বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু
“মহন্ত ছাৰৰ আতাকৰ লগত ব্ৰিটিছৰ দিনৰ কেইবাটাও বন্দুক আছিল। এটা-দুটা নহয়, তিনি-চাৰিটা। আমি জন্ম হোৱাৰে পৰা শুনি আহিছোঁ। আগৰ সত্ৰাধিকাৰ মানেই ক্ষমতাশালী মানুহ! আতাক কম সাহসী আছিল নে! ক’ৰ পৰা আহিব সাহসটো? অতীজৰ সত্ৰাধিকাৰে ঘৰত ব্ৰিটিছৰ বন্দুক গোটাই ৰাখিছিল, সেইবোৰেই লৈ যুদ্ধ কৰা নাছিল জানো? দেশ স্বাধীন হোৱাৰ লগে লগে গুপুত ঠাই উলিয়াই পুতি দিলে। আতাকহঁতে বহু পাছতহে পুতিছে, আমি জন্ম হোৱা সময়ত। আতাকে পুতেকক সম্পত্তিৰ ভাগ নিদিলেও—বাপেক-পুতেকৰ চেনেহটো বেলেগ, যি হ’লেও তেজৰ সম্পৰ্ক— অন্ততঃ দুটামান বন্দুক দি পঠিয়াইছে। নহ’লে অঁকৰা মানুহটোৱে কি সাহসত দুটা চাপৰিত অকলে অকলে আছিল! বা আমিয়েই লাগি থকা দেখিও ভয় খাই হাৰ মনা নাই কিয়!’ হাতৰ তাচপাত নিৰীক্ষণ কৰি ৰাজীৱে ধনীৰাম আৰু কুমৰক ক’লে, একাষে আন এটা মানুহ। ৰাজীৱৰ সন্দেহটো কেইবাদিনো শুনি শুনি সিহঁতৰ মনতো গাঢ় হৈছে। ৰাজীৱে ইয়াতো নিজৰ ঘৰত সংগঠনৰ ল’ৰা এটা ৰাখিবলৈ লৈছে, আগৰটো মৰিল, এইটোক সি নিজেই মাতি ঘৰ লগাই লৈছে, অকল মানুহে ভয় কৰিবলৈকে। কিন্তু বেচেৰা ল'ৰাটোৰ হাতত বন্দুক নাই। তাৰ লগতে চাহ-ভাত খাবলৈ অহা আন এটা ল'ৰাৰ হাতে-সজা বন্দুকটো ৰাজীৱে চলাই চাইছে, কিন্তু
উন্নত নহয়। ৰাজীৱৰ ধাৰণা হৈছে, বিপুলৰ হাতত থকা বন্দুককেইটা ডাঙৰ, পুৰণি যদিও উন্নত, সেইকেইটা কেনেবাকৈ সৰকাব পাৰিলে সি ভালকৈ ৰাজত্ব কৰিব পাৰিব, তালৈ সমীহ কৰিবলৈ কোনো মানুহেই বাদ পৰি নাথাকিব। আগলৈ আহিব যেন লগা নিজৰ প্ৰতাপী ৰূপ এটা সি দেখিবলৈ লৈছে। বন্দুককেইটা ৰখা ৰহস্যময় স্থানটো উলিওৱাৰ এটা উপায়ো সি দেখা পালে।
ৰাতিপুৱা বাবা স্কুললৈ যাওঁতে ৰাজীৱে ঘৰলৈ মাতি বিস্কুট খুৱাই ফুচুলাই সুধিলে, “তোমালোকৰ বন্দুককেইটা তুমি উলিয়াই চোৱানে নাই? অকল বাবাহঁতে চোৱে নে তুমিও চোৱা? হাতত লৈ বৰ ভাল লাগে হয়নে?’ বেলেগ গ্ৰহৰ প্ৰাণীয়ে কথা সোধাৰ দৰে বাবাই বুজি নাপাই মুখ মেলি ৰৈ থাকিল।