৰ পৰা অকণমান পিছুৱাই গ’ল,
অকস্মাতে কৰাদি তীব্ৰ গতিৰে দৌৰ এটা দি সিও পানীলৈ জপিয়াই দিলে৷ “ৰ ঐ!’বিহুৰ
নতুন পোচাক যোৰ পিন্ধি গপচত খোজ দিয়া দৰে নাঙঠ এটাই হাবিৰ পৰা চিঞৰ মাৰি
গহীন খোজেৰে ওলাই আহিল। তাৰ সঁচাকৈ বৰকৈ শৌচ কৰিব লাগিছিল, খালী হোৱা
পেটটোৰ সুখ উপভোগ কৰি তাৰ শেষ হোৱাই নাই। ৰৈ নাথাকি সিও দৌৰ মাৰি জঁপিয়াই
দিলে। পুখুৰীৰ পাৰত খোজ পৰিলে সোঁৱে-বাঁৱে এজাক ভেকুলীয়ে পানীলৈ জাপ দিয়া
দৰে বাবাক মাজতে ৰখাই বাকী গোটেইকেইটাই ধোবোং ধোবোং কৰিলে।
‘তুমি সাঁতুৰিব জানানে?' এটাই পানীৰ পৰা বাবাক সুধিলে।
‘নাজানো।’
‘ময়ো অলপ অলপহে পাৰিছোঁগৈ। মই কাষতে থাকিম, আহা।’
পৃষ্ঠা:কুলাংগাৰ.pdf/১২৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু